ETV Bharat / state

ছাত্ৰ সন্থাৰ ভিতৰচ'ৰাত অস্থিৰতাৰ ইংগিত ! উজনিত কেবাজনো নেতা-কৰ্মীয়ে এৰিছে আছুৰ মজিয়া

সদৌ অসম ছাত্ৰ সন্থাত পদত্যাগৰ জোৱাৰ ৷ ইজনৰ পিছত সিজন আছু নেতা-কৰ্মীয়ে এৰিছে সদস্যপদ ৷

Duliajan AASU
ডিব্ৰুগড় আছুত খহনীয়া (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : May 30, 2025 at 8:40 AM IST

3 Min Read
Choose ETV Bharat

ডিব্ৰুগড় : দুলীয়াজান পেট্ৰ'ল পাম্পকাণ্ড, সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাক গ্ৰেপ্তাৰ, আছুৰ শীৰ্ষ নেতৃত্বই প্ৰাক্তন সাধাৰণ সম্পাদকগৰাকীৰ ক্ষেত্ৰত স্থিতি স্পষ্ট কৰা আদি ঘটনাই ডিব্ৰুগড়ত তীব্ৰ উত্তেজনাৰ সৃষ্টি কৰিছে । বিশেষতৈ ছাত্ৰ সন্থাৰ ভিতৰচ'ৰাত অস্থিৰতাৰ সৃষ্টি হোৱা দেখা গৈছে । ফলস্বৰূপে ইজনৰ পিছত সিজন আছু নেতা-কৰ্মীয়ে পদত্যাগ কৰিছে ।

ডিব্ৰুগড় জিলাৰ বিভিন্ন আঞ্চলিক আৰু শাখাৰ পৰা আছুৰ নেতা-কৰ্মীসকলে পদত্যাগ কৰাৰ পাছতে আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাৰ গৃহ চহৰ দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাত বৃহৎ খহনীয়া দেখা গৈছে । প্ৰথমে আছুৰ দুলীয়াজান আঞ্চলিকৰ সভাপতি দিগন্ত বড়াৰ পদত্যাগ । ইয়াৰ সমান্তৰালভাৱে আছুৰ দুলীয়াজান আঞ্চলিকৰ অন্তৰ্গত শাখাসমূহৰ পৰাও একেদিনাই কেইবাজনো আছুকৰ্মীৰ পদত্যাগ ।

পুনৰ গঠন হ'ব দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা (ETV Bharat)

এতিয়ালৈ ৩০ জনতকৈও অধিক আছু কৰ্মীয়ে পদত্যাগ কৰা বুলি জানিব পৰা গৈছে । তাৰ ভিতৰত দুলীয়াজান আঞ্চলিকৰ সভাপতি দিগন্ত বড়া, সহকাৰী সাধাৰণ সম্পাদক বেদান্ত খনিকৰ , বিত্ত সম্পাদক শচীন্দ্ৰ সোণোৱাল, ক্ৰীড়া সম্পাদক ৰোহন বৰুৱা, সাহিত্য সম্পাদক সমীৰণ মিশ্ৰ, ভাদৈ শাখা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক আনন্দ কুৰ্মী, নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ সভাপতি-সম্পাদক ক্ৰমে ৰোহিত ইন্দুৱাৰ, অৰুণ চুব্বা সহিতে নাওহলীয়া শাখা ছাত্ৰ সন্থাৰ পৰা ২৭ জনে সমূহীয়াকৈ পদত্যাগ কৰে ।

সমূহীয়াকৈ আছু কৰ্মীয়ে আছুৰ মজিয়া ত্যাগ কৰাক লৈ সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ । এনে পৰিস্থিতিত ডিব্ৰুগড়ৰ শ্বহীদ ভৱনত সংবাদমেল সম্বোধন কৰিলে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই ।

Duliajan AASU
আছুৰ পৰা পদত্যাগ (ETV Bharat)

১৪ জুনৰ ভিতৰত পুনৰ গঠন হ'ব দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা

সংবাদমেলত ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ সদস্যই কয়, "দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা এখন শক্তিশালী ছাত্ৰ সন্থা । কিন্তু সামাজিক মাধ্যম আৰু সংবাদ মাধ্যমত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা শূন্য বুলি প্ৰচাৰ হৈছে । সদৌ অসম ছাত্ৰ সন্থা সকলোৰে আবেগ, সেয়ে ক'ব বিচাৰো দুলীয়াজন ছাত্ৰ সন্থা অক্ষত অৱস্থাত আছে আৰু থাকিব । ব্যক্তিগত কাৰণত বুলি কৈ কেইজনমান সতীৰ্থই বিদায় লৈছে, তেওঁলোকক আমি শুভেচ্ছা জনাইছো ।’’

Duliajan AASU
আছুৰ পৰা পদত্যাগ (ETV Bharat)

‘‘সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ ১৫ খন আঞ্চলিক আৰু ৭০ খন শাখা অক্ষত অৱস্থাত আছে কিন্তু তাৰে এখনে কালি দায়িত্বৰ পৰা অব্যাহত লৈছে । নতুনক আদৰি লোৱা আৰু পুৰণিক বিদায় দিয়া আছুৰ পৰম্পৰা । এই বিষয়টো যাতে বেলেগ ধৰণে গতি নকৰি ছাত্ৰ সন্থাৰ যাতে জাতীয় সত্তা হিচাপে জীয়াই থাকিব পাৰে তাৰ বাবে ৰাইজে সহযোগ কৰিব । অহা ১৪ জুনৰ ভিতৰত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থাৰ প্ৰতিনিধি সভা অনুষ্ঠিত কৰা হ'ব । য'ত দুলীয়াজান আঞ্চলিক ছাত্ৰ সন্থা পুনৰ গঠন কৰা হ'ব ।" জিলা ছাত্র সন্থাৰ সদস্যই কয় ৷

লগতে পঢ়ক :একাংশ জাতীয় সংগঠন Pay and Use Toilet ৰ দৰে; কাক লৈ এই মন্তব্য কৃষক মুক্তিৰ - KMSS GS BIDYUT SAIKIA