ETV Bharat / state

ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ বাবে এছ আই টিৰ পৰা বিচাৰিছে তথ্য : মুন্না প্ৰসাদ গুপ্তা

মৰণোত্তৰ পৰীক্ষা ৰাজহুৱা কৰা হ'ব ভুল খবৰ ওলাইছে বুলি স্পষ্ট কৰিলে বিশেষ তদন্তকাৰী গোটৰ মুৰব্বীয়ে ।

ZUBEEN GARG DEATH INVESTIGATION
জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত বিশেষ সঞ্চালক প্ৰধান (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : October 13, 2025 at 5:55 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত ছিংগাপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে । ছিংগাপুৰ আৰক্ষীয়ে তদন্তৰ বাবে এছ আই টিৰ পৰা বিচাৰিছে তথ্য । ইতিমধ্যে সেই তথ্য এছ আই টিয়ে প্ৰদান কৰিছে বুলি মন্তব্য কৰিছে বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী তথা বিশেষ সঞ্চালক প্ৰধান মুন্না প্ৰসাদ গুপ্তাই ।

সোমবাৰে সংবাদ মাধ্যমৰ আগত এই বিষয়ে উল্লেখ কৰি মুন্না প্ৰসাদ গুপ্তাই কয়, "ছিংগাপুৰত গৈ তদন্তৰ বাবে আমি মিউচুৱেল লিগেল ৰিকুৱেষ্ট যোগে অনুমতি বিচাৰিছো । ৩০ ছেপ্টেম্বৰত সেই প্ৰস্তাৱ ছিংগাপুৰ এট’ৰ্ণি জেনেৰেলৰ কাৰ্যালয়ে পাইছে । তেওঁলোকে অনুমতি দিলেই ছিংগাপুৰলৈ যাবলৈ আমি সাজু আছো । আমি আশাবাদী যে তেওঁলোকৰ পৰা ইতিবাচক সঁহাৰি পাম । আমাক তদন্তৰ বাবে যিখিনি তথ্যৰ প্ৰয়োজন সেই তথ্যখিনি আমি বিচাৰিছো । তেওঁলোকৰ তাত চলি থকা তদন্তৰ বাবে কিছু তদন্ত আমাৰ পৰাও বিচাৰিছে । সেইখিনি তথ্য আমি দিছো ।"

জুবিন গাৰ্গৰ ৰহস্যজনক মৃত্যুৰ তদন্ত সন্দৰ্ভত বিশেষ সঞ্চালক প্ৰধান (ETV Bharat Assam)

আনহাতে প্ৰবাসী অসমীয়াসকল চি আই ডিত হাজিৰ হোৱা সন্দৰ্ভত বিশেষ তদন্তকাৰী গোটৰ মুৰব্বী তথা বিশেষ সঞ্চালক প্ৰধানগৰাকীয়ে কয়, "আজি তিনিজন প্ৰবাসী অসমীয়া পৰীক্ষিত শৰ্মা, সিদ্ধাৰ্থ বৰা আৰু জিঅ'লাংচাত নাৰ্জাৰী হাজিৰ হ’লহি । তেওঁলোকক জেৰা চলাই থকা হৈছে । আজি উপস্থিত হোৱা তিনিজনক লৈ মুঠ চাৰিজন হাজিৰ হ'ল । আজি আৰু এজন অহাৰ সম্ভাৱনা আছে । অহা দুদিনৰ ভিতৰত সকলোৱে আহি চি আই ডিত সোশৰীৰে উপস্থিত হ'ব বুলি আমি আশা কৰিছো ।"

ইপিনে, কাইলৈ ৪ বজাত জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন ৰাজহুৱা কৰা সন্দৰ্ভত তেওঁ কয়, "মৰণোত্তৰ পৰীক্ষাৰ ৰাজহুৱা কৰা নহয় । এয়া ভুল খবৰ ওলাইছে । তেনেকুৱা কোনো কথা নাই । আমাৰ হাতত মৰণোত্তৰ প্ৰতিবেদন পাইছো । এই প্ৰতিবেদন আদালতত দাখিল কৰা হ'ব ।"

তেওঁ লগতে কয়, "বিশেষজ্ঞ সমিতিৰ ৰিপ'ৰ্ট লৈ তদন্ত কৰি থকা হৈছে । তদন্ত ক্ষিপ্ৰভাৱে কৰি থকা হৈছে, যি যি কৰিব লাগে, কৰা হৈছে ।"

গৰিমা গাৰ্গৰ ফেচবুক পোষ্ট সন্দৰ্ভতো তেওঁ কয়, "আইনে নিৰ্ধাৰণ কৰি দিয়া সময় সীমাৰ ভিতৰত তদন্ত সম্পূৰ্ণ কৰি আদালতত প্ৰতিবেদন জমা দিম । আমি চেষ্টা কৰিছো অনতি পলমে যাতে তদন্ত শেষ পৰ্যায়ত উপনীত হ'ব পাৰো ।"

লগতে পঢ়ক:চি আই ডিত সাক্ষ্য দিবলৈ উপস্থিত ৩ ছিংগাপুৰীয়া অসমীয়া

জুবিনক আমি ন্যায় দিম, ক্ষিপ্ৰগতিত চলি আছে তদন্ত : মুখ্যমন্ত্রী