ETV Bharat / state

৮৫৫ জন শ্বহীদৰ চানেকি শ্বহীদ বেদীক অপমান: শাস্তি পাবনে সুবোধ বিশ্বাসসহ তেওঁৰ সাংগো পাংগয়ে !

AASU Sankalp Divas : ৭ টা বছৰ পাৰ কৰিলে ৰাজ্য কঁপোৱা চিলাপথাৰকাণ্ডই ৷ সাম্প্ৰদায়িক অপশক্তিক সকীয়নি দি বুধবাৰে আছুয়ে পালন কৰিলে সংকল্প দিৱস ৷

silapathar AASU office case
ৰাজ্য কঁপোৱা চিলাপথাৰকাণ্ডৰ ৭ বছৰ সম্পূৰ্ণ
author img

By ETV Bharat Assamese Team

Published : March 7, 2024 at 6:56 AM IST

|

Updated : March 7, 2024 at 10:02 AM IST

3 Min Read
Choose ETV Bharat
ৰাজ্য কঁপোৱা চিলাপথাৰকাণ্ডৰ ৭ বছৰ সম্পূৰ্ণ

জোনাই, ৭ মাৰ্চ : ২০১৭ চনৰ ৬ মাৰ্চ । সুবোধ বিশ্বাস আৰু এটা কলংকিত অধ্যায় । নিব্বাছ নামৰ তথাকথিত এটি সংগঠনৰ সভাপতি সুবোধ বিশ্বাসৰ নেতৃত্বত আক্ৰমণ চলোৱা হৈছিল চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ কাৰ্যালয় । কোনো ধৰণৰ বাচ বিচাৰ নকৰাকৈ আক্ৰমণ কৰা হৈছিল ৮৫৫ জন শ্বহীদৰ চানেকি শ্বহীদ বেদীক । শিলগুটি নিক্ষেপ কৰি অপমান কৰা হৈছিল ৰূপকোঁৱৰ জ্যোতি প্ৰসাদ আগৰৱালা, কলাগুৰু বিষ্ণু প্ৰসাদ ৰাভা, সুধাকণ্ঠ ড৹ ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত ।

ভৰিৰে মোহাৰি পেলোৱা হৈছিল অসমীয়াৰ স্বাভিমান ফুলাম গামোচাখনক । এই ক’লা দিনে বুধবাৰে অতিক্ৰম কৰিলে ৭ টা বছৰ । অসমীয়াৰ হৃদপিণ্ডত আঘাত অনা সুবোধকাণ্ডক প্ৰত্যেক বছৰৰ ৬ মাৰ্চত সুঁৱৰি আছুৱে পালন কৰি আহিছে সংকল্প দিৱস হিচাবে । বুধবাৰেও চিলাপথাৰত পালন কৰা হয় সংকল্প দিৱসৰ কাৰ্যসূচী ৷

বুধবাৰে চিলাপথাৰ অঞ্চলৰ বিভিন্ন ধৰ্ম, ভাষা নিৰ্বিশেষে জাতি জনগোষ্ঠীৰ সকলোৱে সাম্প্ৰদায়িক বহিৰাগত অপশক্তিৰ বিৰুদ্ধে হাতে হাত থৈ সংকল্প লয় । সেই সময়ত প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অহা এটি বিধায়িনী দলে আছু কাৰ্যালয় পুনৰ নিৰ্মাণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল ৷ কিন্তু বিগত ৭ টা বছৰে আছু কাৰ্যালয় নিৰ্মাণৰ নামত ৰজাঘৰীয়াৰ পৰা এটুকুৰা ইটা, শিল নপৰিল ৷ যাৰ বাবে ক্ষোভ প্ৰকাশ কৰে জোনাই তথা চিলাপথাৰৰ আছু কৰ্মীসকলে ।

  • " class="align-text-top noRightClick twitterSection" data="">

ৰাজ্যজুৰি হোৱা আন্দোলনৰ ফলত সুবোধ বিশ্বাসসহ ৫৩ জন অভিযুক্তক গ্ৰেপ্তাৰ কৰা হয় যদিও আটাইকেইজন অভিযুক্ত বৰ্তমান মুকলি আকাশৰ তলত । কেতিয়া আছু কাৰ্যালয় লণ্ড ভণ্ড কৰা সুবোধ বিশ্বাসসহ তেওঁৰ সাংগো পাংগয়ে শাস্তি পায় তাক ৰজাঘৰীয়াক প্ৰশ্ন উত্থাপন কৰিছে আছুয়ে । সভাত শেহতীয়াকৈ 'কা' আইন কাৰ্যকৰী কৰা সন্দৰ্ভতো চৰকাৰখনক ক্ষুৰধাৰ সমালোচনা কৰি অসম-অসমীয়াৰ ভাষা-কলা-সংস্কৃতিৰ প্ৰতি অস্তিত্বৰ সংকত নমাই আনিব বিচৰা ক’লা আইনখন কোনোপধ্যেই বলৱৎ কৰিবলৈ দিয়া নহ'ব বুলি উল্লেখ কৰি ৰাইজক ইয়াৰ বিৰুদ্ধে মাৰবান্দি ওলাই আহিবলৈ আহ্বান জনায় ।

বুধবাৰে আয়োজিত এই অনুষ্ঠানত ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস, সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁই, আছুৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মা, কাৰ্যনিৰ্বাহক সদস্য বিকাশ মিছং, বিশিষ্ট ভাষাবিদ ড৹ উত্তম দাস, ধেমাজি জিলা আগছুৰ সভাপতি সুমৰাজ পুৰী, ধেমাজি জিলা এজেৱাইচিপিৰ উপ সভাপতি ভাস্কৰ বৰগোহাঁই, বেতনিপাম আঞ্চলিক টাই আহোম ছাত্ৰ সন্থাৰ সভাপতি সমীৰণ বৰুৱা ৷

লগতে উপস্থিত থাকে সদৌ অসম নাথ যোগী ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক সদস্য যোগী সুজিত নাথ, ধেমাজি মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ, উপ সভাপতি দেৱ কলিতা, সহকাৰী সাধাৰণ সম্পাদক দেবেন ডেকা, চিলাপথাৰ আঞ্চলিক ছাত্ৰ সন্থাৰ সভাপতি বিক্ৰমজিৎ গগৈ, সাধাৰণ সম্পাদক পাপ্লু গগৈৰ লগতে প্ৰায় পাঁচ শতাধিক লোক ।

লগতে পঢ়ক : AASU Sankalp Divas: সাম্প্ৰদায়িক অপশক্তিক সকীয়াই আছুৰ সংকল্প দিৱস পালন

Last Updated : March 7, 2024 at 10:02 AM IST