লামডিং-বদৰপুৰ পাহাৰ লাইনত ভূমিস্খলন, কেইবাখনো ৰে'লৰ সেৱা বাতিল
ৰে'ল লাইন সম্পূৰ্ণৰূপে মুক্ত নকৰালৈকে এই পথছোৱাত ৰে'ল সেৱা স্থগিত ৰখা হৈছে ।

Published : July 7, 2025 at 5:39 PM IST
হাফলং : দেওবাৰে নিশা লামডিং ৰে'ল সংমণ্ডলৰ অধীনস্থ পাহাৰ লাইনত মুপা-দিহাখো ষ্টেচনৰ মাজত ৫১/২ কিলোমিটাৰত ভূমিস্খলনৰ ফলত ট্ৰেকত পৰি যোৱা শিল আৰু মাটি আঁতৰোৱাৰ কাম তীব্ৰ গতিত চলি আছে । আনহাতে, ৰে'ল লাইন সম্পূৰ্ণৰূপে মুক্ত নকৰালৈকে এই পথছোৱাত ৰে'ল সেৱা স্থগিত ৰখা হৈছে ।
গুৱাহাটী, লামডিং, শিলচৰ, বদৰপুৰ আৰু আগৰতলা ষ্টেচনত যাত্ৰীৰ সুবিধাৰ বাবে হেল্প ডেস্ক মুকলি কৰা হৈছে । ভূমিস্খলনৰ ফলত তলত উল্লেখ কৰা অনুসৰি ৰে’লসমূহৰ সেৱা আংশিকভাৱে বাতিল, পুনৰ নিৰ্ধাৰণ আৰু নিয়ন্ত্ৰণ কৰা হৈছে ।
ৰেল বাতিল : ১৫৬১৫ নং গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ আৰু ৰে'ল নং ১৫৬১১/১৫৬১২ ৰঙিয়া-শিলচৰ-ৰঙিয়া এক্সপ্ৰেছ, ৭ আৰু ৮ জুলাই ।
ৰে'ল নং ১৫৬১৬ শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ, ৮ আৰু ৯ জুলাই ।
১৫৬১৭ নং গুৱাহাটী-দুল্লভচেৰা এক্সপ্ৰেছ আৰু ৰে'ল নং ০৫৬৩৮ শিলচৰ-নাহৰলগুন এক্সপ্ৰেছ, ৭ জুলাই ।
১৫৬১৮ নং দুল্লভচেৰা-গুৱাহাটী এক্সপ্ৰেছ আৰু ৰে'ল নং ০৫৬৩৭ নাহৰলগুন-শিলচৰ এক্সপ্ৰেছ, ০৮ জুলাই ।
ৰে'লৰ সময় পুনৰ নিৰ্ধাৰণ : ৭ জুলাইত ১৩১৭৬ নং শিলচৰ-শিয়ালদহ-কাঞ্চনজংঘা এক্সপ্ৰেছ, ১১.৩৫ বজাৰ পৰিৱৰ্তে ৩ বজাত শিলচৰৰ পৰা ৰাওনা হোৱাৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰা হৈছে ।
৭ জুলাইত ১৪০৩৭ নং শিলচৰ-আনন্দ বিহাৰ টাৰ্মিনেল এক্সপ্ৰেছ আৰু ২০৫০১ নং আগৰতলা-আনন্দ বিহাৰ টাৰ্মিনেল তেজছ এক্সপ্ৰেছ ৮ জুলাইত ৬ বজাত শিলচৰ আৰু আগৰতলাৰ পৰা যাত্ৰা আৰম্ভ কৰাৰ সময়সীমা পুনৰ নিৰ্ধাৰণ কৰা হৈছে ।
ৰে'ল আংশিকভাৱে বাতিল : ৭ জুলাইত ১৫৬১৬ নং শিলচৰ-গুৱাহাটী এক্সপ্ৰেছ ৰে’ল বদৰপুৰত নিয়ন্ত্ৰণ কৰা হ’ব আৰু বদৰপুৰ আৰু গুৱাহাটীৰ মাজত আংশিকভাৱে বাতিল হৈ থাকিব ।
৫ জুলাইত ১২৫১৩ নং ছেকেন্দ্ৰাবাদ-শিলচৰ এক্সপ্ৰেছ গুৱাহাটীত নিয়ন্ত্ৰণ কৰা হ’ব আৰু গুৱাহাটী আৰু শিলচৰৰ মাজত আংশিকভাৱে বাতিল হৈ থাকিব ।
৬ জুলাইত ১২৫০১ নং কলকাতা-আগৰতলা এক্সপ্ৰেছ গুৱাহাটীত নিয়ন্ত্ৰণ কৰা হ’ব আৰু আগৰতলাৰ মাজতে আংশিকভাৱে বাতিল হৈ থাকিব ।
৬ জুলাইত গুৱাহাটীৰ পৰা যাত্ৰা কৰা ৰে'ল নং ১৫৬১৫ গুৱাহাটী-শিলচৰ এক্সপ্ৰেছ হাতীখালি ষ্টেচনত নিয়ন্ত্ৰণ কৰা হ’ব আৰু শিলচৰৰ মাজতে আংশিকভাৱে বাতিল হৈ থাকিব ।
ৰে'ল নং ১৫৬১২ শিলচৰ-ৰঙিয়া এক্সপ্ৰেছ নিউ হাফলং ষ্টেচনত নিয়ন্ত্ৰণ কৰা হব আৰু ৰঙিয়াৰ মাজতে আংশিকভাৱে যাত্ৰা বাতিল হৈ থাকিব ।
ৰে'ল নং ১৫৬১৮ দুল্লভচৰা-গুৱাহাটী এক্সপ্ৰেছ হাৰেংগাজাও ষ্টেচনত নিয়ন্ত্ৰণ কৰা হব আৰু গুৱাহাটীৰ মাজতে আংশিকভাৱে যাত্ৰা বাতিল হ'ব ।
ৰে'লৰ নিয়ন্ত্ৰণ : ৪ জুলাইত বেংগালুৰৰ পৰা যাত্ৰা কৰা ৰে'ল নং ১২৫০২ বেংগালুৰু-আগৰতলা হামসফৰ এক্সপ্ৰেছ, ৰে'ল নং ১৩১৭৩ শিয়ালদহ-সবৰুম কাঞ্চনজংঘা এক্সপ্ৰেছ, ৰে'ল নং ০১৬৬৬ আগৰতলা-ৰাণী কমলাপতি স্পেচিয়েল আৰু ৬ জুলাইত তিনিচুকীয়াৰ পৰা যাত্ৰা কৰা ৰে'ল নং ১৫৬৪ নিউ তিনিচুকীয়া-শিলচৰ এক্সপ্ৰেছ যথাক্ৰমে লামডিং আৰু গুৱাহাটী ষ্টেচনত নিয়ন্ত্ৰণ কৰা হ’ব বুলি উত্তৰ-পূব সীমান্ত ৰে'লৱেৰ মুখ্য জনসংযোগ বিষয়া কে কে শৰ্মাই জানিবলৈ দিয়ে ।

