গুৱাহাটী: সাংসদ গৌৰৱ গগৈৰ পত্নী এলিজাবেথ ক'লবাৰ্ণ গগৈক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ পাছতে কেবিনেটৰ সিদ্ধান্ত অনুসৰি পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰ বিৰুদ্ধে অসম আৰক্ষীয়ে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।
গোচৰ ৰুজু কৰি এছ আই টিয়ে তদন্ত অব্যাহত ৰখাৰ সময়তে বিষয়টো সন্দৰ্ভত পুনৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ।
বৃহস্পতিবাৰে দিছপুৰৰ লোক সেৱা ভৱনত এখন সংবাদমেল সম্বোধন কৰি সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রীয়ে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰে । মুখ্যমন্ত্রীয়ে কয়,"এছ আই টিয়ে পাকিস্তানী নাগৰিক আলী তৌকীৰ শ্বেখৰ ভাৰত বিৰোধী গতিবিধি আৰু তেঁওৰ লগত ব্যক্তিবিশেষৰ সম্পৰ্কৰ তদন্ত কৰি আছিল । তদন্তৰ কালত ব্যক্তিবিশেষে ভাৰতত চাকৰি কৰিও পাকিস্তানৰ পৰা দৰমহা লোৱা তথা সম্পৰ্ক ৰক্ষা কৰাৰ তথ্য জব্দ কৰিছে । বিগত এটা মাহ ধৰি এছ আই টিয়ে দিল্লী, আহমেদাবাদ, পাঞ্জাৱকে ধৰি বিভিন্ন চহৰ ভ্ৰমণ কৰি বিষয়টোৰ গভীৰতালৈ গৈ তদন্ত কৰিছে ।"
মুখ্যমন্ত্ৰী শৰ্মাই লগতে কয়, "ছেপ্টেম্বৰ মাহৰ ভিতৰত এই তদন্তৰ সামৰণি মাৰিবলৈ আমি এছ আই টিক নিৰ্দেশ দিছো । ছেপ্টেম্বৰ মাহত আমি অনুমান কৰিব পাৰিম যে এই বিশেষ গোচৰটো এন আই এলৈ দিব লাগে নে নালাগে । আনহাতে কাৰোবাৰ ভিছা বাতিল কৰিবৰ বাবে ভাৰত চৰকাৰক অনুমোদন জনাব লাগে নে নালাগে সেই কথাও জানিব পাৰিম । লগতে ইণ্টাৰপ'লৰ জৰিয়তে আলী তৌকীৰ শ্বেখৰ নামত এৰেষ্ট ৱাৰেণ্ট জাৰি কৰিব লাগে নে নালাগে সেই কথাও জানিব পাৰিম ।"
ইয়াৰোপৰি হিমন্ত বিশ্ব শৰ্মাই কয়, "কিন্তু এতিয়ালৈকে আমি যিখিনি তথ্য লাভ কৰিছো তাৰ পৰা প্ৰথমতে সন্দেহ কৰাতকৈ আমি বহু গভীৰ আৰু ভয়ংকৰ সম্পৰ্কৰ সন্ধান পাইছো । সময়ত আমি এছ আই টিৰ প্ৰতিবেদন কেবিনেটত অনুমোদন জনোৱাৰ পাছত আমি সংবাদ মাধ্যমৰ সন্মুখলৈ আনিব পাৰো নাইবা ভাৰত চৰকাৰলৈ পঠাব পাৰো । আমি ৩০ ছেপ্টেম্বৰৰ ভিতৰত এই তদন্তৰ সামৰণি মাৰিম ।"