গুৱাহাটী: শুকুৰবাৰে ঘোষণা হ'ল হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল । সকলো বিদ্যালয়ে পৰীক্ষাৰ ফলাফলক লৈ ব্যস্ত হৈ থকাৰ সময়তে কামৰূপ মহানগৰ জিলাৰ পাঁচখন বিদ্যালয়ে লাভ কৰিলে কাৰণ দৰ্শোৱাৰ জাননী ।
পৰীক্ষাৰ ফলাফল ভাল নোহোৱাৰ বাবে পাঁচখন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰিলে জিলাখনৰ বিদ্যালয়সমূহৰ পৰিদৰ্শক দীপিকা চৌধুৰীয়ে । হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফল প্ৰকাশৰ পাছতেই শুকুৰবাৰে কামৰূপ (মহানগৰ) জিলাৰ ৫ খন বিদ্যালয়লৈ কাৰণ দৰ্শোৱাৰ জাননী জাৰি কৰা হয় ।
আজি ঘোষিত ফলাফল অনুসৰি জিলাখনৰ এই ৫ খন বিদ্যালয়ৰ উত্তীৰ্ণ হাৰ ২৫ শতাংশতকৈ কম । কাৰণ দৰ্শোৱাৰ জাননী লাভ কৰা এই বিদ্যালয় কেইখন হৈছে ক্ৰমে- বৰসজাই হাইস্কুল, মালিগাওঁ হাইস্কুল, এন পি এম ই হাইস্কুল, পিলিংকাটা হাইস্কুল আৰু দিছপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় ।

বিদ্যালয়কেইখনৰ প্ৰধানলৈ প্ৰেৰণ কৰা কাৰণ দৰ্শোৱাৰ জাননীত উল্লেখ কৰা অনুসৰি বিদ্যালয়কেইখনে আশা কৰা ধৰণে প্ৰদৰ্শন কৰিব পৰা নাই । এই ফলাফলে শিক্ষাৰ্থীসকলক নিৰুৎসাহিত কৰিছে । বিদ্যালয়কেইখনৰ ফলাফলে বিদ্যালয় প্ৰশাসন আৰু তত্বাৱধানত বিসংগতি থকা বুলি উল্লেখ কৰি বিদ্যালয়কেইখনৰ প্ৰধানৰ বিৰুদ্ধে কিয় ব্যৱস্থা গ্ৰহণ কৰা নহ’ব, সেই সন্দৰ্ভত উত্তৰ দিবলৈ কোৱা হৈছে । এই জাননী লাভ কৰাৰ ৫ দিনৰ ভিতৰত বিদ্যালয় কেইখনৰ মুৰব্বীয়ে উত্তৰ দিব লাগিব ।
উল্লেখ্য যে, অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে প্ৰথমবাৰলৈ অনুষ্ঠিত কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ আজিৰ ফলাফলত উত্তীৰ্ণৰ হাৰ আছিল ৬৩.৯৮ শতাংশ । পৰীক্ষাত মুঠ ৪,২২,৭৩৭ গৰাকী শিক্ষাৰ্থী অৱতীৰ্ণ হৈছিল আৰু তাৰ ভিতৰত ২,৭০,৪৭১ গৰাকী শিক্ষাৰ্থী উত্তীৰ্ণ হৈছে । ইয়াৰে ছাত্ৰৰ উত্তীৰ্ণৰ হাৰ ৬৭.৫৯ শতাংশ আৰু ছাত্ৰীৰ উত্তীৰ্ণ হাৰ ৬১.০৯ শতাংশ । প্ৰথম বিভাগত উত্তীৰ্ণ হৈছে ৮৯,০৪১ গৰাকী শিক্ষাৰ্থী । ডিষ্টিংছন লাভ কৰিছে ৫,৩৩৬ গৰাকীয়ে । ষ্টাৰ মাৰ্ক লাভ কৰিছে ১৬,৫১৭ গৰাকীয়ে । বিভিন্ন বিষয়ত লেটাৰ মাৰ্ক লাভ কৰিছে ১,৬৮,৩১২ গৰাকীয়ে । দ্বিতীয় বিভাগত উত্তীৰ্ণ ১,৩৫,৫৬৮ গৰাকী আৰু তৃতীয় বিভাগত উত্তীৰ্ণ ৪৫, ৮৬২ গৰাকী শিক্ষাৰ্থী ।
লক্ষণীয় বিষয় যে পূৰ্বৰ তুলনাত এইবাৰ পৰীক্ষাৰ ফলাফল বেয়া হৈছে । এই কথা আনকি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱেও স্বীকাৰ কৰিছে ।
লগতে পঢ়ক: যোৱা বছৰৰ তুলনাত নিম্নগামী হৈছে ফলাফল: শিক্ষামন্ত্ৰীৰ অকপট স্বীকাৰোক্তি