ৰঙিয়াৰ বৈষ্ণোদেৱী মন্দিৰত সপত্নীক সেৱা ল’লে ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই - Ramen Deka at Rangia
Chhattisgarh governor Ramen Deka: ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে শপত লোৱাৰ পিছত প্ৰথমবাৰৰ বাবে ৰঙিয়াত উপস্থিত ৰমেন ডেকা ৷ ৰঙিয়া হৰি মন্দিৰ প্ৰাংগণত থকা বৈষ্ণোদেৱী মন্দিৰত মঙলবাৰে সপত্নীক সেৱা ল’লে জ্যেষ্ঠ বিজেপি নেতাগৰাকীয়ে ৷

Published : August 13, 2024 at 7:23 PM IST
ৰঙিয়া, 13 আগষ্ট: মঙলবাৰে ৰঙিয়াত উপস্থিত হ'ল ছত্তীশগড়ৰ নৱ-নিযুক্ত ৰাজ্যপাল তথা প্ৰাক্তন সাংসদ ৰমেন ডেকা । ৰঙিয়াৰ ম'হখলিৰ দক্ষিণ পশ্চিম ৰঙিয়া হৰি মন্দিৰ প্ৰাংগণত ছত্তীশগড়ৰ নৱ-নিযুক্ত ৰাজ্যপালগৰাকী উপস্থিত হোৱাৰ পিছতে বিভিন্ন দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে উষ্ম আদৰণি জনায় ।
হৰি মন্দিৰৰ প্ৰাংগণত দুবছৰ পূৰ্বে নিৰ্মাণ কৰা শ্ৰীশ্ৰী বৈষ্ণোদেৱী মন্দিৰত বাৰ্ষিক পূজাৰ লগত সংগতি ৰাখি আয়োজন কৰা সভাত ছত্তীশগড়ৰ ৰাজ্যপাল ৰমেন ডেকাই তেওঁৰ সহধৰ্মিনী আৰু পুত্ৰসহ অংশগ্ৰহণ কৰি শ্ৰীশ্ৰী বৈষ্ণোদেৱীৰ আশীষ লয় । এই অনুষ্ঠানত উপস্থিত থাকে ৰঙিয়াৰ সু-সন্তান তথা প্ৰাক্তন সেনা বিষয়া লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতা, ৰাজ্যিক বিজেপিৰ সভাপতি তথা স্থানীয় বিধায়ক ভৱেশ কলিতাসহ বহুসংখ্যক গণ্যমান্য ব্যক্তি ।
উল্লেখ্য যে দক্ষিণ পশ্চিম ৰঙিয়া হৰি মন্দিৰ নিৰ্মাণত প্ৰথম অৱস্থাৰ পৰাই যথেষ্ট অৱদান আগবঢ়াই অহা ৰমেন ডেকাই ৰাইজৰ পৰা এনেদৰে সম্বৰ্ধনা লাভ কৰি অভিভূত হৈ পৰে ।
প্ৰাক্তন সাংসদগৰাকীক স্বাগতম জনাই ৰঙিয়াৰ বিধায়ক ভৱেশ কলিতাই কয়, ‘‘ছত্তীশগড়ৰ নৱ-নিযুক্ত ৰাজ্যপাল ৰমেন ডেকাই এটি বৈষ্ণোদেৱীৰ মন্দিৰ ইয়াত সজাই দিছিল । তাত দ্বিতীয় বৰ্ষৰ পূজা ভাগ সমিতিয়ে আয়োজন কৰিছিল । যিহেতু তেওঁ এই অনুষ্ঠানভাগৰ লগত জড়িত আছিল, সেয়েহে তেওঁ আজি ইয়াত উপস্থিত থাকি ধৰ্মপ্ৰাণ ৰাইজৰ লগত মত বিনিময় কৰিলে । আমি ধন্যবাদ জ্ঞাপন কৰিছো । এক ব্যস্ততাপূৰ্ণ জীৱন আৰু লগতে এখন ৰাজ্যৰ সাংবিধানিক মুৰব্বী হিচাপে আজিৰ এই পূজাভাগত থাকি তেওঁ ৰাইজক আহ্লাদিত কৰিলে ।’’
লগতে পঢ়ক: ৰমেন ডেকাক শুভেচ্ছা জনাবলৈ গৈ আৱেগিক হৈ পৰিল ভৱেশ কলিতা - Chhattisgarh Governor Ramen Deka
ছত্তীশগড়ৰ ৰাজ্যপাল হিচাপে ৰমেন ডেকাৰ শপত গ্ৰহণ - Chhattisgarh Governor Ramen Deka

