শেখৰজ্যোতি-শ্যামকানু-সিদ্ধাৰ্থৰ ঘৰত এছ আই টিৰ অভিযান: গ্ৰেপ্তাৰ ভিক্টৰ দাস-অজয় ফুকন
ধীৰেণপাৰাত আক্ৰমণাত্মক উত্তেজিত জনতা ৷ সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ সন্মুখত উত্তপ্ত পৰিস্থিতি ৷

Published : September 25, 2025 at 9:40 PM IST
গুৱাহাটী: অসমীয়াৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুক লৈ সৃষ্টি হোৱা ৰহস্য উদঘাটন কৰাৰ বাবে গঠন কৰা চি আই ডিৰ বিশেষ তদন্তকাৰী দলে বৃহস্পতিবাৰে পুৱাৰে পৰা ব্যাপক অভিযান চলায় । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি বিশেষ আৰক্ষী সঞ্চালকপ্ৰধান মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত গঠন কৰা ৯ জনীয়া তদন্তকাৰী দলটোৱে আজিৰে পৰা জোৰদাৰ অভিযান আৰম্ভ কৰে ।
বৃহস্পতিবাৰে পুৱাৰ ভাগত গুৱাহাটীৰ গীতানগৰৰ কাৰ্বি পথত থকা শ্যামকানু মহন্তৰ বাসগৃহত আৰক্ষীৰ এটা বৃহৎ দল লৈ এছ আই টিয়ে তদন্ত কৰে । এছ আই টিৰ মুখ্য তদন্তকাৰী বিষয়া তথা জ্যেষ্ঠ আৰক্ষী অধীক্ষক ৰ'জী কলিতাৰ নেতৃত্বত যোৱা দলটোৱে শ্যামকানু মহন্তৰ ঘৰত তালাচী চলায় ।
ইফালে তদন্তকাৰী দলটো অহাৰ পূৰ্বৰে পৰাই শ্যামকানু মহন্তৰ বাসগৃহৰ বাহিৰত আৰু কাৰ্বি পথত চি আৰ পি এফৰ উপস্থিতিত গঢ়ি তোলা হয় কটকটীয়া নিৰাপত্তা ব্যৱস্থা । কিন্তু তাৰপাছতো বহুসংখ্যক জুবিনপ্ৰেমীয়ে শ্যামকানু মহন্তৰ ঘৰৰ বাহিৰত সমবেত হৈ ক্ষোভ প্ৰকাশ কৰে । বহুতে ঘৰত প্ৰৱেশৰো চেষ্টা কৰে । অৱশ্যে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে কাৰণ যি কোনো সময়ত পৰিস্থিতি বেয়া হ'ব পাৰে । কটকটীয়া নিৰাপত্তা ব্যৱস্থাৰ মাজতে স্থানীয় মহিলাই আহি শ্যামকানু মহন্তৰ বাসগৃহৰ সন্মুখত তেওঁক গ্ৰেপ্তাৰ কৰাৰ লগতে জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি সাব্যস্ত কৰে প্ৰতিবাদ ।
স্থানীয় ৰাইজে অভিযোগ কৰি কয়, ‘‘সাত দিন ধৰি শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা পলাই আছে । তেওঁলোকক নাঙঠ কৰি চোঁচৰাই আনিব লাগিব । কেৱল তদন্ত দিলেই নহ'ব । শাস্তি হ'বই লাগিব । চৰকাৰে গ্ৰেপ্তাৰ কৰিব নোৱাৰিলে নেপালৰ দৰে দৌৰাই দৌৰাই তেওঁলোকক মৰা হ'ব । চৰকাৰে নোৱাৰিলে আমি কৰিম । জুবিন দাৰ যিমান সম্পত্তি নাই, তাৰ বহু বেছি সম্পত্তি এই দালালবোৰৰ আছে ।’’
ইফালে আজি শ্যামকানু মহন্তৰ বাসগৃহৰ সন্মুখত কৰ্তব্যৰত অৱস্থাতে এজন আৰক্ষী (আই টি বি পি) ৰ জোৱানে উপস্থিত ৰাইজৰ সৈতে 'জয় জুবিন দা' বুলি শ্ল'গান দি জুবিন গাৰ্গৰ প্ৰতি থকা নিজৰ প্ৰেম-ভালপোৱা দাঙি ধৰে । আবেগিক হৈ জোৱানজনে এনেদৰে শ্লোগান দিয়ে । জোৱানজনে অত্যন্ত আবেগিক হৈ কয়, ‘‘আমাৰ জুবিন দাক যিদৰে লৈ গৈছিল সেইদৰে ঘূৰাই নানিলে । জুবিন দাক অসমবাসীয়ে ভাল পাই, ময়ো ভালপাওঁ । বহুত দুখ লাগিছে । যিজনে লৈ গৈছিল তেওঁ শাস্তি পাবই লাগিব । অসম চৰকাৰে কৰি আছে আৰু কৰিবই । মই জুবিন দাৰ কাৰণে মৰিব পাৰো ।’’

আনহাতে আজি এছ আই টিয়ে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত অভিযান চলায় । জুবিন গাৰ্গৰ মৃত্যুৰ তদন্তৰ বাবে গুৱাহাটীৰ মানপাৰাস্থিত অৰ্কিড হিলভিউ এপাৰ্টমেণ্টত থকা সিদ্ধাৰ্থ শৰ্মাৰ ফ্লেটত এছ আই টিয়ে অভিযান চলায় । দীৰ্ঘসময় অভিযান চলাই এছ আই টিৰ বৃহৎ দলটোৱে বহু গুৰুত্বপূৰ্ণ নথিপত্র আৰু এটা লেপটপ জব্দ কৰে । দণ্ডাধীশৰ উপস্থিতিত এছ আই টিৰ দলটোৱে তলা ভাঙি সিদ্ধাৰ্থ শৰ্মাৰ ঘৰত প্ৰৱেশ কৰি অভিযান চলায় কাৰণ ঘৰটোত সেই সময়ত কোনো নাছিল । এপাৰ্টমেণ্টটোৰ তৃতীয় মহলাত সিদ্ধাৰ্থ শৰ্মাৰ ঘৰ । ইফালে সিদ্ধাৰ্থ শৰ্মাৰ ঘৰৰ সন্মুখত বহুসংখ্যক জুবিনপ্ৰেমী সমবেত হয় । সকলোৱে ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে । আনকি উত্তেজিত জনতাই আৰক্ষীৰ বাধা নেওচি এপাৰ্টমেণ্টৰ গেট খুলি ভিতৰত প্ৰৱেশৰ চেষ্টা চলায় ৷
পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উক্ত স্থানত বহু সংখ্যক নিৰাপত্তাৰক্ষী মোতায়েন কৰা হয় । হাজাৰ হাজাৰ লোক সমবেত হৈ জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি প্ৰতিবাদ সাব্যস্ত কৰে । ৰাইজৰ প্ৰতিবাদৰ মাজতে এছ আই টিৰ দলটোৱে অভিযান চলাই ওলাই যোৱাৰ সময়ত উত্তেজিত ৰাইজে শিল দলিয়াই প্ৰতিবাদ সাব্যস্ত কৰে । এই ঘটনাত আৰক্ষীৰ বাহনো ক্ষতিগ্ৰস্ত হৈছে । এক কথাত উত্তেজিত জনতাই তদন্তকাৰী দলটোকে আক্ৰমণৰ লক্ষ্য কৰি লয় ।
প্ৰতিবাদকাৰীসকলৰ মাজত ভিক্টৰ দাসক দেখিবলৈ পোৱা যায় । পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ আৰক্ষীয়ে লাঠিচালনা কৰিবলৈ বাধ্য হয় । একপ্ৰকাৰ ৰণক্ষেত্রত পৰিণত হয় সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সন্মুখভাগ । উত্তেজিত জনতাই শীঘ্ৰে সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰৰ দাবী জনাই উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । আনহাতে এই ঘটনাৰ পিছত আৰক্ষীয়ে অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ অভিযোগত গ্ৰেপ্তাৰ কৰে ভিক্টৰ দাস আৰু অজয় ফুকনক ।

এপাৰ্টমেণ্টটোৰ আবাসীয়ে জনোৱা মতে জুবিন গাৰ্গৰ মৃত্যুৰ তিনিদিনৰ পাছতেই সিদ্ধাৰ্থ শৰ্মাৰ মাতৃ, ভাতৃ আৰু ভগ্নীয়ে ফ্লেট এৰি গুচি গৈছিল । ২০১৯ চনৰ পাছত ফ্লেটলৈ আহিছিল সিদ্ধাৰ্থ শৰ্মা আৰু পৰিয়ালটো । তৃতীয় মহলাৰ 3A নম্বৰ ফ্লেটত আছিল সিদ্ধাৰ্থ শৰ্মাৰ পৰিয়াল । হাজাৰ হাজাৰ লোকৰ প্ৰতিবাদত উত্তাল হৈ পৰে সমগ্ৰ এলেকাটো । নিশা বাঢ়ি অহাৰ লগে লগে জনসমাগম আৰু বৃদ্ধি পাইছে ৷ সকলোৱে ভাবিছে যে সিদ্ধাৰ্থ শৰ্মা ঘৰটোত আছে ।
বৃহস্পতিবাৰে এছ আই টিৰ দলটোৱে গুৱাহাটীৰ গাড়ীগাঁৱত জুবিন গাৰ্গৰ বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীৰ ঘৰতো অভিযান চলায় । অভিযানকালত দলটোৱে তেওঁক জেৰা চলায় । উল্লেখ্য যে জুবিন গাৰ্গৰ ছিংগাপুৰ ভ্ৰমণৰ অন্যতম সংগী আছিল বাদ্যযন্ত্ৰ শিল্পী শেখৰজ্যোতি গোস্বামী । এছ আই টিয়ে ঘৰটোত অভিযান চলাই গোস্বামীক সোধ-পোছ কৰাৰ পিছত সেই স্থান পৰিত্যাগ কৰে । অভিযানকাৰী দলটোৱে শ্যামকানু মহন্তৰ বাসগৃহৰ পৰাও কেতবোৰ নথিপত্ৰ জব্দ কৰে ৷
উল্লেখ্য যে, ছিংগাপুৰত সাগৰত য়ট ভ্ৰমণত সংগী আছিল শেখৰজ্যোতি গোস্বামী । অসমলৈ ঘূৰি আহি জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বহু বিস্ফোৰক মন্তব্য কৰিছিল শেখৰজ্যোতি গোস্বামীয়ে । তদন্তকাৰী গোটে এই অভিযানৰ অন্তত সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্ত উভয়ৰে বাসগৃহ দুটা ছীল কৰে ৷

জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায় বিচাৰি ৰাজ্য উত্তাল হৈ থকাৰ সময়তে মুখ্যমন্ত্রীৰ নিৰ্দেশত এছ আই টিয়ে একচন মুডত অভিযান আৰম্ভ কৰিছে ।
ভিক্টৰ দাস আৰু অজয় ফুকনক গ্ৰেপ্তাৰ
ইফালে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে ভিক্টৰ দাস আৰু অজয় ফুকনক । আৰক্ষীৰ ওপৰত আক্ৰমণৰ অভিযোগত গ্ৰেপ্তাৰ দুয়োজনক । সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ পৰা এছ আই টিৰ দল ওলাই যোৱা পাছতে ভিক্টৰ দাস আৰু অজয় ফুকনে উচতনিমূলক কাৰ্যত লিপ্ত হোৱাৰ অভিযোগ উত্থাপন হৈছে । অভিযোগ অনুসৰি ভিক্টৰ দাস আৰু অজয় ফুকনে সিদ্ধাৰ্থ শৰ্মাৰ বাসগৃহৰ সমুখত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাত একাংশই আৰক্ষীলৈ শিল দলিয়াইছিল । পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে আৰক্ষীয়ে লাঠিচালনা কৰিছিল । যাৰ বাবে আৰক্ষীয়ে দুয়োজনকে গ্ৰেপ্তাৰ কৰে ।
লগতে পঢ়ক: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে আই পি এছ মুন্নাপ্ৰসাদ গুপ্তাৰ নেতৃত্বত SIT গঠন

