গুৱাহাটী : অসম চৰকাৰে গুৱাহাটী বিশ্ববিদ্যালয়ক বহু বছৰ ধৰি প্ৰদান কৰা অহা এক বিশেষ অনুদানৰ ক্ষেত্ৰত কেতবোৰ গুৰুতৰ বিত্তীয় অনিয়মৰ অভিযোগ উত্থাপন কৰিছে এছ এফ আয়ে । তাৎপৰ্যপূৰ্ণভাৱে এই আৰ্থিক অনিয়মৰ সৈতে বৰ্তমানৰ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° ননী গোপাল মহন্ত জড়িত থকাৰ অভিযোগ কৰিছে এছ এফ আয়ে । গুৱাহাটী প্ৰেছ ক্লাবত সোমবাৰে এখন সংবাদমেল সম্বোধন কৰে এছ এফ আইৰ ৰাজ্যিক নেতা ৰাজদ্বীপ মহন্তই ।
তেওঁ কয়, ''গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগত অৱস্থিত এক কেন্দ্ৰ হৈছে দক্ষিণ-পূব এছিয়া অধ্যয়ন কেন্দ্ৰ (South East Asian Study Centre) আৰু ইয়াৰ অধ্যক্ষ হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ বৰ্তমানৰ উপাচার্য ড° ননী গোপাল মহন্ত । যোৱা কেইবাবছৰ ধৰি প্ৰতি বছৰে অসম চৰকাৰৰ পৰা এই কেন্দ্ৰটোৱে ১ কোটি টকাৰ অনুদান লাভ কৰি আহিছে । কিন্তু এই ধনবোৰ খৰচৰ ক্ষেত্ৰত বিত্তীয় অনিয়ম সংঘটিত হৈছে ।''
তেওঁ কয়, ''২০১৬-১৭ চনত বিশ্ববিদ্যালয়ৰ অডিট বিভাগে বিশ্ববিদ্যালয়ৰ আৰ্থিক স্থিৰতাৰ প্ৰতি ভাবুকি সৃষ্টি কৰা কেইটামান গুৰুতৰ কথা বিশ্ববিদ্যালয়ৰ উচ্চতম কৰ্তৃপক্ষৰ সন্মুখত উত্থাপন কৰিছিল । কিন্তু বিষয়টোৰ সৈতে জড়িত ব্যক্তিসকলৰ মাজত থকা গোপন বুজাবুজিৰ বাবেই কোনো ব্যৱস্থা গ্ৰহণ কৰা হোৱা নাছিল ।''
তেওঁ কয়, ''চাৰকাৰৰ ১ কোটিৰ অনুদান প্ৰজেক্ট একাউণ্টৰ সলনি সোমাল গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা একাউণ্টত(Examination Account), কিয় ? কাৰণ- অডিট কৰা নহয় পৰীক্ষা একাউন্ট(Examination Account) ।''
তেওঁ আৰু কয়, ''গুৱাহাটী বিশ্ববিদ্যালয়ৰ অনুদান ৰেজিষ্টাৰ(Grant Register), পৃষ্ঠা-২৩৪ আৰু বিত্ত ৰেজিষ্টাৰ(Finance Register),পৃষ্ঠা-৫৬ অনুসৰি ২০১৬-১৭ চনত হেড নং 765(i)ত অসম চৰকাৰে দক্ষিণ-পূব এছিয়া অধ্যয়ন কেন্দ্ৰক ১ কোটি টকা (Sanction No. PMA(H) 168/2016/32 dt. 07.03.2017) প্ৰদান কৰিছিল আৰু এই পৰিমাণ GU Receipt No. 8557 dt. 31.03.2017ৰ জৰিয়তে গ্ৰহণ কৰা হৈছিল । কিন্তু আচৰিত ধৰণে এই টকা প্ৰজেক্ট একাউণ্টৰ সলনি সোমালগৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰীক্ষা একাউণ্টত (A/C No. 10243124298)। প্ৰত্যক্ষভাৱে প্ৰজেক্ট একাউণ্টত টকা সোমোৱাৰ সলনি কিয় পৰীক্ষা একাউণ্টত অনুদান সোমোৱা হ’ল ? অভিযোগ অনুসৰি এয়া কৰা হ’ল কাৰণ গোপনীয়তাৰ স্বাৰ্থত পৰীক্ষা একাউণ্ট কেতিয়াও অডিট কৰা নহয় ।''
তেওঁ কয়, ''পৰৱৰ্তী সময়ত দেখা গ’ল যে ২০১৭ৰ ২৩ অক্টোবৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ কৰ্পাছ ফাণ্ডৰ পৰা দক্ষিণ-পূব এছিয়া অধ্যয়ন কেন্দ্ৰলৈ ১ কোটি টকা প্ৰেৰণ কৰা হৈছিল (চিঠি নং ২৩.১০.২০১৭)। কিন্তু ১ কোটি টকাৰ ধনৰাশি প্ৰথমে পৰীক্ষা একাউণ্টতহে সোমাইছিল আৰু পৰীক্ষা একাউন্টৰ পৰা কৰ্পাছ ফাণ্ডলৈ হস্তান্তৰ কৰাৰ কোনো প্ৰমাণ নাই । তেন্তে কৰ্পাছ ফাণ্ডৰ পৰা ১ কোটি টকা কেনেকৈ অধ্যয়ন কেন্দ্ৰলৈ প্ৰেৰণ কৰা হ’ল ? নে ইতিমধ্যে কৰ্পাছ ফাণ্ডত জমা থকা ধনৰ পৰাহে ১ কোটিৰ অনুদান অধ্যয়ন কেন্দ্ৰলৈ পঠিওৱা হ’ল নেকি ? পৰীক্ষা একাউণ্টৰ পৰা কৰ্পাছ ফাণ্ডলৈ হস্তান্তৰ কৰাৰ কোনো প্ৰমাণ নাই যিহেতু,পৰীক্ষা একাউন্টৰ পৰা ১ কোটিৰ ধনৰাশি ক’লৈ গ’ল ? পৰীক্ষা একাউণ্ট যিহেতু অডিট কৰা নহয়,তাৰেই সুযোগ গ্ৰহণ কৰিলে নেকি কোনো দুষ্ট চক্ৰই ? এক অ-স্বচ্চ প্ৰক্ৰিয়া চলি থকাৰ ভিত্তিতেই অনিয়মৰ অভিযোগ আহিছে ।''
তেওঁ কয়, ''তৃতীয় আৰ্থিক অনিয়মৰ অভিযোগ এয়ে যে পৰীক্ষা একাউণ্ট হৈছে কাৰেন্ট একাউণ্ট (Current A/C) । আনহাতে প্ৰকল্প বা কৰ্পাছ ফাণ্ড একাউণ্ট হৈছে সঞ্চয়ী একাউণ্ট (Savings A/C)। Current একাউণ্টত ধন ৰখাটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাবে এক বিত্তীয় লোকচান । কাৰেন্ট একাউণ্টত অনুদান জমা কৰাটো হৈছে এক প্ৰকাৰৰ হিচাপৰ ব্যৱস্থাপনাৰ পৰিপন্থী, যিয়ে হিচাপ সংকলনত সমস্যা সৃষ্টি কৰে ।''
তেওঁ অভিযোগ কৰি কয়, ''এনেধৰণৰ অনিয়ম পৰৱৰ্তী বছৰবোৰতো চলি আছে বুলি অভিযোগ অহাৰ লগতে এই অনিয়মৰ মাজেৰেই বৃহৎ বিত্তীয় কেলেংকাৰী সংঘটিত হৈ আছে বুলি সন্দেহ কৰা হৈছে । যিহেতু দক্ষিণ-পূব এছিয়া অধ্যয়ন কেন্দ্ৰৰ অধ্যক্ষ হিচাপে নাম সাঙোৰ খাই পৰিছে উপাচাৰ্য ননী গোপাল মহন্তৰ, সেয়ে সৰ্বপ্ৰথমে এই সম্পৰ্কত নিশ্চয় উপাচাৰ্য ননী গোপাল মহন্তই স্পষ্টীকৰণ প্ৰদান কৰাৰ প্ৰয়োজন ।''
তেওঁ কয়, ''আমি গুৱাহাটী বিশ্ববিদ্যালয়খনত দুৰ্নীতিত পোত যাবলৈ কোনো কাৰণতে দিব নোৱাৰো । সেয়ে আমি এছ এফ আইৰ অসম ৰাজ্যিক কমিটীয়ে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আচাৰ্য, অৰ্থাৎ ৰাজ্যপালকে ধৰি অসম চৰকাৰৰ তাৎক্ষণিক হস্তক্ষেপৰ লগতে সমগ্ৰ বিষয়টোৰ এক উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী কৰিছো । ''