ETV Bharat / state

ঢোলৰ গুমগুমনি, পেঁপাৰ মাতত ৰজনজনাইছে চিমেন চাপৰি

কোনো যদি তাঁতশালত ব্যস্ত, কোনো আকৌ ব্যস্ত বিহুনাচৰ কৰ্মশালা আৰু আখৰাত । সমগ্ৰ চিমেন চাপৰিতে এক উখল-মাখল পৰিৱেশ ।

Rongali Bihu 2025
ঢোলৰ গুমগুমনি, পেঁপাৰ মাতত ৰজনজনাইছে চিমেন চাপৰি (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 12, 2025 at 6:55 PM IST

2 Min Read
Choose ETV Bharat

জোনাই: ৰঙালী বিহুলৈ মাজত মাত্ৰ দুটা দিনহে বাকী । ৰাজ্যৰ চৌদিশে চলিছে বাপতি সাহোন ৰঙালী বিহুক আদৰাৰ প্ৰস্তুতি । ডেকা-গাভৰু, কিশোৰ-কিশোৰী সকলো ব্যস্ত হৈ পৰিছে ব’হাগ বিহুক আদৰিবলৈ । কোনোৱে যদি তাঁতশালত ব্যস্ত, কোনো আকৌ ব্যস্ত বিহুনাচৰ কৰ্মশালা আৰু আখৰাত ।

বাদ পৰি যোৱা নাই ধেমাজি জিলাৰ জোনাইৰ চিমেন চাপৰি । ঢোলৰ গুমগুমনি, পেঁপাৰ মাতত ৰজনজনাইছে চৌদিশ ৷ বিগত প্ৰতিটো বছৰৰ দৰে এই বছৰো চিমেন চাপৰিৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত বিহুতলি চৌহদত দহদিনীয়াকৈ আয়োজন কৰা হৈছে বিহুনাচৰ কর্মশালা । এই কৰ্মশালাত ডি ৱাই বিহুৰাণী নিৰ্জুমা কাকতিৰ নেতৃত্বত প্ৰায় তিনি শতাধিক নাচনীয়ে যোৱা ৪ এপ্ৰিলৰ পৰা একেলগে লৈছে বিহুৰ প্ৰশিক্ষণ ।

ঢোলৰ গুমগুমনি, পেঁপাৰ মাতত ৰজনজনাইছে চিমেন চাপৰি (ETV Bharat Assam)

বিহুৰাণী নিৰ্জুমা কাকতিয়ে কয়, "প্ৰথমবাৰলৈ চিমেন চাপৰিলৈ আহিছো বিহু কৰ্মশালা দিবলৈ । খুবেই ভাল লাগিছে । তিনি শতাধিকৰো অধিক প্ৰশিক্ষাৰ্থী দেখিবলৈ পোৱা গৈছে । আশা ৰাখিছো এই কৰ্মশালাৰ পৰাই খুব ভাল ভাল বিহুৱতীয়ে অসমলৈ, চিমেন চাপৰিলৈ গৌৰৱ কঢ়িয়াই আনক ।"

ধেমাজি জিলাৰ আছুৰ সভাপতি সঞ্জীৱ দাসে কয়, "চিমেন চাপৰি আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু বৃহত্তৰ চিমেন চাপৰিবাসী ৰাইজৰ সহযোগত অহা ১৪ এপ্ৰিলত চিমেন চাপৰিৰ মিনি ষ্টেডিয়াম খেলপথাৰত ৰঙালী বিহু আদৰণি অনুষ্ঠান অনুষ্ঠিত হ'ব । আমি এইবাৰ ভালেসংখ্যক পৰম্পৰাগত প্ৰতিযোগিতা ৰাখিছো । ২০২১ বৰ্ষৰ DY বিহুৰাণী নিৰ্জুমা কাকতিয়ে ইয়াত প্ৰশিক্ষণ দি আছে ।"

তাৰোপৰি উক্ত দিনটোতে অসমৰ জনপ্ৰিয় অভিনেতা নয়ন নীলিম আৰু কণ্ঠশিল্পী পম্পী পূৰৱীয়ে গীতৰ শৰাই আগবঢ়োৱাৰ লগতে শিৱসাগৰৰ সন্মিলিত নিমাইজান হুঁচৰি দলৰ আকৰ্ষণীয় বিহু হুঁচৰি প্ৰদৰ্শন কৰা হ'ব বুলি জানিবলৈ দিয়ে ধেমাজি জিলা আছুৰ সভাপতি সঞ্জীৱ দাসে ।

লগতে পঢ়ক: কংক্ৰিটৰ নগৰীৰ মাজমজিয়াত অসমীয়া সংস্কৃতিৰ সৈতে একাত্ম এদল নৱ-প্ৰজন্ম

বিহু বুলিলেনো ৰৈ থাকে কেনেকৈ, ভোজপুৰী সমাজৰ বিহু কৰ্মশালা