হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কুৰ্মীৰ বুকুতে গোৰ মাৰি দিলে: অখিল গগৈ
ৰূপজ্যোতি কুৰ্মীক প্ৰত্যাহ্বান অখিল গগৈৰ । কুৰ্মী এইবাৰ বিধানসভালৈ যাবলৈ নাপাব বুলি কিয় ক'লে গগৈয়ে ?

Published : March 24, 2025 at 6:51 PM IST
যোৰহাট: বিধানসভাত মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ আচৰণক লৈ ৰাজনৈতিক মহলত ব্যাপক প্ৰতিক্ৰিয়া হৈ আছে । বিধানসভাৰ মজিয়াত সতীৰ্থক আক্ৰমণ কৰিবলৈ যোৱা কাৰ্যক সহজভাৱে ল'ব পৰা নাই সচেতন মহলে । তাৰ মাজতে ৰূপজ্যোতি কুৰ্মীক তীব্ৰ সমালোচনা কৰিলে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে । অখিল গগৈৰ মতে এইবাৰ মৰিয়নীত জয়ী হ'ব নোৱাৰে ৰূপজ্যোতি কুৰ্মী । সমষ্টিবাসীয়ে ইতিমধ্যে তেওঁৰ সংগ এৰিছে বুলি দাবী কৰে অখিল গগৈয়ে । তেওঁ কয়, "ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খোজাৰ কিবা অৰ্থ আছে নেকি ? এইমাত্ৰ ক্ষমা খুজিলে আৰু তাৰ পাছতে আকৌ ১০ টা বেয়া কথা ক'লে । গতিকে ৰূপজ্যোতি কুৰ্মীয়ে ক্ষমা খোজাৰ কোনো অৰ্থই নাই ।"
ৰূপজ্যোতি কুৰ্মীক প্ৰত্যাহ্বান অখিল গগৈৰ
মৰিয়নীৰ বিধায়কজনক প্ৰত্যাহ্বান জনাই অখিল গগৈয়ে কয়, "মই আৰু ৰূপজ্যোতিক পৰামৰ্শ দিবলৈ নাই । ই একদম মূৰত উঠিলে । ২০২৬ত আমি ৰূপজ্যোতিক হৰুৱাব লাগিব । উৎপাত বেছি হৈছে, ৪-৫ বাৰ জিকি লৈ উৎপাত হৈ গৈছে । মোক গোটেই মৰিয়নীৰ মানুহে ফোন কৰি আছে যে অখিলক যেনে তেনে হৰুৱাব লাগে, নহ'লে ই আমাৰ মৰিয়নীৰ মান সন্মান খাই দিছে ।" ধোদৰ আলিৰ দুৰৱস্থা সন্দৰ্ভতো তেওঁ মুখ্যমন্ত্ৰীক বিশেষ আহ্বান জনাই কয়, "মুখ্যমন্ত্ৰী ডাঙৰীয়া, মই মৰিয়নী সমষ্টিৰ বাসিন্দা । আমাৰ সমষ্টিৰ ১৩ কিঃমিঃ এৰিয়া মটৰ চাইকেল এখন চলাব নোৱাৰা পৰিস্থিতি হৈ আছে...এই পৰিস্থিতি চাবলৈ আপুনি এবাৰ আহক, আপুনি এনেই য'তে ত'তে বহি লৈ ফটা লেকচাৰ মাৰি নাথাকিব । অতি সোনকালে বাৰিষাৰ আগতে এই ধোদৰ আলিৰ মেৰামতিৰ ব্যৱস্থা কৰক ।"

মৰিয়নীৰ পৰা কিয় জয়ী হ'ব নোৱাৰে ৰূপজ্যোতি কুৰ্মী ?
তেওঁ লগতে আগন্তুক বিধানসভাত মৰিয়নী সমষ্টিৰ নিৰ্বাচন সন্দৰ্ভত কয়, "মই মৰিয়নীৰ পৰা নেখেলো ৷ কিন্তু উমৈহতীয়াকৈ এনেকুৱা এজন প্ৰাৰ্থী দিম, যিজনে এইবাৰ অনায়াসে ৰূপজ্যোতি কুৰ্মীক হৰুৱাব । ৰূপজ্যোতি কুৰ্মীয়ে জনসংখ্যাৰ গাঁথনিৰ কাৰণেহে জিকি আছিল । কিন্তু হিমন্ত বিশ্ব শৰ্মাই ৰূপজ্যোতি কুৰ্মীৰ বুকুতে গোৰ মাৰি দিলে । সমষ্টি পুনৰ নিৰ্ধাৰণত মৰিয়নী সমষ্টিটো এনেকুৱা জনগাঁথনিৰে গঠন কৰি দিলে যে ৰূপজ্যোতি কুৰ্মী এই নিৰ্বাচনত জিকাটো অসম্ভৱ । হৰুৱাবৰ বাবে হিমন্ত বিশ্বই ব্যৱস্থা কৰিলে । সেই কাৰণে ৰূপজ্যোতি কুৰ্মীৰ ২৪ ঘণ্টাই মূৰটো গৰম হৈ থাকে । ৰূপজ্যোতি কুৰ্মীয়ে পাগলামি কৰিবলৈ কোনোপধ্যেই বিধানসভা নাপাব ।" মাতৃৰ স্বাস্থ্যৰ বুজ ল'বলৈ যোৰহাটত উপস্থিত হৈ এই মন্তব্য কৰে অখিল গগৈয়ে ।

উল্লেখ্য যে শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈক দেওবাৰে নিশা স্বাস্থ্যজনিত সমস্যাৰ বাবে যোৰহাট চিকিৎসা মহাবিদ্যালয় হাস্পতালত ভৰ্তি কৰোৱা হয় । তাৰ পিছতে তেওঁ হাস্পতালত উপস্থিত হৈ কয়, "মাৰ স্বাস্থ্য বৰ্তমান সুস্থিৰ আৰু কিছুদিন ইয়াতে থাকিব লাগিব । মোৰ মা বহুত সাহসী আৰু পৃথিৱীৰ শ্ৰেষ্ঠ অভিভাৱক, বন্ধু ।" ইফালে মাতৃৰ অসুস্থতাৰ বাবে বিধানসভাত উপস্থিত থাকিব নোৱাৰিব বুলিও অখিল গগৈয়ে উদ্বেগ প্ৰকাশ কৰে । অখিল গগৈয়ে জনোৱা মতে কেইবাটাও বিষয়ত বিধানসভা স্থগিতৰ প্ৰস্তাৱৰ বাবে তেওঁ সাজু হৈছিল ।
লগতে পঢ়ক :ৰূপজ্যোতিকাণ্ডৰ বিৰোধিতাৰে জেওৰা-জপনা লৈ সদনলৈ আহিল বিৰোধী - OPPOSITION PROTEST AGAINST BJP MLA

