দুলাল বৰাক কঠোৰতম শাস্তি বিহিবলৈ চৰকাৰক আহ্বান শৃংখল চলিহাৰ - Debajit Hazarika Suicide Case
Shrinkhal Chaliha on Dulal Bora Arrest : বিজেপি নেতা তথা গাঁও পঞ্চায়তৰ সভাপতি দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ চাঞ্চল্য এতিয়াও মাৰ যোৱা নাই । ইয়াৰ মাজতে বুধবাৰে গ্ৰেপ্তাৰ হয় দেৱজিৎ হাজৰিকাক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা বুলি উত্থাপিত অভিযোগৰ অন্যতম অভিযুক্ত দুলাল বৰা । আৰ টি আই কৰ্মী দুলাল বৰাক গ্ৰেপ্তাৰৰ পিচত এই সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে শৃংখল চলিহাই ।

Published : September 26, 2024 at 8:52 AM IST
মাজুলী, ২৬ ছেপ্টেম্বৰ : চৰাইদেউৰ বিজেপি নেতা দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাক লৈ আজিও ৰাজ্যজুৰি প্ৰতিক্ৰিয়া অব্যাহত আছে । সকলোৱে বিজেপি নেতাগৰাকীৰ আত্মহত্যাৰ আঁৰৰ সমগ্ৰ ঘটনাটোৰ উচিত তদন্তৰ দাবী কৰিছে ৷
আনহাতে, চৰাইদেউৰ বিজেপি নেতা তথা এগৰাকী সৰবৰহী ব্যক্তি দেৱজিৎ হাজৰিকাৰ আত্মহত্যাৰ ঘটনাৰ সৈতে নাম সাঙোৰ খোৱা বিতর্কিত আৰ টি আই কর্মী দুলাল বৰাক বুধবাৰে দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে । ইতিমধ্যে দেৱজিৎ হাজৰিকাৰ ঘটনাত দুলাল বৰাৰ নাম সাঙোৰ খাই পৰাত মুখ্যমন্ত্ৰীয়ে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে যে আৰ টি আই কৰ্মী নহয়, দুলাল বৰাক অপৰাধী হিচাপে গণ্য কৰি বিচাৰ কৰা হ'ব ।
ইফালে দুলাল বৰাক গ্ৰেপ্তাৰৰ পিচত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই । মাজুলীত বীৰ লাচিত সেনাৰ নেতা শৃংখল চলিহাই কয়, "এই ক্ষেত্ৰত যদি তেখেত দোষী হয় তেখেতে শাস্তি পাব লাগে । আইনৰ গণ্ডীৰ ভিতৰত থাকি তেখেতৰ যিখিনি শাস্তি হ'ব সেইখিনি শাস্তি দুলাল বৰাই পোৱাটো আমি বিচাৰোঁ । এটা কথা স্পষ্ট, এটা পৰিয়াল আমি ধ্বংস হৈ যোৱা দেখিবলৈ পাইছোঁ । তেখেত কোন ৰাজনৈতিক দলৰ সেইটো ডাঙৰ কথা নহয় । তেখেত আমাৰ ভাতৃপ্ৰতীম মানুহ আছিল ।"
শৃংখল চলিহাই লগতে কয়, "তেখেতৰ বিষয়ে আমি শুনিছোঁ যে তেখেত খুব নম্ৰ-ভদ্ৰ মানুহ আছিল । তেখেতৰ ঘৰখনৰ বৰ্তমান যিটো পৰিৱেশ আমি পৰিয়াললৈ সমবেদনা জনাইছোঁ আৰু চৰকাৰক কঠোৰতম শাস্তি প্ৰদান কৰিবলৈ আমি দাবী জনাইছোঁ । চৰকাৰে গোটেই বিষয়টোৰ ওপৰত ভালদৰে তদন্ত কৰক আৰু দোষীক উচিত শাস্তি প্ৰদান কৰক ।"
উল্লেখ্য যে যোৱা ২০ ছেপ্টেম্বৰত বিজেপি নেতাগৰাকীয়ে আত্মহত্যা কৰে । তাৰ পিচৰে পৰা পলাতক হৈ আছিল বিৰ্তকিত আৰ টি আই কৰ্মী দুলাল বৰা আৰু সাংবাদিক ৰফিক আহমেদ । ইতিমধ্যে সোণাৰি আৰক্ষীয়ে ঘটনা সংঘটিত হোৱাৰ দিনাই সোণাৰি আৰক্ষীয়ে অৱসৰপ্ৰাপ্ত বি ডি অ' ৰঞ্জিত বুঢ়াগোঁহাই আৰু সংবাদকৰ্মী পৰিস্মিতা বৈশ্য ফুকনক গ্ৰেপ্তাৰ কৰি তিনিদিন নিজৰ জিম্মাত লৈ জেৰা চলোৱাৰ অন্তত জে'ললৈ প্ৰেৰণ কৰে ৷ আনহাতে, সাংবাদিক ৰফিক আহমেদে অন্তৱৰ্তীকালীন জামিন লাভ কৰে ।

