স্তব্ধ হ'ল এক জাতীয়তাবাদী সত্তাৰ যাত্ৰা, নলিনী ৰঞ্জন বৰুৱাৰ দেহাৱসান
অসমত জাতীয়তাবাদৰ ভেটি গঢ় দিয়াত অগ্ৰণী ভূমিকা পালন কৰা জাতীয়তাবাদী নেতা নলিনী ৰঞ্জন বৰুৱাৰ দেহাৱসান । দল-সংগঠনৰ শ্ৰদ্ধাঞ্জলি ।

Published : October 4, 2025 at 4:50 PM IST
গোলাঘাট: শোকস্তব্ধ গোলাঘাট । অসংখ্য শুভাকাংক্ষীক শোকৰ সাগৰত পেলাই ইহলীলা সম্বৰণ অসম আন্দোলনৰ অগ্ৰণী কৰ্মী তথা অসম জাতীয়তাবাদী যুৱ-ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য আৰু বৰ্তমান আমন্ত্ৰিত উপদেষ্টা চিৰকুমাৰ নলিনী ৰঞ্জন বৰুৱাৰ । শনিবাৰে পুৱা প্ৰায় ৮:১০ বজাত শ্বহীদ কুশল কোঁৱৰ অসামৰিক চিকিৎসালয়ত বাৰ্ধক্যজনিত কাৰণত দেহাৱসান ঘটে জাতীয়তাবাদৰ ধ্বজাবাহক স্বৰূপ বৰুৱাৰ ।
নলিনী ৰঞ্জন বৰুৱা অসমত জাতীয়তাবাদৰ ভেটি গঢ় দিয়াৰ এজন অগ্ৰণী ভূমিকা পালন কৰিছিল । গোলাঘাটৰ নগৰৰ বেজবৰুৱা চাৰিআলিৰ সমীপত ৬০ দশকত জন্ম গ্ৰহণ কৰা নলিনী ৰঞ্জন বৰুৱাই প্ৰাৰম্ভিক শিক্ষাগ্ৰহণ কৰে গোলাঘাটৰ বেজবৰুৱা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত ।
বাণিজ্য মহাবিদ্যালয়ত উচ্চ শিক্ষা গ্ৰহণ কৰি থকাৰ সময়তে উকমুকনি দিয়ে অসমত বিদেশী বিতাড়ন আন্দোলনে । এই অসম আন্দোলনৰ এজন সক্ৰিয় কৰ্মী হিচাপে যোগদান কৰি বিদেশী বিতাড়নৰ বিভিন্ন কাৰ্যসূচীত যোগদান কৰিছিল ।
পৰৱৰ্তী সময়ত ১৯৮৮ চনত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠাপক সদস্য যোগদান কৰি ওৰেটো জীৱন চিৰকুমাৰ হৈয়ে অসমত জাতীয়তাবাদৰ ভেটি গঢ় দিয়ত অগ্ৰণী ভূমিকা পালন কৰিছিল ।

বৰ্তমান এই জাতীয়তাবাদীৰ চিন্তা ধাৰাৰে সকলোকে আগবঢ়াই নিয়া নলিনী ৰঞ্জন বৰুৱা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ আমন্ত্ৰিত উপদেষ্টা হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল । ইয়াৰ উপৰিও গোলাঘাটৰ জিলাৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত হৈ সমাজৰ হকে নিজৰ দায়িত্ব পালন কৰিছিল ।

তেখেতৰ মৃত্যুৰ খবৰ লাভ কৰাৰ পাছতে শোকত ভাগি পৰে গোলাঘাটৰ সকলো দল-সংগঠন । তেখেতৰ নশ্বৰ দেহ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ গোলাঘাট জিলাৰ কাৰ্যালয়লৈ অনাৰ পাছত বিভিন্ন দল-সংগঠনে শেষ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
এই সম্পৰ্কে তেখেতৰ বাল্যবন্ধু গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যাপক ড৹ নৃপেন বৰুৱাই কয়,"১৯৭৯ চনৰ পৰা বেজবৰুৱা চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অধ্যয়ন কৰি থকাৰ পৰা বৰ্তমানলৈকে আমাৰ লগত এক সু-সম্পৰ্ক বৰ্তাই ৰাখিছিল । এজন প্ৰকৃত জাতীয়তাবাদী নেতা আছিল । প্ৰচাৰ বিমুখ এইগৰাকী জাতীয়তাবাদী নেতা, যাৰ নেতৃত্বত ১৯৭৯ চনৰপৰা ১৯৮৫ চনলৈকে গোলাঘাটত বিদেশী বিতাড়ন আন্দোলনৰ তেওঁ এজন অন্যতম সদস্য আছিল । অসম বিৰোধী চক্ৰই অসমৰ জাতীয় সত্বাক আঘাত কৰাৰ বিৰুদ্ধে তেওঁ গৰজি উঠিছিল, যাৰ বাবে আৰক্ষীৰ আতিশয্যৰো বলি হৈছিল তেওঁ ।"

ড৹ বৰুৱাই লগতে কয়,"তেওঁ এগৰাকী সৎ, নিকা আৰু অমায়িক ব্যক্তি আছিল । ইয়াৰ উপৰিও তেখেতে গোলাঘাটৰ সকলো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগতো জড়িত হৈ আছিল । আজি কিছুদিনৰ পৰা তেখেতে বাৰ্ধক্যজনিত ৰোগত ভুগি আছিল আৰু আজি তেখেতৰ মৃত্যু হয় । তেখেতৰ মৃত্যুত গোলাঘাটে এজন প্ৰকৃত জাতীয়তাবাদী নেতা হেৰুৱাইছে বুলি অনুভৱ কৰিছোঁ ।"
আনহাতে তেখেতৰ মৃত্যুৰ সম্পৰ্কে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় উপ-সভাপতি জিতুল ৰাজখোৱাই কয়,"অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ প্ৰতিষ্ঠা কালৰ পৰা জড়িত এজন সতীৰ্থ নলিনী ৰঞ্জন বৰুৱা গোলাঘাটৰ প্ৰতিটো অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত এজন ব্যক্তি । এই ব্যক্তিজনক হেৰুৱাই আজি আমি মৰ্মাহত হৈছোঁ । তেখেতৰ আত্মাৰ চিৰ শান্তি কামনা কৰিছোঁ ।"

