ETV Bharat / state

প্ৰশ্ন সোধাৰো অধিকাৰ হেৰুৱাইছে অসমৰ সাংবাদিকে : বাৰ্তাজীৱী সংঘৰ ক্ষোভ

নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ অধিৱেশনত সাংবাদিকৰ বিদ্যুৎ আৰু পানীৰ মাচুল ৰেহাই দিয়াৰ দাবী ।

Nagaon Bartajibi Sangha session
নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ অধিৱেশন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : March 24, 2025 at 2:30 PM IST

2 Min Read
Choose ETV Bharat

নগাঁও : অসমত সাংবাদিকৰ অধিকাৰ কিমান সুৰক্ষিত ? সাংবাদিকসকলে নিজকে সুৰক্ষিত বুলি ভাবে নে ? সাংবাদিকসকল যিদৰে শোষিত,নিষ্পেষিত হৈ আছে তাৰ বিৰুদ্ধে ঐক্যৱদ্ধ হৈ মাত মতাৰ সময় আহি পৰিছে । অসম বাৰ্তাজীৱী সংঘৰ নগাঁও জিলা সমিতিৰ অধিৱেশনত এনেবোৰ বিষয়ে আলোচনাত স্থান পালে । সাংবাদিকে ইচ্ছা কৰিলেই বাতৰি এটা পৰিৱেশন কৰিব নোৱাৰে বুলি স্বয়ং বাৰ্তাজীৱী সংঘৰ সাধাৰণ সম্পাদকগৰাকীয়ে মন্তব্য় কৰিলে ।

দেওবাৰে নগাঁৱৰ নেহৰু যুৱ কেন্দ্ৰত অনুষ্ঠিত অসম বাৰ্তাজীৱী সংঘৰ নগাঁও জিলা সমিতিৰ অধিৱেশনত অংশগ্ৰহণ কৰি জ্যেষ্ঠ সাংবাদিক তথা অসম বাৰ্তাজীৱী সংঘৰ সাংগঠনিক সম্পাদক বশিষ্ঠদেৱ ফুকনে কয়," অসমৰ সংবাদ মাধ্যম এতিয়া ৰাজনৈতিক হাতোৰাত । অসমৰ সাংবাদিকসকলে এতিয়া প্ৰশ্ন কৰাৰো অধিকাৰ হেৰুৱাই পেলাইছে । প্ৰশ্ন সোধাৰ বাবেই এগৰাকী সাংবাদিকে নিজৰ কৰ্মসংস্থাপন হেৰেুওৱাবলগীয়া এক পৰিৱেশ হৈছে অসমত ।"

নগাঁও জিলা বাৰ্তাজীৱী সংঘৰ অধিৱেশন (ETV Bharat Assam)

তেওঁ পুনৰ কয়," সাংবাদিকে ইচ্ছা কৰিলেই বাতৰি এটা পৰিৱেশন কৰিব নোৱাৰে । সাংবাদিকে প্ৰেৰণ কৰা বাতৰিটো প্ৰকাশ পাব নে নাই সেয়াও নিশ্চয়তা নাই । এনে এক অৱস্থাত সাংবাদিকসকলে নিৰপেক্ষতা অৱলম্বন কৰি এটা শক্তিশালী ভূমিকা ললেহে এই অপশক্তিবোৰৰ বিৰুদ্ধে জয়ী হ'ব পাৰিব । সাংবাদিকসকল যিদৰে শোষিত, নিষ্পেষিত হৈ আছে তাৰ বিৰুদ্ধে ঐক্যৱদ্ধ হৈ মাত মতাৰ সময় আহি পৰিছে ।"

এই অধিৱেশনত বাৰ্তাজীৱী সংঘৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক মুকুটৰাজ শৰ্মায়ো সাংবাদিকৰ ন্যাৰ্য প্ৰাপ্তিৰ বিষয়ে আলোচনা কৰাৰ কথা উল্লেখ কৰি কয়," আজিৰ তাৰিখত অসমৰ শোষিত,বঞ্চিত শ্ৰেণীৰ ভিতৰত সাংবাদিকসকল অন্যতম । অসমৰ সাংবাদিকসকলৰ সা-সুবিধাৰ কাৰণে অসম বাৰ্তাজীৱী সংঘই চৰকাৰৰ ওচৰত দাবী জনাই আহিছো । বিশেষকৈ সাংবাদিকসকলৰ পেঞ্চন বৃদ্ধি,ৰাজ্যৰ বাহিৰৰ অতিথিশালা অথবা অসম ভৱনত অসমৰ সাংবাদিকসকলক বিনামূলীয়াকৈ থকাৰ ব্যৱস্থা কৰাৰ উপৰি সাংবাদিকসকলৰ বিদ্যুৎ আৰু পানীৰ মাচুল ৰেহাই মূল্যত প্ৰদান কৰা,অসমৰ টোলগেটত সাংবাদিকসকলক মাচুলৰ পৰা ৰেহাই আদিৰ সুবিধা প্ৰদান কৰিবলৈ চৰকাৰক দাবী জনাই অহা হৈছে।" উক্ত অধিৱেশনত নগাঁৱৰ জ্যেষ্ঠ সাংবাদিক কনক হাজৰিকাক সভপতি, ভাস্কৰজ্যোতি মেধিক সাধাৰণ সম্পাদক হিচাপে লৈ ২১ জনীয়া এখন নতুন কমিটী গঠন কৰা হয় ।

লগতে পঢ়ক:শিল্পগ্ৰামৰ বাকৰিত এদল সাংবাদিকৰ তয়াময়া ৰণ - JOURNALIST PERFORMS BHAONA

সাংবাদিকক আক্ৰমণৰ বিৰুদ্ধে চামগুৰিত সাংবাদিকৰ প্ৰতিবাদ - ASSAM BYE ELECTION 2024