ETV Bharat / state

সলনি হ'ল নাম কিন্তু উন্নত নহ'ল স্বাস্থ্যসেৱা !

ৰঙিয়া আদৰ্শ চিকিৎসালয়ত এতিয়া অৰাজকতা বিৰাজ কৰিছে । নাই পৰ্যাপ্ত চিকিৎসক আৰু চিকিৎসা সঁজুলি ।

Rangia Model Hospital condition
সলনি হ'ল নাম কিন্তু উন্নত নহ'ল স্বাস্থ্যসেৱা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 5, 2025 at 4:54 PM IST

4 Min Read
Choose ETV Bharat

ৰঙিয়া : "আছে গৰু নাবাই হাল, থকাতকৈ নথকাই ভাল"- এই যোজনা ফাঁকি যেন প্ৰতিফলিত হৈছে ৰাজ্যৰ স্বাস্থ্য বিভাগত ! আমি ক’ব বিচাৰিছো বৃহত্তৰ ৰঙিয়াৰ একমাত্ৰ আদৰ্শ চিকিৎসালয়খনৰ কথা ।

ৰঙিয়াৰ মাজমজিয়াত থকা আদৰ্শ চিকিৎসালয়খনত এতিয়া চিকিৎসক আৰু স্বাস্থ্য কৰ্মীৰ অভাৱ । চিকিৎসালয়খনত নাই এগৰাকীও বিশেষজ্ঞ চিকিৎসক । কেইবাকোটি টকা খৰচ কৰি প্ৰায় দশক পূৰ্বে নিৰ্মাণ কৰা চিকিৎসালয়খনত নাই পৰ্যাপ্ত চিকিৎসক । স্থানীয় ৰাইজক উন্নত স্বাস্থ্য সেৱা প্ৰদানৰ উদ্দেশ্যে নিৰ্মাণ কৰা চিকিৎসালয়খন বৰ্তমান অসাৰ হৈ পৰি ৰৈছে ।

সলনি হ'ল নাম কিন্তু উন্নত নহ'ল স্বাস্থ্যসেৱা (ETV Bharat)

ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ দুৰৱস্থা

পূৰ্বতে ৰঙিয়া তথা বৃহত্তৰ অঞ্চলৰ ৰাইজক কোনোমতে ৫ গৰাকী চিকিৎসকৰে সেৱা আগবঢ়াই থকা চিকিৎসালয়খনৰ পৰা পুনৰ আঁতৰাই নিয়া হ'ল আন দুজন চিকিৎসকক । চকু আৰু পেথ'ল'জি বিভাগৰ দুগৰাকী বিশেষজ্ঞ চিকিৎসকক ৰঙিয়াৰ পৰা বদলি কৰাৰ পিছত বৰ্তমান বিশেষজ্ঞ চিকিৎসক অবিহনে মাত্ৰ তিনিজন চিকিৎসকেহে ৰোগীক চিকিৎসা কৰি আছে । এনে পৰিস্থিতিত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ৰঙিয়াবাসী ।

বিশেষজ্ঞ চিকিৎসকৰ অভাৱৰ বাবে ৰোগীসকল উপায় বিহীন হৈ ব‍্যক্তিগত খণ্ডৰ চিকিৎসালয়ত অধিক ধন ভৰি চিকিৎসা গ্ৰহণ কৰিবলৈ বাধ্য হৈছে । বৃহত্তৰ অঞ্চলৰ একমাত্ৰ আদৰ্শ চিকিৎসালয়খন একপ্ৰকাৰ অচল হৈ থাকি ৰাইজৰ উপযুক্ত চিকিৎসা সেৱাৰ পৰা বঞ্চিত কৰাৰ লগতে চিকিৎসাৰ অধিকাৰ খৰ্ব কৰি আহিছে ।

প্ৰাক্তন বিধায়কৰ অভিযোগ

এই পৰিস্থিতিৰ বাবে স্থানীয় বিধায়ক ভৱেশ কলিতাৰ দায়িত্বহীনতাৰ বাবে হোৱা বুলি ক্ষোভ প্ৰকাশ কৰিছে প্ৰাক্তন বিধায়ক অনন্ত ডেকাই । তেওঁ কয়, "ৰঙিয়া মডেল হাস্পতালত বৰ্তমান সাংঘাটিক অৱস্থা । শেহতীয়াকৈ অসম চৰকাৰে এটাছমেণ্টৰ ব‍্যৱস্থা উঠাই দিয়াৰ ফলত চিকিৎসালয়খনত থকা বহু কেইগৰাকী চিকিৎসক তথা চিকিৎসাকৰ্মী চিকিৎসালয়খনৰ পৰা যাবলৈ বাধ‍্য হৈছে । তৃতীয় তথা চতুৰ্থ বৰ্গৰ ৭ জনকৈ কৰ্মীক বেলেগ ঠাইলৈ লৈ যোৱা হৈছে । লগতে চিকিৎসালয়খনৰ দুজনকৈ বিশেষজ্ঞ চিকিৎসকক বদলি কৰা হৈছে । এতিয়া কথা হ'ল তেওঁলোকে আদৰ্শ চিকিৎসালয়খন বন্ধ কৰি দিব নেকি ! মই ভাবো স্থানীয় বিধায়কে এইবোৰ বিষয়ত চকু কাণ মুদি বহি থকাতো উচিত নহয় । তেওঁ হস্তক্ষেপ কৰা উচিত । লগতে চিকিৎসালয়খনত পুনৰ বিশেষজ্ঞ চিকিৎসকক ওভতাই অনা উচিত ।"

ইফালে ৰঙিয়াৰ নাগৰিক মঞ্চ আৰু সচেতন লোকসকলেও স্বাস্থ্য বিভাগৰ এই উদাসীনতাক তীব্ৰ সমালোচনা কৰিছে । এই সন্দৰ্ভত চেণ্ট্ৰেল বেংকৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী তথা ৰঙিয়াৰ স্থায়ী বাসিন্দা দীপাংকৰ শৰ্মাই কয়, "আজি স্বাস্থ্য খণ্ডৰ ঘটনাবোৰ সঁচাই উদ্বেগজনক । ল'ৰালিকালত আমি অসুখ হ'লে প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ গৈছিলো । তাত চিকিৎসা হৈছিল । এতিয়া চৰকাৰে সালসলনি কৰি মডেল হাস্পতালৰ ধাৰণা এটা আনিলে । মানুহ বিলাক আশ্বস্ত হৈছিল আমি ভাল চিকিৎসা লাভ কৰিম । কিন্তু ৰাজ‍্যখনৰ কথা এৰি আমি যদি অকল ৰঙিয়াৰ কথা কওঁ, ইয়াত আজিৰ দিনত চিকিৎসালয়খনত কোনো বিশেষজ্ঞ চিকিৎসক নাই । বিত্তীয়ভাৱে শক্তিশালী লোকসকলে ব‍্যক্তিগত খণ্ডত যোৱাটো নিয়ম হৈ গ'ল । কিন্তু এইটো নিয়ম হ'ব নোৱাৰে । যিখন সমাজত ৮০ শতাংশ লোকক চৰকাৰে অন্ন সুৰক্ষা দিছে তেনে সমাজৰ বাবে চৰকাৰে স্বাস্থ্য নীতি গ্ৰহণ নকৰাটো ভয়ংকৰ কথা । স্বাস্থ্যখণ্ডৰ উদ্বেগজনক ঘটনা তথা পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পোৱাৰ এটাই উপায় আছে জনপ্ৰতিনিধিসকল অলপ আগবাঢ়ি আহক আৰু কিছু সচেতন হৈ কিছু পদক্ষেপ গ্ৰহণ কৰক ।"

উল্লেখ্য যে ২০২৩ চনৰ ২৬ মার্চত অসমৰ মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মাই স্থানীয় বিধায়ক ভৱেশ কলিতাৰ উপস্থিতিত ৰঙিয়া আদৰ্শ চিকিৎসালয়ৰ চৌহদত ৪৭ খন আইচিইউ বিছনাযুক্ত চিকিৎসালয়খন আনুষ্ঠানিকভাৱে মুকলি কৰিছিল । কিন্তু প্রায় ৪.৫২ কোটি টকা ব্যয় কৰি আটকধুনীয়াকৈ সজাই তোলা আইচিইউ আজি পৰ্যন্ত ৰাইজৰ বাবে মুকলি কৰা নহ'ল । যাৰ ফলত বহুমূলীয়া সা-সৰঞ্জামসমূহ নষ্ট হ'বলৈ ধৰিছে । আনহাতে আদৰ্শ চিকিৎসালয়খনত থকা X-Ray মেছিনটোও ২০১৮ চনৰ পৰাই অব্যৱহৃত হৈ পৰি ৰৈছে ।

লগতে পঢ়ক: AMCH ত ৮.৮৯ কোটি টকা ব্যয়ৰে নিৰ্মাণ হ’ব অত্যাধুনিক কেবিন - CAPACITY EXPANSION AT AMCH