সদ্যোজাত সন্তানৰ জীৱন বিচাৰি মুখ্যমন্ত্ৰীলৈ কাতৰ আহ্বান পিতৃ-মাতৃৰ - APPEAL FOR FINANCIAL HELP
Seek Medical Help: জন্মতেই মস্তিস্কৰ জটিল ৰোগত আক্ৰান্ত শিশুটি । মগজুৰ ভিতৰত পানী জমা হৈছে যদিও পিতৃ-মাতৃয়ে কৰিব পৰা নাই চিকিৎসা । প্ৰয়োজন অধিক ধনৰ ৷ পৰিয়ালটোৱে বিচাৰিছে সহায়ৰ হাত ।

Published : September 29, 2024 at 1:16 PM IST
গোলাঘাট , ২৯ ছেপ্টেম্বৰ: দেৰগাঁৱৰ নেঘেৰিটিং বৰলাইন গাঁৱৰ এটি ১৫ দিনীয়া নৱজাতক মস্তিস্কৰ জটিল ৰোগত আক্ৰান্ত হোৱাত দিকবিদিক হেৰুৱাইছে পিতৃ-মাতৃয়ে । এই শিশুটিৰ চিকিৎসাৰ বাবে প্ৰয়োজন অধিক ধনৰ । পিতৃ-মাতৃৰ হাতত নাই ফুটাকঢ়িও । অসহায় পৰিয়ালটোৱে এতিয়া সকলোৰে পৰা বিচাৰিছে সহায়ৰ হাত । শিশুটিৰ পিতৃ-মাতৃয়ে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক কাতৰ অনুৰোধ জনাইছে সহায়ৰ বাবে ।
জটিল ৰোগত আক্ৰান্ত নৱজাতক
দেৰগাঁও নেঘেৰিটিং বৰলাইন গাঁৱৰ ৰাজীৱ আলীৰ পত্নী আইচা বেগমে যোৱা ১৪ ছেপ্টেম্বৰত এটি পুত্ৰ সন্তান জন্ম দিয়ে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পাতালত । কিন্তু জন্মৰ পৰাই নৱজাতক মগজুৰ এক জটিল ৰোগত আক্ৰান্ত । যাৰ পৰিপ্ৰেক্ষিতত এতিয়া একপ্ৰকাৰ দিশহাৰা হৈ পৰিছে দৰিদ্ৰ পিতৃ-মাতৃ । শিশুটিৰ পিতৃ-মাতৃয়ে মুখ্যমন্ত্ৰী তথা স্বাস্থ্য়মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, দেৰগাঁও সমষ্টিৰ বিধায়ক ভৱেন্দ্ৰ নাথ ভড়ালীৰ লগতে সুহৃদয়বান কোনো সদাশয় ব্যক্তিৰ পৰা সহায় বিচাৰি কাতৰ অনুৰোধ জনাইছে ।
মাতৃ আইচা বেগমে কয়, "চিকিৎসকে শিশুটিৰ মগজুৰ ভিতৰত পানী জমা হৈছে বুলি কৈছে ।" আনহাতে, কান্দোনত ভাগি পৰা পিতৃ ৰাজীৱ আলীয়ে কয়, "যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত অস্ত্ৰোপ্ৰচাৰৰে পুত্ৰ সন্তানটোৰ জন্ম হয় । তাৰ পাছতে শিশুটিৰ স্বাস্থ্য দেখি চিকিৎসকে ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়লৈ নিবলৈ পৰামৰ্শ আগবঢ়ায় ।"
হাতত নাই ধন
চিকিৎসকৰ পৰামৰ্শ মতে পিতৃয়ে শিশুটিক ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰে ৷ যাৱতীয় পৰীক্ষা-নিৰীক্ষা কৰাৰ অন্তত চিকিৎসকে শিশুটিৰ মগজুৰ ভিতৰত পানী জমা হৈছে বুলি জানিবলৈ দিয়ে । উপায়ন্তৰ হৈ পিতৃ-মাতৃয়ে শিশুটিক ঘৰলৈ ঘূৰাই আনে যদিও পুনৰ ডিব্ৰুগড় চিকিৎসা মহাবিদ্যালয়ত চিকিৎসা কৰাবলৈ হাতত ধনৰ অভাৱ হোৱাত এতিয়া চিন্তিত হৈ সংবাদ মাধ্যমৰ জৰিয়তে মুখ্যমন্ত্ৰীক চিকিৎসাৰ বাবে সহায় ভিক্ষা বিচাৰিছে ।
আনহাতে, স্থানীয় ৰাইজে ৰাজীৱ আলীৰ পুত্ৰৰ স্বাস্থ্যৰ বুজ লোৱাৰ লগতে এই দৰিদ্ৰ পৰিয়ালটোক এনে বিপদৰ পৰা উদ্ধাৰ কৰিবলৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক আহ্বান জনাইছে । তদুপৰি যদি কোনো হৃদয়বান ব্যক্তিয়ে এই দৰিদ্ৰ পৰিয়ালটোক সহায় কৰিব বিচাৰে তেনেহ'লে অসম গ্ৰামীণ বিকাশ বেংকৰ দেৰগাঁও শাখাৰ একাউণ্ট নম্বৰ 7366026004366, IFSC -PUNBORRBAGB ত সহায় আগবঢ়াব পাৰিব ।

