গুৱাহাটী : উৎকট গৰমৰ মাজতে বৃহস্পতিবাৰে দিনৰ ভাগত গুৱাহাটী মহানগৰীৰ গান্ধীবস্তিত সংঘটিত হয় ভয়াৱহ অগ্নিকাণ্ডৰ ঘটনা । এই বিধ্বংসী অগ্নিকাণ্ডত কেইবাটাও বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত হয় ।
গুৱাহাটীৰ গান্ধীবস্তিৰ অনু বৰা পথৰ শুভম ইলাইট এপাৰ্টমেণ্টৰ ওচৰত দুপৰীয়া সংঘটিত হয় এই অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডৰ সময়ত বাসগৃহত থকা কেইবাটাও গেছৰ চিলিণ্ডাৰ বিস্ফোৰিত হয় বুলি স্থানীয় ৰাইজে সদৰী কৰিছে । অৱশ্যে অগ্নিকাণ্ডৰ কাৰণ সন্দৰ্ভত এতিয়াও কোনো নিশ্চিত তথ্য জানিব পৰা হোৱা নাই ।
দুপৰীয়াৰ ভাগত সংঘটিত অগ্নিকাণ্ডৰ ঘটনাটোত টিনৰ চালিৰ বহুকেইটা ঘৰ সম্পূৰ্ণৰূপে ভস্মীভূত হয় । ওচৰা-ওচৰিকৈ থকা তিনিটাকৈ চৌহদ অগ্নিৰ কবলত পৰে । ফলত চৌহদ তিনিটাত থকা বহুকেইটা ঘৰ ভস্মীভূত হয় । হঠাতে সূত্ৰপাত হোৱা জুয়ে মুহূৰ্ততে আগুৰি ধৰে কেইবাটাও বাসগৃহ ।
ইয়াৰ পাছতে কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰিত হয় । ফলত জুই আৰু অধিক বিয়পি পৰে । অগ্নিকাণ্ডৰ ফলত আবাসীসকলৰ মাজত হুৱাদুৱা লাগে । অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই যদিও বহুকেইটা ঘৰৰ সকলো সা-সামগ্ৰী জুইত জাহ যায় ।
নিমিষতে ক’লা ধোঁৱাই ছানি ধৰে গান্ধীবস্তি অঞ্চল । কোনো আবাসীয়ে ঘৰৰ আচবাবসহ আন সামগ্ৰী উলিয়াবলৈ সক্ষম নহ’ল । ইফালে অগ্নিনিৰ্বাপক বাহিনীৰ বাহন পলমকৈ ঘটনাস্থলীত উপস্থিত হোৱাক লৈ স্থানীয় ৰাইজে ক্ষোভ প্ৰকাশ কৰে । পাছত অগ্নিনিৰ্বাপক বাহিনীয়ে জুই নিয়ন্ত্রণ কৰে যদিও বহুকেইটা ঘৰ ইতিমধ্যে জুইত জাহ যায় ।
ঘটনা সন্দৰ্ভত এগৰাকী ভুক্তভোগীয়ে কয়, "একো বচাব নোৱাৰিলো । সকলো জ্বলি গ'ল । সকলো শেষ হৈ গ'ল । সকলো নথিপত্র জুইত জাহ গ'ল । ১০টামান ঘৰ আছিল আৰু সকলো ভাৰাঘৰ আছিল । সেই সময়ত প্ৰায় সকলো কামত গৈছিল । বেছিভাগ ঘৰতে কোনো লোক নাছিল ।"
আন এগৰাকী ভুক্তভোগীয়ে কয়, "কেইবাটাও চিলিণ্ডাৰ বিস্ফোৰিত হোৱাৰ ফলত জুই অধিক বিয়পি পৰে । মানুহখিনিয়ে নিজৰ জীৱন ৰক্ষা কৰাৰ বাহিৰে কোনো বয়বস্তু বচাব নোৱাৰিলে । প্ৰায় ৪৫ মিনিট পাছত অগ্নিনিৰ্বাপক বাহিনীৰ লোক আহি জুই নিৰ্বাপণ কৰে । তিনিটা কেম্পাছৰ এটাত ১৬ ঘৰ পৰিয়াল, আন এটাত ৩০ ঘৰ আৰু এটাত ১২-১৩ ঘৰ আছিল । জুয়ে সকলো শেষ কৰাৰ পাছত অগ্নিনিৰ্বাপক বাহিনী আহি পাইছে ।"