ETV Bharat / state

গুৱাহাটীত পাইপেৰে যাব শৌচাগাৰৰ মল-মূত্র : মন্ত্রী জয়ন্ত মল্লবৰুৱা

জুলাইৰ পৰা বন্ধ হ'ব জি এম চিৰ পানী যোগান ! গুৱাহাটীৰ বান আৰু নলা নিষ্কাষণ সন্দৰ্ভত চৰকাৰে লৈছে নতুন সিদ্ধান্ত ।

Sewage treatment plant in Guwahati
গুৱাহাটীত পাইপেৰে যাব শৌচাগাৰৰ মল-মূত্র : মন্ত্রী জয়ন্ত মল্লবৰুৱা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : March 13, 2025 at 5:24 PM IST

7 Min Read
Choose ETV Bharat

গুৱাহাটী: পহিলা জুলাইৰ পৰা বন্ধ হ'ব গুৱাহাটী পৌৰ নিগমৰ পানী যোগান । গুৱাহাটী পৌৰ নিগমৰ সকলো উপভোক্তাই জল বোৰ্ডৰ অধীনত লাভ কৰিব পানী । ইয়াৰ বাবে পৌৰ নিগমৰ উপভোক্তাসকলে জল বোৰ্ডৰ অধীনলৈ আহিব লাগিব ।

বানমুক্ত গুৱাহাটী অভিযান সন্দৰ্ভত দিছপুৰৰ জনতা ভৱনত বৃহস্পতিবাৰে এখন সংবাদমেল সম্বোধন কৰি এই কথা সদৰী কৰে গৃহ নিৰ্মাণ আৰু নগৰ উন্নয়ন মন্ত্রী জয়ন্ত মল্লবৰুৱাই । সংবাদমেলত মন্ত্রীগৰাকীয়ে ৰাজধানী চহৰ গুৱাহাটী মহানগৰীক আৱৰ্জনা আৰু বানমুক্ত কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে গ্ৰহণ কৰা বিশেষ পদক্ষেপসমূহৰ বিষয়ে প্ৰকাশ কৰে ।

গুৱাহাটীত পাইপেৰে যাব শৌচাগাৰৰ মল-মূত্র : মন্ত্রী জয়ন্ত মল্লবৰুৱা (ETV Bharat)

তেওঁ কয়, "গুৱাহাটীৰ কৃত্রিম বান ৰোধ কৰাৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰা হৈছে । এইক্ষেত্রত ৰাইজৰো সহযোগ লাগিব । নলা-নৰ্দমা চাফা কৰাৰ কাম ইতিমধ্যে আৰম্ভ কৰা হৈছে । কাম ঠিক মতে হৈছে নে নাই সেইটো চোৱাৰ বাবে স্থানীয়ভাৱে সমিতি কৰি দিয়া হৈছে । কিছুমান কাম ছুপাৰ ছাকাৰৰ দ্বাৰা কৰাৰ ব্যৱস্থা কৰা হৈছে । মুখ্য নলাসমূহ ছুপাৰ ছাকাৰৰ দ্বাৰা চাফা কৰি থকা হৈছে । আনহাতে কিছুমান নলাৰ কাম মেনুৱেলী কৰা হৈছে আৰু ইয়াৰ বাবে ২১ খন সমিতি গঠন কৰি দিয়া হৈছে । ঠিকাদাৰে কৰা কাম চাবৰ বাবে সমিতিসমূহক এছ অ' পি দিয়া হ'ব । ঠিকাদাৰে এছ অ' পি মতে কাম কৰিছেনে নাই সেইটো পৰ্যবেক্ষণ কৰিব । নলা চাফা কৰিলে দুঘণ্টাৰ ভিতৰত বোকা-মাটি উঠাই নিব লাগিব । সমিতিসমূহে কামৰ সকলো দিশ পৰ্যবেক্ষণ কৰিব । মাৰ্চৰ ভিতৰত নলা চাফা কৰাৰ কাম সম্পূৰ্ণ কৰাৰ উপৰি ডিচেম্বৰলৈ সময়ে সময়ে চাফা কৰি থাকিব লাগিব ।

তেওঁ লগতে কয়, "গুৱাহাটীৰ কৃত্রিম বানৰ সমস্যাটো একেদিনাই সমাধান কৰিব নোৱাৰি । ইয়াৰ বাবে দীৰ্ঘম্যাদী পৰিকল্পনা লাগিব আৰু ইয়াৰ বাবে পদক্ষেপ গ্ৰহণ কৰা হৈছে । সকলো কাম বিজ্ঞানসন্মতভাৱে কৰা হৈছে । পানী ওলাই যোৱাৰ ব্যৱস্থা কৰা হৈছে । আনহাতে বিভিন্ন ঠাইত বেদখল আছে আৰু সেইবোৰ উচ্ছেদ কৰা হ'ব । শিলসাঁকোত পানী সংৰক্ষণৰ ব্যৱস্থা কৰা হ'ব । মেঘালয়ৰ পানী ওলাই নিয়াৰ বাবে ডাঙৰ নলাৰ কাম কৰি থকা হৈছে ।"

জুলাই মাহৰ পৰা বন্ধ হ'ব পৌৰ নিগমৰ পানী যোগান

গুৱাহাটীৰ পানী যোগান সন্দৰ্ভত তেওঁ কয়, "গুৱাহাটীৰ এটা বৃহত্তৰ অঞ্চলত গুৱাহাটী পৌৰ নিগমে পানী যোগান ধৰি আহিছে । জাইকাৰ সহযোগত জল বোৰ্ডৰ যোগেদি পানী যোগানৰ কাম আৰম্ভ কৰা হৈছে । বিশেষকৈ দুটা প্ৰকল্পৰ জৰিয়তে গুৱাহাটীত পানী যোগানৰ কাম আৰম্ভ কৰা হৈছে । এটা প্ৰকল্প প্ৰায় সম্পূৰ্ণ হোৱাৰ পথত আৰু সেই অঞ্চলত ইতিমধ্যে জল বোৰ্ডে পানী দিয়া কাম আৰম্ভ কৰিছে । সেই একেটা অঞ্চলতে পৌৰ নিগমেও পানী দি আছে । আমি লাহে লাহে পৌৰ নিগমৰ পানীৰ ব্যৱস্থাটো জল বোৰ্ডলৈ লৈ গৈছো । জুলাই মাহৰ ১ তাৰিখৰ পৰা পৌৰ নিগমে পানী দি থকা অঞ্চলৰ তেওঁলোকৰ পানী যোগান উঠাই ল'ব আৰু তাৰ ঠাইত জল বোৰ্ডে পানী যোগান ধৰিব । আনহাতে আই আই টি গুৱাহাটীৰ পৰামৰ্শ অনুসৰি পানী যোগান ব্যৱস্থাত কিছুমান নতুন ব্যৱস্থা কৰা হৈছে । ৰব'টিক ছাৰ্ভেৰ মতেও কামসমূহ কৰি থকা হৈছে । যাতে সমস্যাসমূহ দূৰ হয় । গুৱাহাটীৰ মুখ্য স্থানসমূহত জল বোৰ্ডে পানী যোগান ধৰি আছে । এতিয়াও বহুলোকে পৌৰ নিগমৰ পানী যোগানৰ পৰা জল বোৰ্ডৰ পানী যোগানৰ অধীনলৈ অহা নাই ।

পৌৰ নিগমৰ পানী যোগান বন্ধ সন্দৰ্ভত তেওঁ কয়, "কিন্তু আমি পহিলা জুলাইৰ পৰা পৌৰ নিগমৰ পানী বন্ধ কৰিম । জল বোৰ্ডলৈ নহা লোকসকলে জুলাইৰ পৰা পৌৰ নিগমৰ পানী নাপাব । যাৰ বাবে আমি সংশ্লিষ্ট সকলোকে জল বোৰ্ডৰ সংযোগ লোৱাৰ বাবে আহ্বান জনাইছো । পৌৰ নিগমৰ সংযোগ থক‍াসকলে জুলাইৰ ভিতৰত জল বোৰ্ডৰ সংযোগ ল'লে সংযোগৰ ধন গুৱাহাটী পৌৰ নিগমে বহন কৰিব । তেওঁলোকৰ সংযোগৰ ৯৫০০ টকা পৌৰ নিগমে দিব । আনহাতে ৰেচন কাৰ্ড থকাসকলেও বিনামূলীয়াকৈ পানীৰ সংযোগ লাভ কৰিব । ইয়াৰ ব্যয় বহন কৰিব পৌৰ নিগমে । জুলাই মাহৰ ভিতৰত পানীৰ সংযোগ ল'লেহে বিনামূলীয়াকৈ লাভ কৰিব । জুলাইৰ পাছত এই বিনামূলীয়া সুবিধা নাপাব । জুল‍াইৰ ১ তাৰিখৰ পৰা পৌৰ নিগমৰ পানী আৰু নাপাব । সংযোগ হোৱাৰ পাছত পানীৰ ব্যৱহাৰ কৰা অনুসৰি মাচুল দিব লাগিব । সোনাইঘূলি, নৰকাসুৰ আদি অঞ্চলত পানী দিয়াৰ বাবে টাৰ্গেট লোৱা হৈছে ।"

গুৱাহাটীৰ বৰচলাত হ'ব প্ৰথমটো নৰ্দমা শোধন প্ৰকল্প (Sewage Treatment Plant)

নৰ্দমাৰ ব্যৱস্থা সন্দৰ্ভত তেওঁ কয়, "গুৱাহাটীত ছুৱেজ প্লেন নাই । ইয়াত সকলোৱে চেফটিক টেংক ব্যৱহাৰ কৰে । সেইটো উন্নত চহৰৰ মানদণ্ড নহয় । যাৰ বাবে আমি গুৱাহাটীত নৰ্দমা শোধন প্ৰকল্প/ছুৱেজ ট্ৰিটমেণ্ট প্লাণ্ট (Sewage Treatment Plant) কৰাৰ পৰিকল্পনা কৰিছো । পানীৰ কানেকচনৰ দৰে সকলোৰে ঘৰত ছুৱেজৰ ক‍ানেকচন লাগিব । ইয়াৰ ফলত ঘৰৰ সকলো আৱৰ্জনা তথা মল-মূত্র পাইপযোগে যাব । ইয়‍াৰ বাবে একো একোটা ছুৱেজ ট্ৰিটমেণ্ট প্লাণ্ট কৰিম । প্ৰথম পৰ্যায়ত বৰচলাৰ কাষত এটা ছুৱেজ ট্ৰিটমেণ্ট প্লাণ্ট হ'ব । গুৱাহাটীৰ মুখ্য অঞ্চলক ই সামৰি ল'ব । ইয়াৰ বাবে ঘৰে ঘৰে কানেকচন দিব লাগিব । এই বছৰৰ পৰা ইয়াৰ ক‍াম আৰম্ভ হ'ব । তিনি মাহ পিছত কাম আৰম্ভ হ'ব আৰু সম্পূৰ্ণ হ'বলৈ ৪-৫ বছৰ সময় লাগিব । পৰৱৰ্তী পৰ্যায়ত শিলসাঁকো আৰু বৰগাঁৱত এই ট্ৰিটমেণ্ট প্লাণ্ট হ'ব । এই তিনিটা প্লাণ্ট সম্পূৰ্ণ হোৱাৰ পাছত গোটেই গুৱাহাটীৰ ছুৱেজখিনি সংগ্ৰহ কৰি ট্ৰিটমেণ্ট কৰা হ'ব । ইয়াৰ ফলত প্ৰকৃতাৰ্থত গুৱাহাটীখন স্বচ্ছ আৰু নিকা হ'ব । প্ৰথম পৰ্যায়ৰ প্ৰথমটো ছুৱেজ ট্ৰিটমেণ্ট প্লাণ্টৰ বাবে ১৪৬০ কোটি ব্যয় কৰা হ'ব । পাইপ লাইনৰ কামো আৰম্ভ হ'ব । এইক্ষেত্রত ৰাইজৰ সহায়-সহযোগ লাগিব ।"

পানী জমা ৰখাৰ বিশেষ ব্যৱস্থা

তেওঁ লগতে কয়, "গুৱাহাটীৰ পানী জমা কৰ‍াৰ বাবে শিলসাঁকোত ব্যৱস্থা গ্ৰহণ কৰা হৈছে । শিলসাঁকোৰ জিনজাৰ হোটেল আদিকে ধৰি সকলো উচ্ছেদ কৰা হ'ব । কাকো ৰেহাই দিয়া নহ'ব । আনহাতে বৰাগাঁৱত পানী জমা কৰাৰ বাবে বৃহৎ ৰিটেনচন টেংক কৰাৰ পৰিকল্পনা কৰা হৈছে । ইফালে গুৱাহাটীৰ অবৈধ নিৰ্মাণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব । গুৱাহাটীৰ পাহাৰসমূহ জনবসতিৰ পৰা মুক্ত কৰাৰ বাবে চিন্তা-চৰ্চা কৰা হৈছে । পাহাৰৰ খিলঞ্জীয়া লোকসকলক অন্য ঠাইত বহনযোগ্য গৃহ দি পাহাৰসমূহ মুক্ত কৰাৰ বাবে চিন্তা কৰা হৈছে ।" সংবাদমেলত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া আৰু জি এম ডি এৰ উপাধ্যক্ষকে ধৰি কেইবাগৰাকী চৰকাৰী বিষয়া উপস্থিত থাকে ।

লগতে পঢ়ক :উগ্ৰতাৰা দেৱালয়ৰ লগতে কি সম্পৰ্ক আছে ইতিহাস সমৃদ্ধ যোৰ পুখুৰীৰ, জানো আহক... - JOR PUKHURI