ETV Bharat / state

মাক-দেউতাকৰ সৈতে একেলগে ৰাতিৰ ভাতসাঁজ খোৱা নহ'ল অনিমেষৰ

যোৰহাটত ভৌগদৈৰ সমীপত উদ্ধাৰ যুৱকৰ মৃতদেহ । হাবি জংঘলেৰে লুকুৱাই থোৱা অৱস্থাত যুৱকজনৰ মটৰ চাইকেলখনো উদ্ধাৰ কৰে আৰক্ষীয়ে ।

Jorhat murder case
যোৰহাটত চাঞ্চল্যকৰ হত্যাকাণ্ড (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : July 7, 2025 at 1:39 PM IST

2 Min Read
Choose ETV Bharat

যোৰহাট : "দেউতা মই গৈ আছো ৰ'বা, তুমি আৰু মায়ে ধৈৰ্য ধৰা আৰু কোনো চিন্তা কৰিব নালাগে ।" এনেদৰে পিতৃক ফোনত কৈছিল অনিমেষ বৰাই । কিন্তু পিছদিনা তেজেৰে লুতুৰি-পুতুৰি অৱস্থাত উদ্ধাৰ হ'ল অনিমেষৰ মৃতদেহ । সমগ্ৰ যোৰহাটতে এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ।

ঘটনাৰ বিৱৰণি অনুসৰি যোৰহাট দিচৈ নগৰৰ অনিমেষ বৰা নামৰ যুৱকজনে শনিবাৰে সন্ধিয়া পিতৃৰ AS-03-L-9416 নম্বৰ মটৰ চাইকেলখনেৰে ঘৰৰ পৰা ওলাই গৈছিল । কিন্তু সন্ধিয়া ওলাই অহা যুৱকজন ঘৰলৈ উভতি নাহিল । গোটেই নিশা পুত্ৰৰ বাবে অপেক্ষা কৰি আছিল পিতৃ-মাতৃ । আনকি ফোনত পিতৃৰ সৈতে কথাও পাতিছিল অনিমেষে । কিন্তু তাৰ পিছৰ পৰাই কোনো সন্ধান নাই পুত্ৰৰ । নিশা উজাগৰে পৰিয়ালটোৱে পুত্ৰৰ অপেক্ষাত ৰৈ থাকিল ।

ভৌগদৈৰ সমীপত উদ্ধাৰ যুৱকৰ মৃতদেহ (ETV Bharat)

অৱশেষত পুৱা ভোগদৈৰ সমীপৱৰ্তী ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে থকা হাবিত উদ্ধাৰ হয় অনিমেষৰ মৃতদেহ । খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীসহ দণ্ডাধীশ উপস্থিত হৈ অনিমেষৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । একেদৰে তাৰ পৰা কিছু দূৰত অনিমেষৰ মটৰ চাইকেলখনো গছ-লতাৰে লুকুৱাই থোৱা অৱস্থাত আৰক্ষীয়ে উদ্ধাৰ কৰে ।

লক্ষণীয়ভাৱে অনিমেষৰ মুখমণ্ডলত চোকা অস্ত্ৰৰ আঘাত স্পষ্ট আছিল । যাৰ বাবে এয়া হত্যাকাণ্ড বুলি সকলোৱে সন্দেহ কৰিছে । এই সন্দৰ্ভত অনিমেষৰ পিতৃয়ে কয়,"শনিবাৰে নিশা ১০.৩০ বজাত মই মোৰ ল'ৰাৰ সৈতে কথা পাতিছিলোঁ আৰু মোক সি ঘৰলৈ গৈ আছো বুলি কৈছিল । কিন্তু দেৰি হৈ অহাৰ লগে লগে তাৰ মোবাইললৈ পুনৰ ফোন কৰো কিন্তু মোবাইল অফ পালো । এয়া হত্যাকাণ্ডৰ বাহিৰে একো হ'ব নোৱাৰে । মোৰ ল'ৰাৰ কাৰোৰে সৈতে কোনো শত্ৰুতা নাই ।"

আনহাতে ব্যক্তিগত কোম্পানীত কাম কৰা অনিমেষৰ কাৰোৰে লগতে শত্ৰুতা নাছিল । অনিমেষ অমায়িক আছিল আৰু অনিমেষক কোনো লোকে হত্যা কৰি এনেদৰে পেলাই থৈ গৈছে বুলি স্থানীয় লোকেও সন্দেহ কৰিছে । অৱশ্যে আৰক্ষীৰ তদন্ততহে সকলো তথ্য পোহৰলৈ আহিব ।

লগতে পঢ়ক :চৰম সিদ্ধান্ত লোৱা প্ৰধান শিক্ষয়িত্ৰীয়ে লিখি থৈ যোৱা এখন পত্ৰই লগাইছে হাহাকাৰ - BEHALI PRINCIPAL DEATH CASE