পৰকীয়া প্ৰেমৰ বাবে চাঞ্চল্যকৰ হত্যাকাণ্ড !
পত্নীক হত্য়া কৰি আৰক্ষী থানাত উপস্থিত হ'ল স্বামী । কেমেৰাৰ সন্মুখতেই স্বীকাৰ কৰিলে অভিযুক্তই ।

Published : February 16, 2025 at 8:30 PM IST
গুৱাহাটী: এক চাঞ্চল্যকৰ হত্যাকাণ্ডই জোকাৰি গ'ল গুৱাহাটী মহানগৰী । হত্য়াকাণ্ড সংঘটিত কৰিয়েই স্বামীয়ে আৰক্ষীক খবৰ দিবলৈ উপস্থিত হয় আৰক্ষী থানাত । এই হত্য়াকাণ্ডটো সংঘটিত হোৱাৰ পিচত অভিযোগ-প্ৰতিঅভিযোগৰ মাজতেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিলে অভিযুক্তক । কি কাৰণে এই হত্য়াকাণ্ডটো সংঘটিত কৰিলে সেই বিষয়ে কেমেৰাৰ সন্মুখতেই স্বীকাৰ কৰিলে অভিযুক্তই ।
পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে কৰিলে হত্যা :
পৰকীয়া প্ৰেমৰ বাবে স্বামীয়ে হত্যা কৰিলে পত্নীক । এই অভিযোগ উত্থাপিত হৈছে যদিও ইয়াৰ আঁৰৰ ৰহস্য় এতিয়াও ভেদ হোৱা নাই । দেওবাৰে এই ঘটনাটো সংঘটিত হৈছে মহানগৰীৰ উলুবাৰীৰ পাৰিবাৰিক আদালত পথৰ ১৮ নম্বৰ গৃহত । উত্থাপিত অভিযোগ অনুসৰি অভিযুক্ত গাড়ী চালক ৰুবুল শৰ্মাই ৰডৰে মৰিয়াই হত্যা কৰিলে পত্নী শ্ৰেয়া ভট্টাচাৰ্য শৰ্মাক । উলুবাৰীৰ ভাড়াঘৰত থকা ৰুবুল শৰ্মাই দেওবাৰে পত্নীক হত্যা কৰি পল্টন বজাৰ আৰক্ষী থানাত আত্মসমৰ্পণ কৰে । দুবছৰীয়া এগৰাকী কন্যা সন্তানো আছে ৰুবুল আৰু শ্ৰেয়াৰ ।
কেনেকৈ সংঘটিত হয় ঘটনাটো ?
আৰক্ষীৰ ভাষ্য় অনুসৰি ৰুবুলে ৰডেৰে মাৰিওৱাৰ ফলত শ্ৰেয়াই মূৰৰ সোঁফালে পোৱা আঘাৰ বাবে মৃত্যু হয় । শ্ৰেয়াৰ পিতৃ-মাতৃ আৰু ভগ্নী একেটা ঘৰতে আছিল যদিও হত্যাকাণ্ড সন্দৰ্ভত তেওঁলোকে গমকে পোৱা নাছিল । শ্ৰেয়াৰ এগৰাকী আত্মীয়ই এই ঘটনা সন্দৰ্ভত কয় , "দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু ১৮ বছৰ সম্পূৰ্ণ নহওতে শ্ৰেয়াক বিয়া পাতিছিল । শ্ৰেয়াক আনুষ্ঠানিকভাৱে বিয়া পতা নাছিল । পৰিয়ালৰ লোকে আইনীভাৱে বিবাহপাশত আবদ্ধ হ'বলৈ কৈছিল যদিও ৰুবুল শৰ্মাই সেই কাম কৰা নাছিল । শ্ৰেয়াৰ লগত কেইদিনমান ভালে থাকে আৰু মাজে মাজে মাৰপিট কৰিছিল । বন্ধু-বান্ধৱীৰ লগতো যোগাযোগ কৰিব দিয়া নাছিল । ঘৰৰ পৰা বাহিৰলৈ যাব নিদিছিল । আৰ্থিকভাৱেও কোনো ধৰণৰ সহায় নকৰিছিল ৰুবুলে । পিতৃ-মাতৃয়ে শ্ৰেয়া আৰু শিশুটিক সহায় সহযোগ কৰিছিল। "
ঘটনা সন্দৰ্ভত আৰক্ষীয়ে কি কয় ?
এই ঘটনা সন্দৰ্ভত ADCP সম্ভবী মিশ্ৰই সংবাদ মাধ্যমৰ আগত কয়, "আজি পুৱা ৯.৩০ মান বজাৰ ভিতৰত ৰুবুল শৰ্মাই পল্টন বজাৰ থানালৈ আহি আত্মসমৰ্পণ কৰি কয় যে পৰকীয়া প্ৰেমৰ বাবে তেওঁ পত্নীক ৰডেৰে মৰিয়াই পত্নীক হত্যা কৰিছে । লগে লগে আৰক্ষীৰ দল তদন্তৰ বাবে উক্ত ঘটনাস্থলীত উপস্থিত হয় । ঘটনাস্থলীত উপস্থিত হৈ মহিলাগৰাকীৰ মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে । আনহাতে, চি আই ডি, ফৰেনচিক দলো উপস্থিত হৈ ঘটনাৰ তদন্ত কৰিছে । ইপিনে, হত্যা কৰা সামগ্ৰী জব্দ কৰা হৈছে ।"
অভিযুক্তৰ আত্মসমৰ্পণ :
আনহাতে, পল্টন বজাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কুলেশজ্যোতি ভূঞাই সংবাদ মাধ্যমৰ আগত কয়, "পুৱা ৯:৩০ বজাত ৰুবুল শৰ্মাই আৰক্ষী থানালৈ আহি আত্মসমৰ্পণ কৰে । তাৰ এক-ডেৰ ঘন্টা মান আগত পত্নীক হত্যা কৰা বুলি কৈছিল । আৰক্ষীক ৰুবুল শৰ্মাই জনাই পত্নীৰ অবৈধ সম্পৰ্ক থকাৰ সন্দেহত হত্যা কৰিছে শ্ৰেয়াক । ইতিমধ্যে ৰুবুল শৰ্মাক গ্ৰেপ্তাৰ কৰাৰ লগতে অভিযুক্তক লৈ বাসগৃহটোত ঘটনাৰ পুনৰ হুবহু দৃশ্য়ায়িত কৰা হৈছে । ঘটনাৰ তদন্ত অব্যাহত আছে ।"
ইপিনে, অভিযুক্ত ৰুবুল শৰ্মাই সংবাদ মাধ্যমৰ আগত কয়, "বিগত তিনি-চাৰিদিন ধৰি তাই এজন ল'ৰাৰ লগত সম্পৰ্ক ৰক্ষা কৰি আছিল ।"

