শিলচৰ, ৬ জুলাই : নিৰ্মাণৰ তিনি বছৰ নৌহওঁতেই খহিল শিলচৰ-কুম্ভীৰগ্ৰাম বিমানকোঠ সংযোগী গুৰুত্বপূৰ্ণ ভিআইপি পথ । এজাক বৰষুণেই উদঙাই দিলে লোক নিৰ্মাণ বিভাগৰ কোটিটকীয়া পথৰ কামৰ নমুনা । স্থানীয় ৰাইজে বিভাগীয় বিষয়া আৰু ঠিকাদাৰৰ লুণ্ঠনৰ বাবেই পথছোৱা এইদৰে খহি পৰা বুলি অভিযোগ উত্থাপন কৰিছে । বৰাকস্থিত একমাত্ৰ বিমানকোঠলৈ অহা-যোৱা কৰিব পৰা এই পথটো এইদৰে ভাঙি যোৱাত যাতায়াতত ৰাইজে সমস্য়াৰ সন্মুখীন হ'বলগীয়া হৈছে ।
বিমানকোঠৰ সমীপত থকা এই পথটোৰ এক বৃহৎ অংশ খহি যোৱাত আতংকৰ সৃষ্টি হৈছে । যোৱা দুদিন ধৰি নেৰানেপেৰা বৰষুণ হোৱাত এইদৰে খহি গৈছে কোটিটকীয়া পথটো । যিকোনো মুহূৰ্ততে সম্পূৰ্ণৰূপে এই পথটো খহি যাব পাৰে বুলি আশংকা কৰিছে স্থানীয় ৰাইজে । স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰি কয় যে লোক নিৰ্মাণ বিভাগ আৰু ঠিকাদাৰৰ বিয়াগোম দুৰ্নীতিৰ বাবেই বন্ধ হোৱাৰ দিশে আগবাঢ়িছে এই পথটো । শীঘ্ৰেই পথটোৰ মেৰামতি কৰি ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে । ৰাইজে অভিযোগ কৰি কয় যে পথটোৰ খহনীয়া ৰোধৰ বাবে ঘটনাস্থলীত উপস্থিত হৈ ৰাজপথত ফাঁট মেলি থকা স্থানত ৰঙা মাটিৰে খহনীয়া ৰোধ কৰাৰ চেষ্টা চলাইছে লোক নিৰ্মাণ বিভাগে ।
লগতে পঢ়ক:সমষ্টি পুনঃনিৰ্ধাৰণ প্ৰক্ৰিয়াই বিমোৰত পেলাইছে টীয়কবাসীক - Dilapidated Road In Teok
দিছপুৰৰ বৰমূৰীয়াসকল বৰাকলৈ আহিলে এই পথেৰেই অহা-যোৱা কৰে । সেইবাবে পথটোৰ নাম ভিআইপি পথ । তিনিবছৰ পূৰ্বে দুই লাইনযুক্ত শিলচৰ-কুম্ভীৰগ্ৰাম সংযোগী এই পথটো কেইবা কোটি টকা ব্যয়ৰে নিৰ্মাণ কৰা হৈছিল ৷ কিন্তু এই পথটোৰ বৰ্তমান অবস্থা দেখিলে আপোনাৰ চকু কপালত উঠিব ।
কি কাৰণত এই পথটো খহি পৰিছে এই বিষয়ে ঘটনাস্থলীত উপস্থিত থকা লোক নিৰ্মাণ বিভাগৰ এগৰাকী অভিযন্তাক প্ৰশ্ন কৰাত প্ৰথমে কেমেৰা দেখি পলায়ন কৰে যদিও সংবাদিকে পিচে পিচে খেদি যোৱাত তেওঁ পাহাৰসহ বিমানকোঠৰ এয়াৰফিল্ডৰ পৰা নামি অহা পানীয়ে পথটোৰ বৃহৎ এক অংশ খহাই নিয়া বুলি মন্তব্য় কৰে ।