ETV Bharat / state

এজনী গাইগৰুৰে দুগ্ধ উৎপাদন আৰম্ভ কৰা যুৱকে মাহিলি উপাৰ্জন কৰিছে লাখ টকা

পঢ়া শুনাত ভাল নাছিল বাবে সৰুৰে পৰাই নিজে কিবা এটা কৰাৰ মন মেলিছিল এজন যুৱকে । আজি তেওঁ হৈছে সকলোৰে আদৰ্শ ।

SELF RELIANT YOUTH OF DHUBRI
দুগ্ধ উৎপাদনৰে স্বাৱলম্বী বদিউত জামাল (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : August 9, 2025 at 5:51 PM IST

3 Min Read
Choose ETV Bharat

ধুবুৰী: যুৱকজন পঢ়া শুনাত বৰ ভাল নাছিল । সেইবাবে তেওঁ পঢ়াত অধিক সময় ব্য়য় কৰাৰ পৰিৱৰ্তে সৰুৰে পৰাই স্বাৱলম্বিতাৰ পথৰ সন্ধান কৰে । ভাবি-চিন্তি যুৱকজনে দুগ্ধ উৎপাদনকে বাচি ল'লে স্বাৱলম্বিতাৰ পথ হিচাপে ৷ বৰ্তমান অঞ্চলটোৰ সকলোৰে আদৰ্শস্বৰূপ হৈ পৰিছে এই যুৱকজন ৷ প্ৰথমে তেওঁৰ আছিল এজনী গাইগৰু । এতিয়া হৈছেগৈ সাতজনী গাইগৰু ।

আনৰ অধীনত কাম কৰাৰ পৰিৱৰ্তে নিজেই কিবা কাম কৰিবলৈ মন মেলা যুৱকজনে উন্নত প্ৰজাতিৰ গৰুৰে প্ৰথমে স্বাৱলম্বিতাৰ বাবে যি পথত খোজ পেলাইছিল এতিয়া আৰু উভতি চাবলগীয়া হোৱা নাই । এতিয়া মাহে তেওঁ উপাৰ্জন কৰে লাখ টকাৰ অধিক । গৰুৰ ফাৰ্মেৰে মাহে লাখ টকা উপাৰ্জন কৰিছে ধুবুৰীৰ যুৱকজনে । ধৈৰ্যৰ ফল যে মিঠা তাৰ জ্বলন্ত উদাহৰণ এই যুৱকজন হৈছে ধুবুৰীৰ মাটিয়াবগৰ বদিউত জামাল ।

দুগ্ধ উৎপাদনৰে স্বাৱলম্বী বদিউত জামাল (ETV Bharat Assam)

ত্ৰিশ হাজাৰ টকা হাতত লৈ বদিউত জামালে সপোন দেখিছিল সফলতাৰ । বৰ্তমান মাহে উপাৰ্জন লাখ টকা । আজিৰ পৰা ১৫ বছৰ পূৰ্বে নিজৰ ওপৰত ভৰসা ৰাখি আৰম্ভ কৰিছিল গৰুৰ ফাৰ্ম । সেই সময়ত হাতত থকা ত্ৰিশ হাজাৰ টকাৰে কিনিছিল এজনী গাইগৰু । এতিয়া সৰু-ডাঙৰ মিলি ফাৰ্মখনত আছে ২০ জনী গাইগৰু । এই সন্দৰ্ভত বদিউত জামালে কয়, "মই সৰুৰে পৰা পঢ়াশুনাত ভাল নাছিলো । সেয়েহে তেতিয়াৰে পৰাই মই সফল হোৱাৰ বাটৰ সন্ধান কৰিছিলো । নিজে নিজে চিন্তা ভাৱনা কৰিছিলো যে কোনটো কাম কৰিলে মই স্থায়ীভাৱে সফল হ'ব পাৰিম । তাৰ পিছতেই সিদ্ধান্ত লও গৰুৰ ফাৰ্ম কৰিম ।"

তেওঁ পুনৰ কয়, "প্ৰথমে এটা ক্ৰছ গাইৰে আৰম্ভ কৰিছিলো এই যাত্ৰা । বৰ্তমান ফাৰ্মত আছে সৰু-ডাঙৰ মিলি ২০জনী গাইগৰু । কোনোধৰণৰ ঔষধ ব্যৱহাৰ নকৰি প্ৰাকৃতিকভাৱে লালন-পালন কৰিছো গাইবোৰক । সেইবাবে বেমাৰ আজাৰ কম হয় ।"

তেনেকৈ লাহে লাহে আগবাঢ়ি আহিছে যুৱকজনে । বৰ্তমান স্বাৱলম্বী হোৱা এই যুৱকজনে মাহত উপাৰ্জন কৰে এক লাখতকৈ অধিক টকা । এডভাণ্টেজ অসম ০২ৰ কাৰ্যসূচীত নিমন্ত্ৰণ পাইছিল বদিউত জামালে । ধুবুৰী জিলাৰ আয়ুক্তই ইতিমধ্য়ে ভ্ৰমণ কৰিছে তেওঁৰ ফাৰ্মখন । এডভাণ্টেজ অসম ০২ৰ দ্বাৰা তেওঁৰ প্ৰকল্প অধিক আগবাঢ়ি যাব বুলি আশাবাদী ।

ইপিনে, কোনোধৰণৰ চৰকাৰী সা-সুবিধা নোহোৱাকৈ আজিৰ দিনত স্বাৱলম্বী হোৱা যুৱকজনে উল্লেখ কৰে যে চৰকাৰী সা-সুবিধা পালে তেওঁ আৰু অধিক আগবাঢ়ি যাব পাৰিলেহেঁতেন । তেওঁ আগন্তুক দিনত আন দহজন যুৱকক সহায় কৰিব পাৰিব বুলি আশা ব্যক্ত কৰে । ইয়াৰ মাজতেই তেওঁ অভিযোগ উত্থাপন কৰে যে পশু চিকিৎসালয়ত চৰকাৰে বিভিন্ন সময়ত ভিন্ন সা-সুবিধা, খাদ্য বস্তু দি থাকে যদিও কোনোধৰণৰ খাদ্য বস্তু ফাৰ্মক নিদিয়ে । চিকিৎসকসকলে নিজেই সেইবোৰ হজম কৰে বুলি উল্লেখ কৰি তেওঁ ইয়াৰ বিৰুদ্ধে ধুবুৰী জিলা আয়ুক্তক তদন্ত কৰাবলৈ আহ্বান জনায় ।

লগতে পঢ়ক:নিতৌ ১২০ লিটাৰ গাখীৰ বিক্ৰী কৰি হ'ল মহালাখপতি বাইদেউ - SELF RELIANT WOMAN

চোতালতেই খাল খান্দি বছৰি উপাৰ্জন লাখ লাখ টকা - SELF RELIANT BY FISH FARMING