গুৱাহাটী: অসমৰ ৰাষ্ট্ৰীয় উদ্যানৰ তালিকাত আৰু এখন ৰাষ্ট্ৰীয় উদ্যানৰ নাম সন্নিৱিষ্ট হৈছে । সোণালী বান্দৰৰ বাবে জনাজাত কোকৰাঝাৰ আৰু চিৰাং জিলাৰ মাজত থকা দুখন সংৰক্ষিত বনাঞ্চলক সামৰি এই ৰাষ্ট্ৰীয় উদ্যানখনৰ নামকৰণ কৰা হৈছে ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যান । অসম কেবিনেটে শেহতীয়াকৈ অসমৰ অষ্টমখন ৰাষ্ট্ৰীয় উদ্যান হিচাপে ছিখনা জৌহৌলাওক স্বীকৃতি দিছে ।
ভৌগোলিক এলেকা:
যোৱা ৭৮ সংখ্যক স্বাধীনতা দিৱসৰ ভাষণৰ সময়ত অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এই ৰাষ্ট্ৰীয় উদ্যানখনৰ স্বীকৃতিৰ ঘোষণা কৰিছিল । চিৰাং আৰু কোকৰাঝাৰ জিলাৰ ভাৰত-ভূটান সীমান্তত এই ৰাষ্ট্ৰীয় উদ্যানখন অৱস্থিত । চিৰাং সংৰক্ষিত বনাঞ্চল আৰু মানস সংৰক্ষিত বনাঞ্চল সামৰি গঠন হৈছে এই ৰাষ্ট্ৰীয় উদ্যানখন । এই উদ্যানখনৰ মুঠ মাটিকালি ৩১৬.২৯ কিলোমিটাৰ ।
এই নতুন ৰাষ্ট্ৰীয় উদ্যানখন অসমৰ বড়োলেণ্ড টেৰিটৰিয়েল ৰিজিয়ন (বি টি আৰ)ৰ ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পূৱ অংশৰ কাষত, সৰলভঙা নদীৰ পাৰত (স্থানীয়ভাৱে স্বৰমংগা নামেৰে জনাজাত) অৱস্থিত । পশ্চিম দিশত আছে ধলপানী নদী ।

এই ৰাষ্ট্ৰীয় উদ্যানৰ উত্তৰ সীমা সৰলপাৰা বজাৰ
উদ্যানখনে ভূটানৰ সৰপাং জিলাৰ সৈতে এক আন্তঃৰাষ্ট্ৰীয় সীমা ভাগ কৰিছে, যি ভূটানৰ গেলেফু নামৰ এখন চহৰলৈ বিস্তৃত । সৰলপাৰাত এটা পথ প্ৰৱেশ বিন্দু আছে, যি ভাৰতক ভূটানৰ সৈতে সংযোগ কৰে ৷ তদুপৰি এই পথটোৰে সৰপাংৰ জিলা সদৰলৈ যায় আৰু আৰু পূৱে সৰপাং-গেলেফু-ট্ৰংছা ঘাইপথৰ সৈতে গেলেফু চহৰলৈ যায় ।
পূৱে বি টি আৰৰ চিৰাং জিলাৰ ভিতৰত পৰা উদ্যানখনৰ পূৱ সীমাত দেওশ্ৰী এফ ভি, শান্তিপুৰ এফ ভি, খুংগ্ৰিং এফ ভি আৰু ভুৰ এফ ভি-ৰ দৰে কেইবাখনো গাঁও আছে, যি লাওটি মিনি জলবিদ্যুৎ শক্তি প্ৰকল্পলৈকে বিস্তৃত হৈ আছে । ৰাষ্ট্ৰীয় উদ্যানখনৰ পশ্চিম সীমাত ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ পূৱ সীমাৰ সৈতে এটা আন্তঃসীমা ভাগ কৰা হৈছে ।
ৰাষ্ট্ৰীয় উদ্যানখনৰ দক্ষিণ সীমাত পুৰাণাগুৰি, কাশীগুৰি এফ ভি, খালশি, কেন্দুগুৰি, ঝাৰবাৰী বজাৰ, বড়োপুৰ, ডিমাপুৰ, মহেন্দ্ৰপুৰ এফ ভি, বদ্ৰনপুৰ এফ ভি, গ্যানিপুৰ, দিগলি বজাৰ, মোহনপুৰ এফ ভি আৰু বাঁশবাৰী এফ ভি সহ কেইবাখনো গাঁও আছে ।

সোণালী বান্দৰৰ বাবে জনাজাত এই ৰাষ্ট্ৰীয় উদ্যান:
Wildlife trust of India ৰ যুটীয়া সঞ্চালক ৰথীন বৰ্মনে কয় - এই উদ্যানখনত হাতী, গঁড়, বাঘ, নাহৰফুটুকী আদি জন্তুৰ বাসস্থান আছে । এই উদ্যানখন বিশেষকৈ সোণালী বান্দৰৰ বাবে জনাজাত ।
উল্লেখযোগ্য যে, প্ৰাইমেট ৰিচাৰ্চ চেণ্টাৰ এন ই ইণ্ডিয়া (পি আৰ চি এন ই) বন বিভাগ, বড়োলেণ্ড টেৰিটৰিয়েল কাউন্সিল, এছ এ চি অ’ এন, আৰু সংৰক্ষণ হিমালয়ৰ দৰে সংস্থাসমূহে 2024 চনৰ ফেব্ৰুৱাৰী-মাৰ্চত সম্পূৰ্ণ কৰিছিল এটা জৰীপ । এই জৰীপত নতুনকৈ ৰাষ্ট্ৰীয় উদ্যান হিচাপে অনুমোদন জনোৱা এই অঞ্চলটোত ২০০০ ত কৈও অধিক সোণালী বান্দৰৰ অৱস্থিতি পোৱা গৈছিল । সংস্থাসমূহে এই সোণালী বান্দৰৰ সংৰক্ষণৰ পোষকতা কৰিছিল ।

ছিখনা জৌহৌলাও নামাকৰণৰ আঁৰত:
Wildlife trust of India,ৰ যুটীয়া সঞ্চালক ৰথীন বৰ্মনে কয়- অসমৰ যেনেদৰে জাতীয় বীৰ হিচাপে লাচিত বৰফুকন জনাজাত, ঠিক সেইদৰে ছিখনা জৌহলাও বড়োসকলৰ জাতীয় বীৰ হিচাপে জনাজাত ।
উল্লেখ্য যে, ১৮৬৬-৬৮ চনৰ আশে-পাশে ব্ৰিটিছ বাহিনীৰ বিৰুদ্ধে ভূটান আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত সংঘটিত দুৱাৰ যুদ্ধৰ সময়ত অঞ্চলটো শাসন কৰা আৰু যুদ্ধ কৰা জাওলিয়া দেৱান নামেৰে জনাজাত কিংবদন্তী বড়ো নায়ক ছিখনা জৌহৌলাওৰ নামেৰে উদ্যানখনৰ নামকৰণ কৰা হৈছে । তেওঁৰ ৰাজধানী ছিখনাঝাৰ ভাৰত-ভূটান সীমান্তৰ চহৰ সৰভাঙৰ ওচৰৰ আল্টাপানী সংৰক্ষিত বনাঞ্চলত অৱস্থিত আছিল, যি বৰ্তমান ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত আছে ।
এই অঞ্চলটো দেৱতা আৰু আত্মাৰ পবিত্ৰ বাসস্থান বুলি গণ্য কৰা হয় আৰু বড়ো লোকসকলে প্ৰতিবছৰে তাত পৰম্পৰাগতভাৱে বড়ো পূজা বাথৌ খেৰাই পূজা কৰে ।

উদ্যানখন বন্যপ্ৰাণী সংৰক্ষণত গুৰুত্বপূৰ্ণ হ'ব:
নতুনকৈ অসম চৰকাৰৰ দ্বাৰা স্বীকৃতি পোৱা এই উদ্যানখনে ৰাইমনা আৰু মানস ৰাষ্ট্ৰীয় উদ্যানখনৰ পৰা অহা-যোৱা বন্যপ্ৰাণী আৰু মানুহৰ মাজত হোৱা সংঘাত নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা ল'ব । কাৰণ এই উদ্যানখন ৰাইমনা ৰাষ্ট্ৰীয় উদ্যানৰ গাতে লাগি আছে ।
আকৌ মানস ৰাষ্ট্ৰীয় উদ্যানখন কিছু নিলগত যদিও ভূটান সীমান্তত তিনিখন উদ্যানখনৰ মাজত বিশেষ দূৰত্ব নাই । এই অঞ্চলত কোনো সংঘাতৰ মুখামুখি নোহোৱাকৈ বন্যপ্ৰাণী এখন উদ্যানৰ পৰা আনখন উদ্যানলৈ অহা-যোৱা কৰিব পাৰিব ।
তেওঁ কয়- সচৰাচৰ কৈ থকা উল্টাপানী সংৰক্ষিত বনাঞ্চলখনে এই উদ্যানখন । চিৰাং সংৰক্ষিত বনাঞ্চলৰ ২১২.৪৪ বৰ্গ কিলোমিটাৰ আৰু মানস সংৰক্ষিত বনাঞ্চলখনৰ মুঠ মাটিকালি ১০৩.৮৫ বৰ্গ কিলোমিটাৰ । দুয়োখন সংৰক্ষিত বনাঞ্চল মিলি গঠন হোৱা ছিখনা জৌহৌলাও ৰাষ্ট্ৰীয় উদ্যানখনৰ মুঠ মাটিকালি হৈছে ৩১৬.২৯ বৰ্গ কিলোমিটাৰ ।
অসমৰ ৰাষ্ট্ৰীয় উদ্যানসমূৃহ:

লগতে পঢ়ক: সেউজীয়া মানাহ নানাৰঙী হৈছে: বাঘ-গঁড়-হাতীয়েই চাব নে চৰায়েই চাব !