ETV Bharat / state

ৰাজ্য কঁপোৱা হত্য়াকাণ্ডত জড়িত দুই ডকাইতক গ্ৰেপ্তাৰ, যুৱতীকো আটক

ডকাইতি কৰি কাঢ়ি নিয়া ম'বাইল ফোন উপহাৰ দিছিল প্ৰেমিকাক । তাৰ পিচতেই জালত পৰিল অভিযুক্ত ।

ACCUSE OF NALBARI HORRIBLE ROBBERY CASE
ডকাইতিত অভিযুক্ত ভস্কৰ ডেকা আৰু মৃন্ময় বেজবৰুৱা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 7, 2025 at 8:30 PM IST

3 Min Read
Choose ETV Bharat

নলবাৰী : ৰাজ্য কঁপোৱা এক হত্য়াকাণ্ড । ডকাইতি কৰিবলৈ ঘৰত প্ৰৱেশ কৰাৰ পিচত এটা ৪-৫ জনীয়া ডকাইতৰ দলে পত্নীৰ সন্মুখতেই নৃশংসভাৱে হত্য়া কৰিছিল এগৰাকী অৱসৰী কৰ্মচাৰীক । ইয়াৰ পিচতেই আৰম্ভ হ'ল আৰক্ষীৰ অভিযান ।

ঘটনাটো সংঘটিত হোৱাৰ ৯ দিনৰ ভিতৰতেই আৰক্ষীৰ জালত পৰিল এগৰাকী যুৱতীসহ দুজন যুৱক । ডকাইতৰ দলটোৱে ভুক্তভোগীৰ পৰা কাঢ়ি নিয়া এটা ম'বাইল ফোনৰ আঁতধৰিয়েই অৱশেষত আৰক্ষীৰ জালত পৰিল ডকাইতিকাণ্ডত জড়িত দুই যুৱক ।

মোহখলী গাঁৱৰ ডকাইতি-কাণ্ডৰ অভিযুক্তক গ্ৰেপ্তাৰ সন্দৰ্ভত আৰক্ষীৰ ভাষ্য় (ETV Bharat Assam)

নলবাৰী জিলাৰ মোহখলী গাঁৱৰ প্ৰমোদ বৰ্মন আৰু মীৰা তালুকদাৰ বৰ্মন নামৰ বৃদ্ধ দম্পতীৰ ঘৰত অকলে থকা অৱস্থাত নিশাৰ ভাগত আহাৰ গ্ৰহণৰ পূৰ্বে এটি ডকাইতৰ দলে ঘৰত প্ৰৱেশ কৰি অতি নৃশংসভাৱে হত্যা কৰিছিল নলবাৰী জিলা আয়ুক্ত কাৰ্যালয়ৰ অৱসৰী কৰ্মচাৰী প্ৰমোদ বৰ্মনক । পত্নী মীৰা তালুকদাৰ বৰ্মনক অচেতন কৰি স্বামী প্ৰমোদ বৰ্মনক হত্যা কৰিছিল ডকাইতৰ দলটোৱে আৰু আজি দহাৰ দিনা আৰক্ষীয়ে হত্যাকাৰীৰ ক্লু বিচাৰি পাই আটক অৰে এগৰাকী যুৱতীসহ দুই যুৱকক ।

ধৃত যুৱক দুজন ক্ৰমে একে গাঁৱৰে ভস্কৰ ডেকা আৰু আনজন নলবাৰীৰ নিজ বাঁহজানী গাঁৱৰ মৃন্ময় বেজবৰুৱা ।

কেনেকৈ জালত পৰিল অভিযুক্ত ?

এই সন্দৰ্ভত নলবাৰীৰ উপ-আৰক্ষী অধীক্ষক পৰীক্ষিত লাহনে সদৰী কৰিলে অভিযুক্তক গ্ৰেপ্তাৰৰ কথা । উপ-আৰক্ষী অধীক্ষকগৰাকীয়ে কয়, "এই ঘটনা সন্দৰ্ভত দুজনক গ্ৰেপ্তাৰ কৰা হৈছে । এজন মোহখলী গাঁৱৰ ভস্কৰ ডেকা আৰু আনজন যুৱক নলবাৰীৰ নিজ বাঁহজানী গাৱৰ মৃন্ময় বেজবৰুৱা । মৃন্ময় বেজবৰুৱাক নলবাৰীতেই গ্ৰেপ্তাৰ কৰা হৈছে । ডকাইতৰ দলটোত ৪-৫ জনমান আছিল বুলি সন্দেহ কৰিছো ।"

ACCUSE OF NALBARI HORRIBLE ROBBERY CASE
ডকাইতিত অভিযুক্ত ভস্কৰ ডেকা (ETV Bharat Assam)

"এই ঘটনাটো হত্য়াকাণ্ড নেকি সেয়া মৰণোত্তৰ পৰীক্ষাৰ পিচত জানিব পৰা যাব । আটাইকেইজনেই এই ঘটনাটোত জড়িত । এগৰাকী যুৱতীৰ বিৰুদ্ধে তদন্ত চলি আছে । তেওঁ জড়িত থকাৰ তথ্য় পালেই গ্ৰেপ্তাৰ কৰা হ'ব । ভুক্তভোগী মীৰা তালুকদাৰৰ ম'বাইল ফোনটো আৰু এখন স্কুটী গুৱাহাটীৰ পৰা উদ্ধাৰ কৰা হৈছে । চুৰি কৰা ম'বাইল ফোনটো মৃন্ময় বেজবৰুৱাই উপহাৰ দিছিল তেওঁ প্ৰেমিকাক । এই ম'বাইলটোৰ নম্বৰ ট্ৰেক কৰিয়েই তদন্ত আগবাঢ়িছিল । "

ACCUSE OF NALBARI HORRIBLE ROBBERY CASE
ডকাইতিত অভিযুক্ত মৃন্ময় বেজবৰুৱা (ETV Bharat Assam)

গ্ৰেপ্তাৰ হোৱা দুই যুৱকে ইতিমধ্যে আৰক্ষীৰ আগত এই সকলোবোৰৰ স্বীকাৰোক্তি দিছে বুলিও জানিব পৰা গৈছে । আনহাতে উক্ত ডকাইতি কাণ্ডত জড়িত আন দুজন এতিয়াও পলাতক হৈ থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । ইতিমধ্যে বেলশৰ আৰক্ষী থানাত ৰুজু হৈছে ৮৩/২৫ নম্বৰত এটি গোচৰ । সমগ্ৰ ঘটনা সন্দৰ্ভত ক্ষীপ্ৰ তদন্ত অব্যাহত ৰাখিছে নলবাৰী আৰক্ষীৰ শীৰ্ষ বিষয়াই ।

উল্লেখ্য় যে, যোৱা ২৯ আগষ্টৰ নিশা মোহখলীৰ প্ৰমোদ চন্দ্ৰ বৰ্মনক ডকাইতে ডকাইতি কৰাৰ লগতে বাসগৃহতে বান্ধি অতি নিৰ্মমভাৱে হত্যা কৰিছিল । অধিক তদন্তৰ খাতিৰত উপ-আৰক্ষী অধীক্ষক গৰাকীয়েও কিছু কথা ব্যক্ত কৰাৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক: কাঁহীতে থাকিল বঢ়া ভাত ! লোমহৰ্ষক ডকাইতিকাণ্ডত হত্যা অৱসৰী কৰ্মচাৰীক