ETV Bharat / state

বন্দুক-বাৰুদ লৈ উঠি আহিল ডাম্পাৰত, অপহৰণ কৰি নিলে ফৰ্চুনাৰত

ডাম্পাৰত আহিছিল এটা অস্ত্ৰধাৰী দল । মালিকৰ সন্মুখৰ পৰাই অপহৰণ কৰিলে ভতিজাকক ।

SENSATIONAL KIDNAPPING IN TINSUKIA
অপহৃত প্ৰকাশ ছেত্ৰী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : December 18, 2024 at 4:48 PM IST

3 Min Read
Choose ETV Bharat

তিনিচুকীয়া: দিন-দুপৰতে এখন ডাম্পাৰেৰে আহি মালিকৰ বিলাসী ফৰ্চুনাৰত চিনেমাৰ কায়দাৰে উভতিল অস্ত্ৰধাৰী অপহৰণকাৰী দল । ঘটনাটো সংঘটিত হৈছে তিনিচুকীয়া জিলাৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তৰ জাগুনত । সামৰিক পোচাকত অহা অস্ত্ৰধাৰী দলে এটা ক্ৰেছাৰ ফেক্টৰীৰ মালিকৰ সন্মুখৰ পৰাই অপহৰণ কৰি নিয়ে প্ৰকাশ চেত্ৰী নামৰ এজন যুৱকক ।

ঘটনা অনুসৰি বুধবাৰে পুৱা প্ৰায় ১০ বজাত তিনিচুকীয়া জিলাৰ সীমামূৰীয়া জাগুনৰ ন-মাইলত অৱস্থিত ভাই চেত্ৰীৰ ক্ৰেছাৰ ফেক্টৰীৰ পৰা অপহৰণ কৰি লৈ যায় ফেক্টৰীটোৰ স্বত্বাধিকাৰীৰ ভতিজাক প্ৰকাশ চেত্ৰী (২৪) ওৰফে প্ৰভুক । উক্ত ঘটনাটো পোহৰলৈ অহাৰ পাছতে অঞ্চলটোত তীব্ৰ চাঞ্চল্যই বিৰাজ কৰিছে ।

ক্ৰেছাৰ ফেক্টৰীত অপহৰণ (ETV Bharat Assam)

ক্ৰেছাৰ ফেক্টৰীটোৰ গৰাকী ভাই চেত্ৰীয়ে সংবাদমাধ্যমৰ আগত কয়,“ পুৱা প্ৰায় ১০ বজাত মই ঘৰৰ পৰা ফেক্টৰী আহি পাইছিলো । এনেয়ো ফেক্টৰীটো বন্ধ হৈ আছে বহুদিনৰ পৰা । তাৰ ১০ মিনিটমান পাছতে এখন ডাম্পাৰ আহিল ৷ ডাম্পাৰৰ পৰা নামিল অস্ত্ৰধাৰী সামৰিক পোছাকত অহা এটা দল । মই প্ৰথমে সেনা বাহিনীৰ লোক বুলি ভাবিছিলো ।

ইয়াৰ পাছত দলটো নামি আহি মালিক কোন সুধিলে । প্ৰথমে মই নহয় বুলি কৈছিলো । পাছত কৰ্মচাৰীক সোধা-পোছা কৰাত মোক দেখুৱাই দিলে মালিক বুলি ৷ কাৰ্যালয়ত প্ৰৱেশ কৰি মোৰ ব্যক্তিগত অস্ত্ৰটো পোৱাত লৈ লয় । পাছত দলটোৱে মোক আৰু মোৰ ভতিজাটোক গাড়ীত উঠাই লৈ যায় নদীৰ পাৰলৈ । পৰৱৰ্তী সময়ত ভতিজাটোৱে দদাই বেমাৰী মানুহ মৰি থাকিব, য’ত লৈ যাব লাগে মোকে লৈ যাওঁক বুলি কোৱাত গাড়ীখনৰে সৈতে মোক এৰি দিয়ে আৰু ভতিজাটোক লৈ যায় ।”

তেওঁ লগতে কয়, "দলটোত হয়তো ৮-৯ জন আছিল । দলটোৱে সামৰিক পোচাকত আৰু মাৰণাস্ত্ৰ লৈ আহিছিল । তেওঁলোকে নিজৰ কোনো পৰিচয় দিয়া নাই, কোনো সংগঠনৰ কথা কোৱা নাই ৷ কিন্তু কথা-বাৰ্তাত গ’ম পোৱা যায় আমাৰ ইয়াৰে হয় বুলি । আগতে কোনো ধন দাবী কৰা নাই ৷ পাছত ফোন আহিব ফোনত কথা পাতিব বুলি ক’লে । ফোন আহিলেও মোৰ এতিয়াতো পানীত হাঁহ নচৰা অৱস্থা হৈ আছে ৷ প্ৰকাশ চেত্ৰীৰ এটি ডেৰ বছৰীয়া কেচুৱা আছে ।”

পৰৱৰ্তী সময়ত ঘটনাস্থলীত স্থানীয় আৰক্ষী উপস্থিত হোৱাৰ লগতে ৰাওনা হয় তিনিচুকীয়াৰ আৰক্ষী অধীক্ষক টাবুৰাম পেগু ৷ আৰক্ষী অধীক্ষকৰ নেতৃত্বত এটা বৃহৎ আৰক্ষীৰ দল ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰাৰ লগতে সেনাৰ সহযোগত অপহৃতৰ সন্ধানত অভিযান চলাইছে ।

উল্লেখ্য যে বিগত কিছুদিন ধৰি জাগুন-লেখাপানী অঞ্চলত আলফা (স্বাধীন)ৰ এটা দলে ব্যাপক হাৰত ধনদাবী কৰি অহাৰ তথ্য চোৰাংচোৱা আৰু তিনিচুকীয়া আৰক্ষীয়ে লাভ কৰিছিল বুলি চৰ্চিত ৷ তাৰ পাছতে দিন-দুপৰতে চিনেমাৰ কায়দাৰে আজি এইদৰে অপহৰণ কৰি লৈ যোৱা ঘটনাই সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ ।

লগতে পঢ়ক:অসম আৰক্ষীয়ে কৰিব নোৱৰা কাম কৰি দেখুৱাইছে নাগালেণ্ডৰ দুৰ্বৃত্তই - KIDNAPPING IN CHARAIDEO NAMTOLA

চৰাইদেউৰ নামতোলাত চাঞ্চল্যকৰ অপহৰণকাণ্ড: অসমৰ ব্যৱসায়ীক অপহৰণ নগা দুৰ্বৃত্তৰ - SENSATIONAL KIDNAPPING IN CHARAIDEO