ETV Bharat / state

মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ মানহানিৰ গোচৰক প্ৰত্যাহ্বান উপমন্যু হাজৰিকাৰ

হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে দুৰ্নীতি কৰি সম্পত্তি গঢ়াৰ বহুত অভিযোগ আছে । মুখ্যমন্ত্ৰী পত্নীক প্ৰত্যাহ্বান জনাই সংবাদমেল জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ ।

Senior advocate Upamanyu Hazarika challenges the case filed by Riniki Bhuyan Sharma
ৰিণিকি ভূঞা শৰ্মাৰ গোচৰক প্ৰত্যাহ্বান উপমন্যু হাজৰিকাৰ (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : February 6, 2025 at 10:29 PM IST

4 Min Read
Choose ETV Bharat

গুৱাহাটী: ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ এক ভূমি সক্ৰান্তীয় অভিযোগ সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই গুৱাহাটীৰ চি জি এম ক'ৰ্টত সোমবাৰে জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাৰ লগতে আৰু ছয়জনৰ বিৰুদ্ধে তৰা মানহানি গোচৰক প্ৰত্যাহ্বান জনাই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে ।

মুখ্যমন্ত্ৰীৰ পত্নীয়ে ভাৰতীয় ন্যায় সংহিতা ৩৫৬, ৩(৫), ৩(৬)ৰ অধীনত এই মানহানি গোচৰ তৰিছে । ইতিমধ্যে আদালতত এই গোচৰটো পঞ্জীয়ন হৈছে । অহা ১০ ফেব্ৰুৱাৰীত এই গোচৰটোৰ শুনানীৰ দিন ধাৰ্য কৰা হৈছে । দিল্লীত বৃহস্পতিবাৰে জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই সংবাদমেল সম্বোধন কৰি এই মানহানি গোচৰক প্ৰত্যাহ্বান জনায় ।

জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা (ETV Bharat Assam)

সংবাদমেল সম্বোধন কৰি তেওঁ কয়, "বহু লোকে মোক অৱগত কৰিছে যে আমাৰ মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাই মোৰ লগতে আন ৬ জনৰ ওপৰত মানহানিৰ গোচৰ তৰিছে । যদিও ন্যায়ালয়ৰ পৰা কোনো জাননী এতিয়ালৈকে পোৱা নাই, কিন্তু জানিব পাৰিছোঁ যে গোচৰৰ বিষয়টো হৈছে যোৱা ২৩ জানুৱাৰীত গুৱাহাটীত দিয়া সংবাদমেলখন সন্দৰ্ভত । ইয়াৰ বিষয় আছিল কলিয়াবৰ তিনিআলিৰ পৰা ৰাষ্ট্ৰীয় ঘাইপথ বিকল্প পথেৰে গৈ জখলাবন্ধাক এলাগী কৰি ৰিণিকি ভূঞা শৰ্মাৰ মাটিৰ কাষেৰে যোৱা প্ৰস্তাৱক লৈ ।"

তেওঁ লগতে কয়, "মোৰ হাতত কোনো গোচৰৰ জাননী আহি পৰা নাই, যিহেতু এই বিষয়সমূহ সংবাদ মাধ্যম আৰু ৰাইজৰ মাজত চৰ্চিত হৈছে । আইনগতভাৱে এই বিষয় গ্ৰহণযোগ্য নহয় কিয়নো অভিযোগসমূহ সত্যৰ ভিত্তিত । বিকল্প পথ ৰিণিকি ভূঞা শৰ্মাৰ মাটিৰ কাষেৰে যোৱা প্ৰস্তাৱ উত্থাপন কৰিছে PWD বিভাগে । যাৰ মন্ত্ৰী হৈছে তেওঁৰ স্বামী হিমন্ত বিশ্ব শৰ্মা । এই বিষয়সমূহ ইতিমধ্যেই গুৱাহাটী উচ্চ ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে ।"

হাজৰিকাই লগতে কয়, "এনে পৰিস্থিতিত মানহানি গোচৰ ভিত্তিহীন । ইয়াৰ উপৰিও যি ব্যক্তিৰ এটা ৰাজহুৱা পৰিচয় থাকে, তেওঁলোকৰ দ্বাৰা মানহানি গোচৰ দিয়াতো গ্ৰহণযোগ্য নহয় । বিশেষকৈ যদি তেনে গোচৰ ৰাজহুৱা স্বাৰ্থৰ লগত জৰিত হয় । যদি কুঁৱৰীতল, হাটবৰ আৰু জখলাবন্ধা এলাগী কৰি সেই অঞ্চলৰ ৰাইজক দুৰ্যোগৰ ফালে ঠেলি দি বিকল্প ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণ কৰা হয়, সেই বিষয়টো ৰাজহুৱা স্বাৰ্থ জড়িত নহ'ব কিয় ?"

হাজৰিকাই কয়,"ৰিণিকি ভূঞা শৰ্মা আৰু তেওঁৰ অধিবক্তাই যদিও গোচৰৰ গ্ৰহণযোগ্যতাৰ বিষয়ত অৱগত, কিন্তু ৰাইজক ভয় ভাবুকি দেখুৱাই মুখ আৰু প্ৰতিবাদ বন্ধ কৰিবলৈ এইটো এটা অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰাৰ প্ৰয়াস কৰিছে । এই গোচৰৰ মাধ্যমেৰে ৰিনিকি ভূঞা শৰ্মা আৰু তেওঁৰ স্বামীক জেৰা কৰাৰ সুবৰ্ণ সুযোগ পোৱা যাব । য'ত তেওঁ আৰু তেওঁৰ স্বামীৰ বিৰুদ্ধে থকা বিভিন্ন দুৰ্নীতিৰ অভিযোগৰ উত্তৰ দিবলৈ বাধ্য হ'ব ।"

ইয়াৰোপৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তাগৰাকীয়ে কয়,"আজিলৈকে তেওঁলোক দুয়ো তেওঁলোকৰ বিৰুদ্ধে থকা দুৰ্নীতিৰ অভিযোগৰ উত্তৰ দিয়াৰ পৰা বিৰত আছে । যেনে, ভূমিহীনৰ নামত দামী মাটি প্ৰথমে আবণ্টন দিয়াই পিছলৈ তেওঁলোকৰ নিজৰ কোম্পানীলৈ হস্তান্তৰ কৰা, কাঞ্চনজৰিত এলিফেণ্ট কৰিড'ৰ বন্ধ কৰি বিলাসী ৰিজৰ্ট নিৰ্মাণ কৰা, নিজৰ চেনেল আৰু বাতৰি কাকতক কোটি কোটি টকা চৰকাৰী বিজ্ঞাপন দিয়া, চৰকাৰী নিৰ্মাণ কাৰ্যত তেওঁলোকৰ ঘনিষ্ঠ ব্যক্তিয়ে ঠিকা লোৱা ইত্যাদি ইত্যাদি । এই অভিযোগসমূহ যদি প্ৰমাণ হয় তেন্তে Prevention of Corruption Act, Wildlife Act etcৰ অধীনত অপৰাধ সাব্যস্ত হ'ব ।"

মানহানি গোচৰ সন্দৰ্ভত হাজৰিকাই কয়,"মানহানি গোচৰ তৰা হয় যদি কোনো ব্যক্তিৰ সন্মানত হানি হৈছে, তাৰ বাবে তেওঁলোকে প্ৰমাণ কৰিব লাগিব যে তেওঁলোক সমাজত সন্মান প্ৰতিষ্ঠ ব্যক্তি । এই সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ পত্নীৰ বিৰুদ্ধে দুৰ্নীতি কৰি সম্পত্তি গঢ়াৰ বহুত অভিযোগ আছে । বিজেপি দলে তেওঁৰ বিৰুদ্ধে দুৰ্নীতিৰ অভিযোগ কৰিছিল, যেতিয়া তেওঁ কংগ্ৰেছ দলৰ মন্ত্ৰী আছিলে আৰু এতিয়া বৰ্তমান সময়ত ৰাহুল গান্ধীয়ে তেওঁক ভাৰতবৰ্ষৰ আটাইতকৈ বেছি দুৰ্নীতিগ্ৰস্ত মুখ্যমন্ত্ৰী বুলি অভিযোগ কৰে ।"

এই গোচৰৰ প্ৰত্যাহ্বান জনাই জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকাই কয়,"ইতিমধ্যে সংবাদ আৰু সামাজিক মাধ্যমত যেতিয়া এই অভিযোগসমূহ বহু চৰ্চিত আৰু প্ৰচাৰিত, তেওঁলোকে এনে পৰিস্থিতিত সাক্ষী দি প্ৰমাণ কৰিব লাগিব যে তেওঁলোকৰ এই অভিযোগসমূহ থকা স্বত্বেও সমাজত সন্মান আছে আৰু তেওঁলোক জেৰাৰো সন্মুখীন হ'ব লাগিব ।"

লগতে পঢ়ক: চলিত বৰ্ষত ছেমি ফাইনেল: '২৬ৰ ফাইনেলৰ বাবে অগ্নিপৰীক্ষাৰ সময় শাসক-বিৰোধীৰ - ASSAM POLITICS

গুৱাহাটীৰ পদপথৰ ব্যৱসায়ীৰ বাবে ডাঙৰ খবৰ ! - GUWAHATI VENDING ZONE