ETV Bharat / state

শৃংখল চলিহাক অব্যাহতি দিয়া নাই, নিজেই লৈছে বিশ্ৰাম

পৰিয়ালক সময় দিবৰ বাবে স্বেচ্ছাই সাময়িক বিশ্ৰাম লৈছে বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাই ।

VEER LACHIT SENA
বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 8, 2025 at 10:29 PM IST

2 Min Read
Choose ETV Bharat

আমগুৰি: বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহাক অব্যাহতি দিয়া নাই । তেওঁ নিজে বিশ্ৰাম লৈছে । বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকন স্বাক্ষৰিত বিশ্ৰাম পত্ৰখন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি শৃংখল চলিহাই এইদৰে মন্তব্য় কৰিছে ।

সংগঠনটোৰ প্ৰশাসনিক সচিবগৰাকীয়ে আজি আমগুৰিত বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকন স্বাক্ষৰিত বিশ্ৰাম পত্ৰখন সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পাছতে কয় যে তেওঁ পৰিয়ালক সময় দিবৰ বাবে স্বেচ্ছাই সাময়িক বিশ্ৰাম লৈছে । সভাপতি হেমন্ত বৰা, সাংগঠনিক সচিব হৰ গগৈ আৰু মুখ্য সচিব ৰণ্টু পানীফুকনৰ সৈতে হোৱা আলোচনাৰ পাছতে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি তেওঁ কয় ।

বীৰ লাচিত সেনাৰ প্ৰশাসনিক সচিব শৃংখল চলিহা (ETV Bharat Assam)

অস্ত্ৰোপচাৰ আৰু ডুবাইত থকা নিজৰ ভগ্নী অসমলৈ অহাৰ সময়ত তেওঁক সংগ দিয়াৰ লগতে পৰিয়ালক সময় দিয়াৰ কথা উল্লেখ কৰি তেওঁ কয়,"মই প্ৰকৃততে ভাগৰুৱা । এটা সৰু অস্ত্ৰোপচাৰ কৰিবলগীয়া আছে । ডাক্তৰে সদায় সময় দিব নোৱাৰে । কেতিয়া সময় দিব পাৰিব সেইবিষয়ে কাইলৈ ডাক্তৰৰ সৈতে কথা পাতিম । ভন্টি কাইলৈ ডুবাইৰ পৰা অসমলৈ আহিব । পৰিয়ালৰ সৈতে অলপ ফুৰিম ।"

যোৱা এবছৰৰ পৰা সাময়িক বিশ্ৰাম দিবৰ কাৰণে সংগঠনটোৰ নেতৃবৃন্দক অনুৰোধ জনাই আহিছিল তেওঁ । সাময়িক বিশ্ৰামক লৈ যে ৰাজনীতি হ'ব সেয়া ভৱা নাই বুলি উল্লেখ কৰি তেওঁ পুনৰ কয়,"বীৰ লাচিত সেনাক যে কোনোবাই দুভাগ কৰিব, কোনোবাই প্ৰেমপত্ৰ লিখিব, মুখ্য সচিবক তই তই কে পত্ৰ লিখিব, দুভাগ-তিনিভাগ হৈ যাব সেয়া কোনোৱে ভাৱিছে নেকি । ৰাজনীতি সদায় মূল্যবোধৰ হ'ব লাগে ।"

notice issued by Central Committee of VEER LACHIT SENA to Shrinkhal Chaliha
বীৰ লাচিত সেনাৰ মুখ্য সচিব ৰণ্টু পানীফুকন স্বাক্ষৰিত বিশ্ৰাম পত্ৰখন (ETV Bharat Assam)

চিঠিখনক লৈ কোনোৱে নিকৃষ্ট ৰাজনীতি কৰা বুলি তেওঁ উল্লেখ কৰি কয়, "নিকৃষ্ট ৰাজনীতিৰ মাজত শৃংখল চলিহা, হেমন্ত বৰা, হৰ গগৈ আৰু ৰণ্টু পানীফুকন নাই । আমি মূল্যবোধৰ কথা বতৰাত বিশ্বাসী । বীৰ লাচিত সেনা সত্তাটো কোনোৱে দুভাগ কৰিব নোৱাৰে । চৰকাৰী ষড়যন্ত্ৰয়েই নোৱাৰিলে, কোনোৱে চিঠি লিখি দুভাগ কৰিব পাৰিব নেকি ? সাময়িক পৰিৱেশ পৰিস্থিতি বেলেগ । এনে পৰিৱেশ পৰিস্থিতিত যিকোনো সময়তে জাতিটোৰ বিপদ হ'ব পাৰে, শৃংখলক প্ৰয়োজনীয়তা হ'ব পাৰে ।" তেওঁ বাংলাদেশীৰ সংগ্ৰামখন সৈনিকসকলে চলায় যাব বুলি প্ৰকাশ কৰে ।

লগতে পঢ়ক:শৃংখল পঢ়া-শুনা নকৰা, বিষয়বস্তুৰ জ্ঞান নথকা, উটি-ভাঁহি ফুৰা ল’ৰা: অখিল গগৈ - MLA AKHIL GOGOI

সন্দেহজনক নাগৰিকে দা লৈ খেদিলে জাতীয় সংগঠনৰ নেতাক - PROTEST IN SONARI