যেন নিৰ্বাচনী ভাষণহে ! এসপ্তাহৰ মূৰত গাঁতৰ পৰা মাত দিছে শ্যামকানু মহন্তই: শ্ৰদ্ধেয় ৰাইজ...
"জুবিন গাৰ্গক মতাটো পাপ নহয় । টি আৰ পিৰ আশাত আমাকেই দোষী সজাই কেংগাৰু ক'ৰ্ট পাতি ৰায় দিছে ।" পলাতক শ্যামকানুৰ চাফাই ।

Published : September 25, 2025 at 8:36 PM IST
গুৱাহাটী : সম্পূৰ্ণ এটা সপ্তাহ অসমবাসীৰ বুকুত জুই জ্বলি থকাৰ পিছত বৃহস্পতিবাৰে গাঁতৰ পৰা মাত দিছে শ্যামকানু মহন্তই ৷ ছিংগাপুৰত জুবিন গাৰ্গৰ মৃত্যু প্ৰসংগত শ্যামকানু মহন্তৰ বৃহস্পতিবাৰে সামাজিক মাধ্যমযোগে নিজৰ চাফাই গাই নিজৰ সপক্ষে যুক্তি দিলে— "জুবিন গাৰ্গক মতাটো পাপ নহয় ৷"
জুবিন গাৰ্গৰ মৃত্যুৰ এসপ্তাহ পাৰ হ’ল, কিন্তু যিজন শ্যামকানু মহন্তৰ নিমন্ত্ৰণমৰ্মে জুবিন ছিংগাপুৰলৈ গৈ কৰুণভাৱে মৃত্যুমুখত পৰিল— সেইজন শ্যামকানুৱে এতিয়া ৰাইজৰ ৰোষত পৰাৰ ভয়ত অসমত ভৰি দিবলৈ সাহস গোটাব পৰা নাই ৷ জুবিন গাৰ্গৰ মৃত্যুৰ বাবে একাংশই টি আৰ পিৰ বাবে তেওঁক জগৰীয়া কৰিব খুজিছে বুলি মন্তব্য কৰি অজ্ঞাত ঠাইৰ পৰা সামাজিক মাধ্যমযোগে নিজকে ধোৱা তুলসীৰ পাত সজোৱাৰ চেষ্টা শ্যামকানু মহন্তৰ ।
জুবিন গাৰ্গক ফ্ৰেণ্ড, ফিল’ছফাৰ আৰু গাইড বুলি অভিহিত কৰি শ্যামকানু মহন্তই উল্লেখ কৰে যে বৃহস্পতিবাৰে তেওঁ গুৱাহাটীলৈ অহাৰ কথা আছিল যদিও হাজাৰ হাজাৰ মৃত্যু ভাবুকি ভৰা মেছেজৰ পিছত অসমলৈ আহিবলে তেওঁৰ শংকা ঘটিছে ।
শ্যামকানুৰ চাফাই, "মোৰ বিৰুদ্ধে ইমান বেছি ভুৱা প্ৰচাৰ হোৱা বাবে মই ক'বলৈ ওলাই আহিছোঁ । মই আজি গুৱাহাটীলৈ যোৱাৰ কথা আছিল । ইমানেই বেছি মেছেজ আহিছে যে গুৱাহাটীলৈ গ’লেই মাৰিম, কাটিম— প্ৰায় কেইবা হাজাৰ মেছেজ আহিছে । সেয়ে মই যাব পৰা নাই । গৰিমাৰ ওচৰত থিয় দিযাৰ মন আছিল ৷ মোৰ পৰিয়ালৰ নিচিনা । দলটোৰ লগত । মোৰ ঘৰৰ নিচিনা ।"
লগতে কয়, “জুবিন গাৰ্গৰ মৃত্যুৰ বাবে মই দোষী নেকি ? এইটো লৈ যোৱা কেইবাদিনো ধৰি ছ'চিয়েল মিডিয়াত কিছু লোকে টি আৰ পিৰ আশাত আমাকেই দোষী সজাই কেংগাৰু ক'ৰ্ট পাতি ৰায় দিছে ।”
কিন্তু শ্যামকানুৰ মতে আচল কথাটো কি ? ইমানৰ পিছতো দম্ভ কমা নাই শ্যামকানু মহন্তৰ । ‘ফেষ্টিভেল'ৰ নামত চৰকাৰী ধনৰ শৰাধ পতাৰ তথ্য পোহৰলৈ অহাৰ পিছতো শ্যামকানু মহন্তৰ মন্তব্য যে নৰ্থ-ইষ্ট ফেষ্টিভেল উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ ফেষ্টিভেল ।
লগতে তেওঁৰ প্ৰশ্ন যে জুবিন গাৰ্গ উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ শিল্পী ৷ গতিকে তেওঁক উত্তৰ-পূবৰ ডাঙৰ ফেষ্টিভেলটোলৈ মতাটো পাপ নেকি ? শ্যামকানুৰ মন্তব্য, “জুবিন গাৰ্গ আমাৰ ব্ৰেণ্ড এম্বেছাডৰ । বিশ্বৰ বিভিন্ন ঠাইত তেওঁ আমাৰ ব্ৰেণ্ড এম্বেছাডৰ হৈ আমাৰ লগত সংপৃক্ত হৈ আছে বুলি কৈছে । বহু ভিডিঅ’ আছে । দুবাৰ বেংককত গৈছে । এইবাৰ তেওঁক ছিংগাপুৰৰ অনুষ্ঠানৰ কথা ক’লোঁ, তেতিয়া তেওঁক ক’লোঁ তুমি যাবি নেকি ? তেওঁ ক’লে— যাম । ভাতৃ সন্দীপন যাব । মেনেজাৰ সিদ্ধাৰ্থ যাব আৰু শেখৰজ্যোতি যাব ৷”
নিৰ্বাচনী ভাষণৰ দৰে শ্যামকানুৰ দাম্ভিক যুক্তি, “শ্ৰদ্ধেয় ৰাইজ, জুবিন গাৰ্গক মতাটো পাপ নহয় । উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ অনুষ্ঠানলৈ উত্তৰ-পূবৰ আটাইতকৈ ডাঙৰ সংগীত শিল্পী জুবিন গাৰ্গক মতাটো, তাতে তেওঁ আমাৰ ব্ৰেণ্ড এম্বেছাডৰ , তেখেতক মতাটো আমাৰ পাপ নাছিল । তেখেতক মতাটো আমাৰ দায়িত্ব আছিল ।”
জুবিন অসুস্থ নাছিল— শ্যামকানুৰ দাবী
ছিংগাপুৰলৈ যাওঁতে জুবিন গাৰ্গ বোলে অসুস্থ নাছিল । শ্যামকানু মহন্তক এনেই অপবাদ দিয়া হৈছে যে তেওঁ অসুস্থ অৱস্থাৰে জুবিন গাৰ্গক ছিংগাপুৰলৈ লৈ গৈছিল বুলি । এই বিষয়ে ফেচবুকৰ ভিডিঅ’টোত শ্যামকানু মহন্তৰ মন্তব্য, “তেখেতে ৭ তাৰিখে মুম্বাইত সুন্দৰ প্ৰ'গ্ৰাম কৰিছিল ৷ ৩ অক্টোবৰত দিল্লীত পূজাৰ প্ৰ'গ্ৰাম আছিল জুবিন গাৰ্গৰ । আমি তেখেতক অসুস্থ অৱস্থাৰে অনাটো অতি ভুল দোষাৰোপ কৰা হৈছে ।”
১৯ তাৰিখে কি হৈছিল ?
১৯ তাৰিখে জুবিন গাৰ্গৰ মৃত্যুৰ সময়ত শ্যামকানুৱে কি কৰি আছিল ? সঁচাকৈ জুবিনৰ মৃত্যুৰ পিছতো নৰ্থ-ইষ্ট ফেষ্টিভেলৰ অনুষ্ঠান কৰিছিল নে শ্যামকানু মহন্তই ?
এই বিষয়ে শ্যামকানু মহন্তৰ মন্তব্য, “সিদিনা চাৰে তিনিটামান বজাত সিদ্ধাৰ্থ শৰ্মাই আমাক ফোন কৰিছিল ৷ ছাংগ্ৰিলা হোটেলত আমাৰ মিটিং চলি আছিল ৷ তাতে আমি গম পাইছিলোঁ, সিদ্ধাৰ্থই আমাক ফোন কৰি জনাইছিল, ক’ত কেনেকৈ কি ঘটিছিল একো গম পোৱা নাছিলোঁ । কাৰণ আমি একো জনা নাছিলোঁ । বিভিন্নজনে ফোন কৰিছিল ৷ আমি উত্তৰ দিব পৰা নাছিলোঁ । হাই কমিছনাৰে লগে লগে আমাৰ অনুষ্ঠানটো বাতিল কৰিলে । তাৰ পিছতো কোনোবাই ভুৱাকৈ উলিয়াইছে যে আমি প্ৰ'গ্ৰাম কৰি আছিলোঁ বুলি ৷”
নিজৰ বাবে ন্যায় বিচাৰিলে শ্যামকানুৱে
শ্যামকানু মহন্তৰ বিৰুদ্ধে বোলে একাংশই অপপ্ৰচাৰ চলাইছে । নিজৰ বাবে ন্যায় বিচাৰি ন্যায়ালয়ৰো কাষ চপাৰ হুংকাৰ শ্যামকানুৰ । পলাতক অৱস্থাৰ পৰা দিয়া ভিডিঅ’টোত তেওঁ কৈছে, “শ্ৰদ্ধেয় ৰাইজ, আমি গোটেই প্ৰক্ৰিয়াটোত কোনো প্ৰকাৰে জড়িত নাছিলোঁ । আমি জাহাজখনৰ পৰা বহু দূৰৈত আছিলোঁ । কেইজনমান ব্যক্তিয়ে ইচ্ছা কৰি বদনাম কৰি আমাক হত্যা কৰাৰ চেষ্টা কৰিছে ৷ মোক ন্যায় লাগে ৷ আমাৰ দেশততো আইন-কানুন আৰু ন্যায় বুলি ব্যৱস্থা এটি আছে ৷ আমি ন্যায়ালয়ৰ কাষ চাপিম । আমাৰ দলটো বিধ্বস্ত হৈ পৰিছে । ৰাইজ আৰু চৰকাৰে আমাক ন্যায় দিয়ক ৷"

