কাঁহীতে থাকিল বঢ়া ভাত ! লোমহৰ্ষক ডকাইতিকাণ্ডত হত্যা অৱসৰী কৰ্মচাৰীক
অসম চৰকাৰৰ অৱসৰী কৰ্মচাৰীক নিশা গামোচাৰে মেৰিয়াই হত্যা কৰি নলবাৰীৰ মোহখলীত শুকুৰবাৰে নিশা ভয়ংকৰ ডকাইতিৰ ঘটনা ।

Published : August 30, 2025 at 2:22 PM IST
নলবাৰী: কাঁহীৰ বঢ়া ভাত কাঁহীতেই থাকিল ! নিশা ৰন্ধা ভাত খাবলৈ নাপালে পতী-পত্নীয়ে । এক লোমহৰ্ষক ডকাইতিকাণ্ডত পত্নীৰ চকুৰ সন্মুখতে হত্যা কৰিলে এগৰাকী অৱসৰপ্ৰাপ্ত কৰ্মচাৰীক । এই ঘটনাক লৈ তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে নলবাৰীত ।
নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰী কৰ্মচাৰী প্ৰমোদ বৰ্মন আৰু তেওঁৰ পত্নী মীৰা তালুকদাৰ বৰ্মনে স্বগৃহত অকলে থকা অৱস্থাত শুকুৰবাৰে নিশা প্ৰায় ১০ বজাত এটি তিনি-চাৰিজনীয়া ডকাইতৰ দলে প্ৰৱেশ কৰে । পত্নী মীৰা তালুকদাৰ বৰ্মনে নিশাৰ ভাতসাঁজ সজাই প্ৰমোদ বৰ্মনলৈ লৈ আহোঁতেই চকুৱে-মুখে বান্ধি লুটপাত চলায় ডকাইতৰ দলটোৱে । তাৰ পিছতে ঘটি যায় কৰুণ ঘটনাটি ।
ৰাতিৰ ভাতসাঁজ আৰু খাবলৈ নাপালে দুয়ো পতী-পত্নীয়ে । পত্নীক চকুৱে-মুখে বান্ধি অচেতন কৰি স্বামী তথা অৱসৰী কৰ্মচাৰী প্ৰমোদ বৰ্মনক গামোচাৰে মেৰিয়াই, মৰিয়াই মৰিয়াই হত্যা কৰি থৈ যায় ডকাইতৰ দলটোৱে । ঘৰৰ গৰাকীক হত্যা কৰি ডকাইতৰ দলটোৱে লুটি লৈ যায় সোণৰ আ-অলংকাৰ, নগদ ধন । এই লোমহৰ্ষক ডকাইতিত মৃত্যু হোৱা লোকজন হৈছে ৭৩ বছৰীয়া প্ৰমোদ চন্দ্ৰ বৰ্মন ।
আনহাতে, অতি কৌশলেৰে প্ৰাণৰক্ষা কৰে প্ৰমোদ চন্দ্ৰ বৰ্মনৰ পত্নী মীৰা তালুকদাৰ বৰ্মনে ৷ ডকাইতৰ দলটোৱে অচেতন কৰিব চোৱাত অচেতন হোৱাৰ ভাও জুৰিছিল পত্নী মীৰা তালুকদাৰ বৰ্মনে ।
উল্লেখ্য যে ডকাইতৰ দলটোৰ তিনিজন ঘৰৰ ভিতৰত প্ৰৱেশ কৰি গৃহস্থক হাতে-ভৰিয়ে বান্ধি মৰিয়াই মৰিয়াই হত্যাৰ চেষ্টা কৰিছিল । ইতিমধ্যে নিশাৰ ভাগতে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষীৰ বৃহৎ দল । জিলাখনৰ বেলশৰ আৰক্ষী থানাৰ অন্তৰ্গত মোহখুলীৰ এই ঘটনাক লৈ এতিয়া অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হৈছে ।
ডকাইতৰ দলটোৱে ঘটনাস্থলীতে পেলাই থৈ যায় ডকাইতিত ব্যৱহৃত গামোচা, ৰছী, মাস্কসহ বিভিন্ন সামগ্ৰী । সম্প্ৰতি অতিৰিক্ত আৰক্ষী অধীক্ষক, স্থানীয় আৰক্ষী, দণ্ডাধীশ উপস্থিত হৈ তদন্ত অব্যাহত ৰাখিছে ।
ইফালে স্বামীৰ নিথৰ দেহৰ সন্মুখত হিয়া ঢাকুৰি কান্দি পত্নী মীৰা তালুকদাৰ বৰ্মনে কয়, "ঘটনাটো ৯.৪৫ মানত হৈছিল । মই পাকঘৰত ভাত বাঢ়িব গৈছিলোঁ । ইখন দৰ্জাৰে সোমাল নে সিখনেৰে সোমাল গম নাপালোঁ, দুয়োখন দৰ্জা খোলা আছিল । মই দেখাৰ লগে লগে হতভম্ব হৈ গৈছোঁ, একো বুজিব পৰা নাই । কিন্তু মুখত খোপা দিয়াৰ লগে লগে গম পাই গৈছোঁ । এওঁৰ মুখত টেপ মাৰিছে, সোপা দি ধৰিছে, বেহুঁচ কৰিব পৰা নাই । প্ৰথমবাৰ বেহুঁচ কৰিলে । দ্বিতীয়বাৰ কৰিব নোৱৰাত এজনে কৈছে মাৰি পেলা । তিনিজন ডেকা ল'ৰা আছিল ।"

