গৰিমা শইকীয়া গাৰ্গ আৰু পামী বৰঠাকুৰৰ ভাষ্য ল'লে এছ আই টিয়ে
জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গৰিমা শইকীয়া গাৰ্গৰ হাতত এছ আই টিয়ে অৰ্পণ কৰে যদিও তদন্তৰ খাতিৰত তেওঁ সেয়া এছ আই টিক ওভতাই দিয়ে ।

Published : October 4, 2025 at 2:12 PM IST
গুৱাহাটী: জুবিন গাৰ্গৰ মৃত্য়ুৰ প্ৰকৃত কাৰণ জানিবলৈ সকলো উৎসুক হৈ পৰিছে । প্ৰাণৰো প্ৰাণ জুবিন গাৰ্গৰ মৃত্য়ুৰ ঘটনাক ৰাইজে সহজভাৱে ল'ব পৰা নাই । এতিয়া সেইবাবে সকলোৱে অপেক্ষা কৰিছে মৰমৰ শিল্পীগৰাকীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনলৈ । এই অপেক্ষাৰ মাজতেই জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন গৰিমা শইকীয়া গাৰ্গৰ হাতত এছ আই টিয়ে অৰ্পণ কৰে যদিও তদন্তৰ খাতিৰত তেওঁ সেয়া এছ আই টিক ওভতাই দিয়ে ।
এছ আই টিৰ তদন্তকাৰী বিষয়া মৰমী দাসে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত হোৱা মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন আজি (শনিবাৰ) জুবিন গাৰ্গৰ কাহিলিপাৰাস্থিত বাসগৃহত পত্নী গৰিমা শইকীয়া গাৰ্গৰ হাতত অৰ্পণ কৰে । ইয়াৰ পিছতেই এছ আই টিৰ তদন্তকাৰী বিষয়া মৰমী দাসে সাংবাদিকক কয়,"মই গৰিমা বাইদেউ আৰু পামী বৰঠাকুৰৰ ভাষ্য় গ্ৰহণ কৰিলো । তদন্ত চলি থকা বাবে মই এতিয়া ইয়াতকৈ বেছি মন্তব্য় কৰিব নোৱাৰো ।"
এতিয়া গৰিমা শইকীয়া গাৰ্গে জুবিন গাৰ্গৰ মৃত্যুৰ প্ৰতিবেদন ৰাজহুৱা কৰিব নে নকৰে সেয়া পৰৱৰ্তী সময়ত লক্ষ্যণীয় হ'ব । উল্লেখ্য যে ছিংগাপুৰ আৰক্ষীয়ে ইতিমধ্যে প্ৰেৰণ কৰা জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন বৃহস্পতিবাৰে গৰিমা শইকীয়া গাৰ্গৰ হাতত জমা দিয়া হৈছে বুলি শুকুৰবাৰে ফেচবুক লাইভ যোগে উল্লেখ কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শর্মাই ।
আনহাতে অসম আৰক্ষীয়ে শনিবাৰে গৰিমা শইকীয়া গাৰ্গৰ হাতত গুৱাহাটীৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন দাখিল কৰিব বুলি তেওঁ উল্লেখ কৰিছিল । অৱশ্যে অসম আৰক্ষীৰ প্ৰতিবেদনখন গৰিমা শইকীয়া গাৰ্গে ৰাজহুৱা কৰিব নে নাই, সেয়া তেওঁৰ ওপৰত নিৰ্ভৰ কৰিছে বুলিও মন্তব্য কৰিছিল মুখ্য়মন্ত্ৰীগৰাকীয়ে । আনহাতে জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত বহু চাঞ্চল্যকৰ তথ্য পোহৰলৈ আহিছে । জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰ গোস্বামীয়ে আৰক্ষীৰ জেৰাত কেতবোৰ চাঞ্চল্যকৰ তথ্য প্ৰকাশ কৰিছে ।
ইপিনে, গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বৰ্তমানৰ এগৰাকী ন্যায়াধীশৰ নেতৃত্বত শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ ন্যায়িক তদন্ত হ'ব । ন্যায়াধীশ সৌমিত্র শইকীয়াৰ অধ্যক্ষতাত আজি ৰাজ্য চৰকাৰে গঠন কৰি দিয়ে এখন ন্যায়িক তদন্ত আয়োগ । গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশৰ অনুমোদনক্রমে ন্যায়িক অয়োগখনৰ দায়িত্ব প্ৰদান কৰা হৈছে ন্যায়াধীশ শইকীয়াক ।

