ETV Bharat / state

ভৱেশ কলিতাৰ গৃহসমষ্টিত যুৱ কংগ্ৰেছৰ যোগদান কাৰ্যসূচী - Assam Pradesh Youth Congress

Congress joining programme at Rangia : এইবাৰ কংগ্ৰেছৰ শক্তি প্ৰদৰ্শনৰ অভিযান । ইতিমধ্যে বহুকেইগৰাকী জ্যেষ্ঠ বিজেপি নেতাই কংগ্ৰেছত যোগদান কৰিব বুলি খবৰ প্ৰকাশ পাইছে । তাৰ পূৰ্বে যুৱ কংগ্ৰেছৰ উদ্যোগত যোগদান কাৰ্যসূচী । ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গৃহসমষ্টি ৰঙিয়াত বৃহস্পতিবাৰে অনুষ্ঠিত হয় যোগদান কাৰ্যসূচী ।

Congress Joining Programme at Rangia
ৰঙিয়াত যুৱ কংগ্ৰেছৰ যোগদান কাৰ্যসূচী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 8, 2024 at 8:19 PM IST

2 Min Read
Choose ETV Bharat

ৰঙিয়া, ৮ আগষ্ট : ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰ গৃহসমষ্টি ৰঙিয়াত বৃহস্পতিবাৰে অনুষ্ঠিত হয় যুৱ কংগ্ৰেছৰ যোগদান কাৰ্যসূচী । এই কাৰ্যসূচীত বিজেপি আৰু অগপৰ লগতে আনকেইবাটাও দল-সংগঠনৰ কৰ্মীয়ে যুৱ কংগ্ৰেছত যোগদান কৰে ।

ৰঙিয়াত যুৱ কংগ্ৰেছৰ যোগদান কাৰ্যসূচী (ETV Bharat Assam)

অসম প্ৰদেশ যুৱ কংগ্ৰেছৰ উদ্যোগত আৰু কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সহযোগত ৰঙিয়া ৰাজীৱ ভৱনত অনুষ্ঠিত হয় এই যোগদান কাৰ্যসূচী । কাৰ্যসূচীত বিজেপিৰ যুৱ মৰ্চা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অগপ, আছুকে ধৰি কেইবাটাও দল-সংগঠনৰ পৰা অহা দুই শতাধিক কৰ্মীয়ে আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে ।

যোগদান কাৰ্যসূচীত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সহ-তত্ত্বাৱধায়ক পৃথ্বীৰাজ চাথে, সৰুক্ষেত্ৰীৰ বিধায়ক জাকিৰ হুছেইন শিকদাৰ, ছয়গাঁও সমষ্টিৰ বিধায়ক ৰেকিবুদ্দিন আহমেদ, যুৱ নেতা প্ৰাণজিৎ চৌধুৰী, প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনম, সম্পাদক কামাল হুছেইন, কামৰূপ জিলা যুৱ কংগ্ৰেছৰ সভাপতি আচিফুৰ ৰহমান, সম্পাদক ভাস্কৰজ্যোতি কলিতাকে ধৰি কেইবাগৰাকীও নেতা-কৰ্মী উপস্থিত থাকে ।

আনহাতে, বিজেপিৰ সভাপতি ভৱেশ কলিতাই তেওঁৰ গৃহসমষ্টিত কংগ্ৰেছৰ উত্থান দেখি ভীতিগ্ৰস্ত হৈ আৰক্ষীৰ দ্বাৰা সভাখন বন্ধ কৰিবলৈ চেষ্টা কৰাৰ অভিযোগ উত্থাপন কৰে কংগ্ৰেছে । প্ৰদেশ যুৱ কংগ্ৰেছৰ সভাপতি জুবেৰ আনমে এই অভিযোগ তুলি কয়, "কিছুদিন পূৰ্বে ৰাজীৱ ভৱনক হোটেল, বিবাহ ভৱন বনাব বুলি কৈ থকা বিজেপিয়ে এতিয়া কংগ্ৰেছৰ সভা বন্ধ কৰিবলৈ অপচেষ্টা চলাবলগীয়া হৈছে । এই কথাই প্ৰমাণ কৰে যে বিজেপিৰ দলৰ মাজত সংশয়ৰ সৃষ্টি হৈছে ।" আনহাতে, ৰঙিয়াৰ বিধায়ক তথা বিজেপিৰ ৰাজ‍্যিক সভাপতি ভৱেশ কলিতাৰ বিষয়ে উল্লেখ কৰি যুৱ কংগ্ৰেছৰ নেতাগৰাকীয়ে কয়, "ভৱেশ কলিতা যদিও বিজেপিৰ সভাপতি, কিন্তু তেওঁক দলৰ মজিয়াত বৰ বেছি গুৰুত্ব প্ৰদান কৰা পৰিলক্ষিত নহয় । সেয়েহে তেওঁ অন‍্যৰ তুলনাত বেছি ভয় আৰু শংকাৰ মাজেৰে দিন অতিবাহিত কৰিবলগীয়া হৈছে । সেইকাৰণে কংগ্ৰেছৰ সভাখন তেওঁৰ গৃহসমষ্টিত অনুষ্ঠিত হোৱাৰ বাবে তেওঁ ভয় খাইছে ।"

লগতে পঢ়ক :১০ লাখ ছাত্ৰীক সামৰি ৰাজ্যত আৰম্ভ হ'ল মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনি - Assam Nijut Moina Scheme
লগতে পঢ়ক :সীমা সুৰক্ষিত হৈ আছে আৰু সীমাৰ ভিতৰত কোনো সোমাব পৰা নাই : মুখ্যমন্ত্রী - Bangladesh crisis