ঘৰতে কিদৰে গঢ়িব পাৰি স্বাৱলম্বিতাৰ জখলা - Self Reliant Cultivator
Successful farmers in Assam: "মন কৰিলেই চন, বাকৰিৰ মাটিতে ধন" আপ্তবাক্যশাৰীক বাস্তৱ ক্ষেত্ৰত প্ৰতিফলিত কৰিছে এগৰাকী কৃষকে । কি নাই কৃষকগৰাকীৰ কৃষি পামত ? ব্যতিক্ৰমী প্ৰচেষ্টাৰে স্বাৱলম্বিতাৰ নিদৰ্শন দাঙি ধৰা কোন এইগৰাকী কৃষক ? জানিবলৈ চাওক এই প্ৰতিবেদন ।

Published : August 31, 2024 at 10:37 PM IST
তিনিচুকীয়া,৩১ আগষ্ট: নিবনুৱা সমস্যাই গ্ৰাস কৰিছে অসমৰ যুৱক-যুৱতীক । কৰ্ম-সংস্থাপন বিচাৰি ঢাপলি মেলিছে বহিঃৰাজ্যলৈ । কিন্তু তাৰ মাজতো একাংশই বুলিছে স্বাৱলম্বিতাৰ বাট । তিনিচুকীয়াৰ বৰুৱাহোলাৰ ৰন্তু চেতিয়া । ৰন্তুৱে দাঙি ধৰিছে স্বাৱলম্বিতাৰ নিদৰ্শন । নিজা প্ৰচেষ্টাৰে তিনিচুকীয়া জিলাৰ পানীতোলা বৰুৱাহোলা ধৰিয়াগাঁৱৰ ৰন্তু চেতিয়াই পুখুৰীত মৎস্য উৎপাদনৰ সমান্তৰালভাৱে কৰি আহিছে হাঁহ, কুকুৰা, গাহৰী পালন । ৰন্তুৱে প্ৰথমে দেউতাকে খন্দা এটা পুখুৰীত আৰম্ভ কৰিছিল মৎস্য পালন । দেউতাকৰ পুখুৰীটোত মৎস্য পালন কৰি লাভাম্বিত হোৱাত পুনৰ আৰম্ভ কৰিলে ধাননি পথাৰত ধান খেতিৰ লগতে মৎস্য পালন ।
তেনেদৰেই মৎস্যপালন আৰম্ভ কৰা ৰন্তু চেতিয়াই এতিয়া বিগত ১০ বছৰৰ পৰা মুঠ ৮ বিঘাকৈ মাটিত পাঁচটাকৈ পুখুৰী খান্দি মৎস্যপালন কৰি দাঙি ধৰিছে স্বাৱলম্বিতাৰ এক উৎকৃষ্ট নিদৰ্শন । সকলো মাছ যদি একেলগে পুখুৰীৰ পৰা উলিয়াই বিক্ৰী কৰে তেন্তে মুঠ প্ৰায় ৬-৭ লাখ টকা লাভ কৰিবলৈ সক্ষম হ’ব বুলি জানিবলৈ দিয়ে চেতিয়াই । ইফালে ক'ভিডে সৃষ্টি কৰা বিভীষিকাৰ সময়তো যথেষ্ট পৰিমাণে তিনিচুকীয়া জিলাৰ লগতে কাষৰীয়া অঞ্চলতো মাছৰ যোগান ধৰিবলৈ সক্ষম হৈছিল ।
ৰন্তু চেতিয়াই শেহতীয়াকৈ পাঁচটাকৈ পুখুৰীত ৰৌ, বাহু, চিতল, চেনিপুঠি, ভাঙোন আদি বিভিন্ন প্ৰজাতিৰ মাছ পালন কৰাৰ লগতে দুটাকৈ বায়'ফ্লক পদ্ধতিৰে কাৱৈ মাছো পালন কৰি আহিছে । মৎস্য পালনৰ সমান্তৰালভাৱে ৰন্তু চেতিয়াই পুখুৰীৰ পাৰতে গঁৰাল বনাই পালন কৰি আহিছে গাহৰি । চেতিয়াই পালন কৰা গাহৰি মাংস হিচাপে বিক্ৰী কৰাৰ লগতে বিক্ৰী কৰি আহিছে পোৱালিও । বৰ্তমান পোৱালিসহ ৩০ টাতকৈ অধিক গাহৰি আছে চেতিয়াৰ ।
চেতিয়াই প্ৰস্তুত কৰিছে মিঠাতেল । মিঠাতেলৰ নাম দিছে 'মৈত্ৰী' । মাছ, গাহৰিৰ লগতে জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সৰিয়হ ক্ৰয় কৰি আনি চেতিয়াই নিজে প্ৰস্তুত কৰি আহিছে খাটি সৰিয়হৰ তেল । নিজৰ ঘৰতে মিঠাতেল প্ৰস্তুত কৰিবৰ বাবে প্ৰয়োজনীয় সকলো সঁজুলি যোগাৰ কৰি খাটি সৰিয়হৰ মিঠাতেল প্ৰস্তুত কৰি বজাৰত বিক্ৰী কৰি আহিছে চেতিয়াই ।
এক লিটাৰ মৈত্ৰীৰ দাম ২০০ টকা । ইফালে সৰিয়হৰ পৰা মিঠাতেল বজাৰত বিক্ৰী কৰাৰ লগতে খলিহৈখিনি মাছৰ খাদ্য হিচাপে বিক্ৰী কৰে আৰু নিজৰ ঘৰৰ মাছকো খাদ্য হিচাপে দি আহিছে । একপ্ৰকাৰে ক’বলৈ গ’লে ৰন্তু চেতিয়াৰ বাসগৃহত পাব আপুনি সকলো ।
সকলোৱে যদি এনেদৰে নিজৰ ভৰিত নিজে থিয় দিবলৈ চেষ্টা কৰে আৰু বিভাগীয় কৰ্তৃপক্ষই যদি সহায়ৰ হাত আগবঢ়াই তেন্তে অসমত নিবনুৱা সমস্যাই বহুদূৰ সফল হোৱাৰ লগতে বাহিৰৰ পৰা আমদানি কৰা মাছৰ ওপৰত নিৰ্ভৰ নকৰিলেও হ’ব । ৰন্তু চেতিয়াই দেখুৱাইছে এই আদৰ্শ ।

