গুৱাহাটী : ৰাজ্যৰ জিলাই জিলাই চিকিৎসা মহাবিদ্যালয় হাস্পতাল স্থাপন কৰাৰ বাবে মুখ্যমন্ত্রী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে উদ্যোগ গ্ৰহণ কৰাৰ সময়তে উন্মোচন হৈছে ৰাজ্যখনৰ চৰকাৰী চিকিৎসাখণ্ডৰ প্ৰকৃত স্বৰূপ । চিকিৎসা সেৱাৰ নামত বিশাল পৰিমাণৰ পুঁজি ব্যয় কৰি অট্টালিকা নিৰ্মাণ কৰা হৈছে যদিও সেই অনুপাতে নাই চিকিৎসক তথা চিকিৎসা কৰ্মী ।
লক্ষণীয় বিষয় যে চৰকাৰে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ সফলতাৰ দাবী কৰি অহাৰ বিপৰীতে বিধানসভাৰ মজিয়াত উন্মোচিত হৈছে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ শোচনীয় অৱস্থা । বিধানসভাৰ চলিত বাজেট অধিৱেশনতে ৰাজ্যৰ স্বাস্থ্যখণ্ডৰ প্ৰকৃত স্বৰূপটো উন্মোচিত হৈছে । উল্লেখ্য় যে ৰাজ্যত স্বাস্থ্য সেৱা উন্নত কৰাৰ বাবে নতুন নতুন চিকিৎসা মহাবিদ্যালয়, হাস্পতাল নিৰ্মাণ কৰি থকা হৈছে । চিকিৎসালয়ৰ সংখ্যা বৃদ্ধি পাইছে যদিও চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ অভাৱো বৃদ্ধি পাইছে ।
ৰাজ্যৰ গ্ৰাম্য চিকিৎসালয়সমূহৰ কথা দূৰৈৰে, আনকি অসমৰ চিকিৎসা খণ্ডত আশাৰ বতৰা কঢ়িয়াই স্থাপন হোৱা এইমছ, গুৱাহাটীৰ ব্লাডবেংকত এতিয়ালৈ আৰম্ভ হোৱা নাই তেজ সংগ্ৰহৰ কাম । বিধানসভাত কংগ্ৰেছৰ বিধায়ক ৰেকিবুদ্দিন আহমেদে উত্থাপন কৰা লিখিত প্রশ্নৰ উত্তৰত স্বাস্থ্যমন্ত্ৰী অশোক সিংহলে দাঙি ধৰা তথ্যসমূহে উদঙাই দিছে স্বাস্থ্যখণ্ডৰ এনে পয়ালগা ছবি ।
স্বাস্থ্যমন্ত্রীয়ে সদনত দিয়া তথ্য অনুসৰি অসমত বৰ্তমান ১৩ খন চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ কাম-কাজ চলি আছে । গুৱাহাটীত প্ৰাগজ্যোতিষ চিকিৎসা মহাবিদ্যালয়ৰ নিৰ্মাণ প্ৰায় সম্পূৰ্ণ হৈছে । তদুপৰি বিশ্বনাথ, চৰাইদেউ, তামুলপুৰ, ধেমাজি, বঙাইগাঁও, মৰিগাঁও, গোলাঘাট, শিৱসাগৰ আৰু শ্ৰীভূমি জিলাত চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণৰ কাম চলি আছে । তদুপৰি হোজাই, দৰং,হাইলাকান্দি আৰু গোৱালপাৰা জিলাত চিকিৎসা মহাবিদ্যালয় হাস্পতাল নিৰ্মাণৰ পৰিকল্পনা চলি আছে। কিন্তু দুর্ভাগ্যজনক বিষয়টো হৈছে বৰ্তমান ৰাজ্যত কাৰ্যক্ষম হৈ থকা চিকিৎসা মহাবিদ্যালয় হাস্পতালসমূহত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ হাজাৰ হাজাৰ পদ খালী হৈ আছে ।

চতুৰ্থ শ্ৰেণীৰ পদৰ ১,৫৯১ টা পদ এতিয়াও খালী :
স্বাস্থ্যমন্ত্ৰীয়ে সদনত দিয়া তথ্য মতে, বর্তমান অসমত কাম-কাজ চলি থকা ১৩খন চিকিৎসা মহাবিদ্যালয় হাস্পতালত অনুমোদিত তৃতীয় শ্ৰেণীৰ পদৰ সংখ্যা হৈছে ৫,০৫৯ টা । কিন্তু এই ১৩খন চিকিৎসা মহাবিদ্যালয় হাস্পতালত ২,০৪০ টা তৃতীয় শ্ৰেণীৰ পদ আজি পর্যন্ত খালী হৈ আছে । আনহাতে, এই ১৩খন চিকিৎসা মহাবিদ্যালয় হাস্পতালত চতুর্থ শ্ৰেণীৰ অনুমোদিত পদৰ সংখ্যা হৈছে ৩,৮৮১ টা । কিন্তু এই অনুমোদিত চতুৰ্থ শ্ৰেণীৰ পদৰ ১,৫৯১ টা পদ এতিয়াও খালী হৈ আছে ।

এইমছ, গুৱাহাটীতেই অভাৱ চিকিৎসকৰ :
ইফালে, গুৱাহাটীৰ নিকটৱৰ্তী চাংসাৰিত এইমছ, গুৱাহাটী স্থাপন হোৱাৰ পিছত ৰাজ্যৰ জনগণে উন্নত চিকিৎসা লাভ কৰিব বুলি সকলোৱে ধাৰণা আৰু আশা কৰিছিল । কিন্তু ৰাইজৰ এই প্ৰত্যাশাৰ বিপৰীতে সদনত দিয়া তথ্য অনুসৰি এইমছ, গুৱাহাটীত এতিয়াও অধ্যাপকৰ ৭৯ টা পদ খালী হৈ আছে । এইমছ, গুৱাহাটীত অনুমোদিত অধ্যাপকৰ সংখ্যা ১৮৩ গৰাকী । ইয়াৰে ৭৯ গৰাকীৰ পদ খালী হৈ আছে । তদুপৰি এইমছ, গুৱাহাটীত গ্রুপ-এৰ অনা-শৈক্ষিক অনুমোদিত পদৰ সংখ্যা হৈছে ৩৩৩ টা । কিন্তু ইয়াৰ ভিতৰত এতিয়াও খালী হৈ আছে ১৫৯ টা পদ ।
আনহাতে, গ্রুপ-বিৰ অনুমোদিত ৯৭০ টা পদৰ ভিতৰত খালী হৈ আছে ৪৯৫ টা পদ। তদুপৰি গ্ৰুপ-চিৰ অনুমোদিত ৯৯ টা পদৰ ভিতৰত ৩৫ টা পদ এতিয়াও খালী হৈ আছে। এইমছ, গুৱাহাটীৰ চাৰিটা গুৰুত্বপূৰ্ণ বিভাগৰ অধ্যাপকৰ সাক্ষাৎকাৰ অলপতেহে অনুষ্ঠিত হোৱা বুলি সদনত স্বাস্থ্য মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিছিল । তথ্য অনুসৰি এইমছ, গুৱাহাটীত চিটিস্কেন মেচিন সংস্থাপনৰ কাম এতিয়াও চলি আছে । আনহাতে, এইমছৰ ব্লাডবেংকত তেজ সংগ্ৰহৰ কাম বৰ্তমানলৈ আৰম্ভই হোৱা নাই ।

জিলা পৰ্যায়তো অভাৱ চিকিৎসক, চিকিৎসা কৰ্মীৰ :
ইফালে, জিলা পৰ্যায়ৰ চিকিৎসালয়সমূহতো চিকিৎসক, চিকিৎসা কৰ্মীৰ অভাৱ পৰিলক্ষিত হৈছে । সদনত দিয়া তথ্য অনুসৰি জিলা পৰ্যায়ৰ চিকিৎসালয়সমূহত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ পদৰ সংখ্যা হৈছে ১২,৭৫০ টা । কিন্তু ইয়াৰ ভিতৰত চিকিৎসক আৰু চিকিৎসা কৰ্মীৰ ৩,৫৯৫ টা পদ এতিয়াও খালী হৈ আছে । গতিকে ৰাজ্যৰ চৰকাৰী স্বাস্থ্যখণ্ড এতিয়া কেনেদৰে চলি আছে সেয়া বিধানসভাৰ মজিয়াতে উন্মোচিত হৈছে ।