ETV Bharat / state

ছিপাঝাৰৰ সত্তৰোৰ্ধ্বৰ দম্পতীৰ চৰম সিদ্ধান্ত: কি কয় শংকৰ সংঘই ?

বৃদ্ধ দম্পতীৰ মৃত্যুৰ কাৰণ ধৰ্মীয় নে আন কিবা সেয়া আজিও ৰহস্যৰ মাজত । ইয়াৰ মাজতে শঙ্কৰ সংঘৰ প্ৰতিক্ৰিয়া ।

sipajhar couple last decision
কিয় ল'লে এনে সিদ্ধান্ত ! (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 5, 2025 at 7:43 PM IST

4 Min Read
Choose ETV Bharat

মঙলদৈ: বুধবাৰে দৰং জিলাৰ ছিপাঝাৰৰ দেওমৰনৈৰ গড়গড়ী গাঁৱৰ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্তৰ কাৰণ আজিও ৰহস্যৰ আৱৰ্তত আছে । সত্তৰোৰ্ধ্বৰ দম্পতীটোক বুধবাৰে পুৱা শোৱাপাটীতে ৰহস্যজনকভাৱে মৃত অৱস্থাত উদ্ধাৰ কৰে পৰিয়াল তথা স্থানীয় ৰাইজে । কিন্তু তেওঁলোকে কিয় এই সিদ্ধান্ত গ্ৰহণ কৰিলে সেই লৈ এতিয়াও চৰ্চা চলি আছে ।

একাংশই এই ঘটনাৰ আঁৰত তেওঁলোকৰ একাকীত্বৰ কাৰণ বুলি উল্লেখ কৰিলেও আন একাংশই শঙ্কৰ সংঘৰ দিশে অভিযোগৰ আঙুলি টোঁৱায় । কাৰণ শঙ্কৰ সংঘৰ শৰণ লোৱা পৰিয়ালটোৱে স্থানীয় শাক্তধৰ্মীৰ মন্দিৰত গৈ জেঠমহীয়া সকামত অংশগ্ৰহণ কৰিছিল । সেই কাৰণেই তেওঁলোক শঙ্কৰ ৰোষত পৰা বুলি একাংশই অভিযোগ কৰে ।

শঙ্কৰ সংঘৰ প্ৰতিক্ৰিয়া (ETV Bharat Assam)

এই ঘটনাক লৈ প্ৰত্যক্ষভাৱে নহ'লেও শঙ্কৰ সংঘৰ হেঁচাত এনে হ'বলৈ পালে বুলিও প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । বহুতৰে অভিযোগ, শঙ্কৰ সংঘৰ কিছুমান নীতিৰ কাৰণেই বৃদ্ধ দম্পতীটোৱে অকালতে জীৱন শেষ কৰি দিলে নেকি ? আনহাতে, দম্পতীটোৰ নাতিনীয়েকেও সংবাদ মাধ্যমৰ আগত মঙলবাৰে নিশা মন্দিৰৰ পৰা আহি অনুতপ্ত হোৱা বুলি উল্লেখ কৰিছিল । তাৰ পিছতে এই ঘটনা কেনেকৈ হ'বলৈ পালে সেয়া এতিয়া বিভিন্নজনৰ প্ৰশ্নৰ বিষয় হৈ পৰিছে ।

ইপিনে এই প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি বিষয়টো পোনপটীয়াকৈ অস্বীকাৰ কৰিছে স্থানীয় শঙ্কৰ সংঘৰ বিষয়ববীয়াই । তেওঁলোকে কয়, "তেওঁলোক আমাৰ ভজনীয়া সংগী আছিল । তেওঁলোকৰ প্ৰসংগত যিখিনি কথা ওলাই আছে সেইবিলাক একেবাৰে মিছা কথা । তেওঁলোক আমাৰ অশৰণীয়া নামঘৰলৈ যোৱাটো হয় । কিন্তু যোৱাৰ পিছত তেওঁলোক কেতিয়া ঘূৰি আহিল, কেতিয়া সোমাল আমাৰ সংগীয়ে গম নাপায়, একমাত্ৰ ৰাতিপুৱাহে গম পাওঁ । তেনেক্ষেত্ৰত তেওঁলোকৰ ওপৰত কোনো বাধ্যবাধকতা, ব্যৱস্থা গ্ৰহণ কৰাৰ কথা নাহে । অতীততো নাছিল, বৰ্তমানেও নাই বা ভৱিষ্যতেও তেনেকুৱা কঠোৰ ব্যৱস্থা আমাৰ নাই । গড়গড়ী গাঁৱত আমাৰ বহু ফৈদৰ মানুহ আছে । পুথিনেচীয়া ফৈদৰ আছে, শৰ্মা, ভট্ট মানুহ আছে । আমি সকলো এক হৈ থাকো ৷ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান সকলোতে একতাৰ এনাজৰী আছে ।"

আনহাতে, তেওঁলোকৰ মানসিক অৱস্থাৰ প্ৰসংগ উল্লেখ কৰি শঙ্কৰ সংঘৰ স্থানীয় বিষয়ববীয়াই কয়, "তেওঁলোকে নিজে অনুতপ্ত হোৱাৰ লগতে তিনিমাহমান ধৰি মানসিক চাপত থকা আমি লক্ষ্য কৰিছিলোঁ । তেওঁলোকক চিন্তিত থকা দেখা গৈছিল । মানসিকভাৱে ভাঙি পৰা দেখা গৈছিল । ইয়াৰ কাৰণে শ্ৰীমন্ত শঙ্কৰদেৱ সংঘ কোনো কাৰণতে জগৰীয়া নহয় । তেওঁলোক আমাৰ সংবিধান অনুযায়ী অনুতপ্ত হৈছিল, আমি কৰিবলগীয়া নাছিল । বয়োজ্যেষ্ঠ হিচাপে বিশেষ কৰিবলগীয়া নাছিল । আমাৰ কোনো কঠোৰ ব্যৱস্থা নাই । ভুল অপপ্ৰচাৰ কৰাসকলৰ বিৰুদ্ধে আমি সকলোৱে মিলি আইনী ব্যৱস্থা গ্ৰহণৰ সিদ্ধান্ত গ্ৰহণ কৰিছোঁ ।"

উল্লেখ্য যে ঘটনাৰ কাৰণ যিয়ে নহওক, বৃদ্ধ দম্পতীটোৰ কৰুণ বিদায়ত সমগ্ৰ গাঁওখনৰ লগতে জিলাখনতো এতিয়াও চাঞ্চল্যই বিৰাজ কৰি আছে । এক শোকাকুল পৰিৱেশৰ সৃষ্টি হৈছে । লগতে ভৱিষ্যতে এনে কৰুণ ঘটনা আৰু নহওক বুলি সকলোৱে কামনা কৰিছে ।

(যদি আপোনাৰ মনলৈ আত্মহত্যাৰ চিন্তা আহিছে বা আপুনি কোনো বন্ধুৰ বাবে চিন্তিত বা আপোনাক আৱেগিক সমৰ্থনৰ প্ৰয়োজন হৈছে, তেন্তে স্নেহা ফাউণ্ডেশ্যনলৈ ফোন কৰক – ০৪৪২৪৬৪০০৫০ (২৪x৭ উপলব্ধ) বা আইকল, টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল চায়েন্স হেল্পলাইন – ৯১৫২৯৮৭৮২১ সোমবাৰৰ পৰা শনিবাৰলৈ পুৱা ৮ বজাৰ পৰা নিশা ১০ বজালৈ উপলব্ধ ।)

লগতে পঢ়ক :একাকীত্ব নে আন কিবা কাৰণ ? সত্তৰোৰ্ধ্বৰ দম্পতীৰ চৰম সিদ্ধান্তত হতবাক সকলো - SIPAJHAR COUPLE LAST DECISION
লগতে পঢ়ক :নম্ৰতা বৰাৰ মৃত্যুৰ ঘটনাত সাঙোৰ খাইছে এ আই ইউ ডি এফৰ যুৱনেতাৰ নাম: পৰিয়ালে বিচাৰিলে তদন্ত - NAMRATA BORA ACCIDENT CASE