ETV Bharat / state

এজনৰ পিছত আন এজনক জেৰা SIT ৰ, দ্বিতীয়বাৰৰ বাবে জেৰাৰ সন্মুখীন সন্দীপন গাৰ্গ

চি আই ডিৰ কাৰ্যালয়লৈ ইজনৰ পিছত সিজন । জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈৰ পৰা দিল্লীস্থিত সাংবাদিক সাৰস্বত গোস্বামীলৈ । খবৰ ল'বলৈ আহিল শ্য়ামকানু মহন্তৰ মাতৃ-পত্নী ।

SIT interrogated senior journalist Pranay Bordoloi and others
ইজনৰ পিছত সিজনক জেৰা চলাইছে SIT এ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 4, 2025 at 8:16 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত কেতবোৰ চাঞ্চল্যকৰ তথ্য পোহৰলৈ অহাৰ পিছতেই ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইফালে তীব্ৰতৰ হৈছে SIT ৰ তদন্ত প্ৰক্ৰিয়া । প্ৰতিদিনেই ইজনৰ পিছত সিজনক তলব কৰা হৈছে চি আই ডিৰ কাৰ্যালয়লৈ । ছিংগাপুৰত থকাসকলক পৃথকে পৃথকে মাতি নি চলাইছে জেৰা ।

ইয়াৰ মাজতে চি আই ডিয়ে জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যু সংঘটিত হোৱাৰ দিনটোত ছিংগাপুৰত উপস্থিত থকা জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈ আৰু দিল্লীস্থিত সাংবাদিক সাৰস্বত গোস্বামীক আজি জেৰা চলোৱাৰ লগতে জুবিন গাৰ্গৰ সহযোগী গায়িকা ছুইটি দাসকো জেৰা চলাই চি আই ডিয়ে । জুবিন গাৰ্গৰ মৃত্যুৰ পিছত সামাজিক মাধ্যম যোগে ছুইটিয়ে জুবিন গাৰ্গৰ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মাৰ বিৰুদ্ধে কেতবোৰ অভিযোগ উত্থাপন কৰিছিল ।

SIT ৰ জেৰাৰ সন্মুখীন প্ৰণয় বৰদলৈ (ETV Bharat Assam)

চি আই ডি কাৰ্যালয়ত উপস্থিত হৈ জ্যেষ্ঠ সাংবাদিক প্ৰণয় বৰদলৈয়ে কয়, "সাক্ষ্য গ্ৰহণৰ বাবে মোক মাতিছে । ছিংগাপুৰত মই কি দেখিছোঁ সেই কথাখিনি ক'ম । মই সততাৰে সাংবাদিকতা কৰি আহিছোঁ । জুবিন মোৰ ৩০ বছৰ ধৰি চিনাকী । জুবিনক ন্যায় প্ৰদানত সহায় কৰিম । এই ঘটনাৰ লগত জড়িত সকলোকে কঠোৰ শাস্তি প্ৰদান কৰক ।"

একেদৰে চি আই ডি কার্যালয়ত জেৰাৰ সন্মুখীন হৈছে দিল্লীস্থিত সাংবাদিক সাৰস্বত গোস্বামী । জুবিন গাৰ্গৰ মৃত্যুৰ বাতৰি পাই সংবাদ সংগ্ৰহৰ বাবে ছিংগাপুৰলৈ গৈছিল সাৰস্বত । তেতিয়া ছিংগাপুৰত কি কি দেখিছিল সাৰস্বতে, এই সন্দর্ভতো SIT এ সাৰস্বতক সোধা-পোছা কৰে ।

আনহাতে শনিবাৰে পুনৰ SIT ৰ জেৰাৰ সন্মুখীন হয় জুবিন গাৰ্গৰ ভাতৃ তথা DSP সন্দীপন গাৰ্গ । দ্বিতীয়বাৰৰ বাবে সন্দীপন গাৰ্গে SITৰ জেৰাৰ সন্মুখীন হয় শনিবাৰে । তাৰ মাজতে চি আই ডি কার্যালয়ত শনিবাৰে দেখা গ'ল আন এক দৃশ্য । আৰক্ষীৰ জিন্মাত থকা জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ মূল অভিযুক্ত হিচাপে বিবেচিত শ্যামকানু মহন্তৰ খবৰ ল'বলৈ চি আই ডি কাৰ্যালয়ত উপস্থিত হয় মহন্তৰ মাতৃ আৰু পত্নী ।

লগতে পঢ়ক: উচ্চতম ন্যায়ালয়ত শ্যামকানু মহন্তৰ লেখ আবেদন: কি কয় বিশিষ্ট অধিবক্তা নেকিবুৰ জামানে ?

জুবিন এক ঐশ্বৰিক শক্তি: শ্ৰদ্ধাঞ্জলি জনাই সাধু বাবায়ো ক'লে