চৰ্জুন হাঞ্চেক আছুৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব; শেহতীয়া বিতৰ্ক সন্দৰ্ভত তদন্ত কৰিব আছুৱে - AASU General Secretary in Charge
AASU executive meeting: শংকৰজ্যোতি বৰুৱাৰ পদত্যাগৰ পিচতে ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব দিয়া হ’ল চৰ্জুন হাঞ্চেক ৷ আগন্তুক চাৰি মাহৰ ভিতৰত স্থায়ী সাধাৰণ পদ নিৰ্বাচিত কৰাৰ সম্ভাৱনা ৷ ইফালে শংকজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত অভিযোগ আৰু পৰৱৰ্তী সময়ৰ কেতবোৰ বিষয়ৰ তদন্তৰ বাবে সমিতি গঠন আছুৰ ৷

Published : September 18, 2024 at 11:05 PM IST
গুৱাহাটী, ১৮ ছেপ্টেম্বৰ : ১৩ ছেপ্টেম্বৰত আছুৰ সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰিছিল শংকৰজ্যোতি বৰুৱাই ৷ তাৰ পিচতে বুধবাৰে অৰ্থাৎ ১৮ ছেপ্টেম্বৰত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সদস্য পদো তেওঁ ত্যাগ কৰে ৷
৬ দিন পূৰ্বে শংকৰজ্যোতি বৰুৱাই সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰা পিচত বুধবাৰে সংগঠনটোৰ সহকাৰী সহকাৰী সাধাৰণ সম্পাদক চৰ্জুন হাঞ্চেক ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব অৰ্পণ কৰা হয় ৷ বুধবাৰে গুৱাহাটী বিশ্ববিদ্যালয়স্থিত আছুৰ কেন্দ্ৰীয় কাৰ্যালয়ত অনুষ্ঠিত ছাত্ৰ সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ জৰুৰী সভাত এই সিদ্ধান্ত গ্ৰহণ কৰা হয় । আগন্তুক চাৰিমাহৰ ভিতৰত অনুষ্ঠিত হ’বলগীয়া সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সভাত নিৰ্বাচন কৰা হ’ব স্থায়ী সাধাৰণ সম্পাদক ৷ সেই পৰ্যন্ত চৰ্জুন হাঞ্চেই ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদক হিচাপে দায়িত্ব পালন কৰি থাকিব ৷
চৰ্জুন হাঞ্চেই ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণৰ পিচতে মুখ্য উপদেষ্টা সমুজ্জ্বল ভট্টাচাৰ্যই কয়, ‘‘চৰ্জুন হাঞ্চেৰ নেতৃত্বতে ডিফু আঞ্চলিক ছাত্ৰ সন্থা গঠন হৈছিল ৷ কাৰ্বি আংলঙত জিলা ছাত্ৰ সন্থাৰ আন আন সদস্যসকলৰ সহযোগত সংগঠনৰ প্ৰসাৰৰ বাবে তেওঁ কাম কৰি আছে ৷ সেইগৰাকী ছাত্ৰনেতাই সদৌ অসম ছাত্ৰ সন্থাৰ ভাৰপ্ৰাপ্ত সাধাৰণ সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰা মুহূৰ্তটোত মই অতি আনন্দিত আৰু গৌৰৱান্বিত ৷’’
শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে অভিযোগৰ সন্দৰ্ভত তদন্ত সমিতি গঠন :
আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে উত্থাপিত অভিযোগৰ সন্দৰ্ভত গঠন কৰা হৈছে তদন্ত সমিতি ৷ এই সন্দৰ্ভত সভাপতি উৎপল শৰ্মাই কয়, ‘‘প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীৰ বিৰুদ্ধে অহা ৰাজহুৱা অভিযোগ, তেখেতে ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদকৰ পৰা অব্যাহতি লোৱাৰ পৰিস্থিতি, তাৰ পৰৱৰ্তী সময়ত বিভিন্ন মাধ্যমত ছাত্ৰ সন্থাৰ মাজত বিভাজন আনিবলৈ কৰা অপচেষ্টা আদি বিষয়ত পুংখানুপুংখভাৱে তদন্ত কৰি এক প্ৰতিবেদন দাখিল কৰিবৰ কাৰণে দহজনীয়া তদন্ত সমিতি ৰাজ্যিক কাৰ্যনিৰ্বাহক সভাই গঠন কৰি দিছে ৷ এই তদন্ত সমিতিখনে তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিব ৷ সেই প্ৰতিবেদনৰ ওপৰত ভিত্তি কৰি প্ৰয়োজন সাপেক্ষে ৰাজ্যিক কাৰ্যনিৰ্বাহকে সাংগঠিক কিছু সিদ্ধান্ত গ্ৰহণ কৰিব বুলি আজিৰ কাৰ্যনিৰ্বাহকে সিদ্ধান্ত লৈছে ৷’’
উল্লেখ্য যে এগৰাকী যুৱতীয়ে শংকৰজ্যোতি বৰুৱাৰ বিৰুদ্ধে প্ৰেম-প্ৰতাৰণাৰ অভিযোগ উত্থাপন কৰাৰ পিচতে বিতৰ্কৰ সৃষ্টি হৈছিল ৷ ভিন্ন মহলৰ সমালোচনাৰ সম্মুখীন হৈছিল শংকৰজ্যোতি বৰুৱা ৷ তাৰ পিচতে আছুৰ মুখ্য উপদেষ্টা সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্য আৰু সভাপতি উৎপল শৰ্মাই শংকজ্যোতি বৰুৱাক পৰামৰ্শ দিছিল অব্যাহতিৰ বাবে ৷ মুখ্য উপদেষ্টা আৰু সভাপতিৰ পৰামৰ্শ অনুসৰি সাধাৰণ সম্পাদকৰ পদ ত্যাগ কৰিছিল শংকৰজ্যোতি বৰুৱাই ৷
বিতৰ্কত সাঙোৰ খোৱাৰ পিচত ছাত্ৰ সংগঠনটোৰ গুৰু দায়িত্ব এৰা শংকৰজ্যোতি বৰুৱাই বুধবাৰে সাধাৰণ সদস্যৰ পদো ত্যাগ কৰি আছুৰ মজিয়া এৰে ৷
লগতে পঢ়ক : কোন হ’ব আছুৰ নতুন সাধাৰণ সম্পাদক ?
পদত্যাগৰ বাবে শংকৰজ্যোতি বৰুৱাক ধন্যবাদ জ্ঞাপন : উজনি-নামনি বিভেদ সন্দৰ্ভতো ৰাইজলৈ বিশেষ আহ্বান আছুৰ

