ETV Bharat / state

সমুখত পঞ্চায়ত নিৰ্বাচন; শোণিতপুৰত জাৰি ১৬৩ ধাৰা - SECTION 163 IMPOSED IN SONITPUR

২ আৰু ৭ মে'ত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচনৰ ভোটদান । সেয়ে আইন-শৃংখলা বজাই ৰখাৰ স্বাৰ্থত শোণিতপুৰত জাৰি কৰা হৈছে ১৬৩ ধাৰা ৷

Section 163 imposed in Sonitpur district due to assam panchayat election 2025
শোণিতপুৰত জাৰি ১৬৩ ধাৰা (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 18, 2025 at 10:14 AM IST

3 Min Read

তেজপুৰ : বিহুৰ পিছতেই ৰাজ্যত অনুষ্ঠিত হ'ব পঞ্চায়ত নিৰ্বাচন ৷ উজনি অসম বৰাক উপত্যকাত ২ মে'ত আৰু নামনি অসমত ৭ মে'ত পঞ্চায়ত নিৰ্বাচনৰ ভোটদান অনুষ্ঠিত হ'ব । অহা ১১ মে'ত অনুষ্ঠিত হ'ব নিৰ্বাচনৰ ভোট গণনা ।

সমাগত পঞ্চায়ত নিৰ্বাচন, ২০২৫ সুকলমে অনুষ্ঠিত কৰাৰ লগতে শান্তি-শৃংখলা, সাম্প্ৰদায়িক সম্প্ৰীতি বজাই ৰখাৰ স্বাৰ্থত আৰু বৰ্তমান সমগ্ৰ জিলাখনত আৰ্হি আচৰণ বিধি (এমচিচি) বলবৎ হৈ থকাৰ পৰিপ্ৰেক্ষিত্বত শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশ অংকুৰ ভৰালীয়ে সমগ্ৰ শোণিতপুৰ জিলাত বিএনএছএছ, ২০২৩ৰ ধাৰা ১৬৩ৰ অধীনত এলানি নিষেধাজ্ঞামূলক আদেশ তাৎক্ষণিকভাৱে বলবৎ হোৱাকৈ জাৰি কৰিছে ৷ পৰৱৰ্তী আদেশ নিদিয়ালৈকে শোণিতপুৰত এই নিষেধাজ্ঞা কাৰ্যকৰী হৈ থাকিব বুলি জাননীখনত উল্লেখ কৰা আছে ।

এই নিষেধাজ্ঞা অনুসৰি, পূৰ্বৰ লিখিত অনুমতি অবিহনে ৰাজহুৱা স্থানত পাঁচ (৫) বা তাতকৈ অধিক লোকক একত্ৰিত হোৱাটো কঠোৰভাৱে নিষিদ্ধ কৰা হৈছে । জিলা প্ৰশাসনৰ পূৰ্বৰ অনুমতি অবিহনে শোভাযাত্ৰা, সমাৱেশ বা প্ৰতিবাদ অনুষ্ঠিত কৰিব নোৱাৰিব ।

Section 163 imposed in Sonitpur district due to assam panchayat election 2025
শোণিতপুৰত জাৰি ১৬৩ ধাৰা (ETV Bharat)

সাম্প্ৰদায়িক অসংগতিৰ সৃষ্টি কৰিব পৰা বা জনশান্তি বিঘ্নিত কৰিব পৰা শ্লোগান, প্লেকাৰ্ড বা ভাষণ ব্যৱহাৰ কৰাটো কঠোৰভাৱে নিষেধাজ্ঞা জাৰি কৰা হৈছে । এই সময়ছোৱাত ৰাজহুৱা স্থানত অস্ত্ৰ, লাঠি বা যিকোনো আক্ৰমণাত্মক অস্ত্ৰ কঢ়িয়াই নিয়াতো নিষেধাজ্ঞা আৰোপ কৰিছে জিলা প্ৰশাসনে ।

লগতে বৈধ অনুমতি অবিহনে লাউডস্পীকাৰৰ ব্যৱহাৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে । ৰাজহুৱা অশান্তিৰ সৃষ্টি কৰিব পৰা ছ’চিয়েল মিডিয়াৰ প'ষ্ট নিৰীক্ষণ কৰা হ’ব; ভুল তথ্য আৰু উচতনিমূলক বাৰ্তা প্ৰচাৰ কৰাটো প্ৰজোয্য আইনৰ অধীনত আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব বুলি শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশে জাৰি কৰা জাননীত উল্লেখ আছে ।

উল্লেখ্য যে, এই আদেশ আইন প্ৰযোজ্য আৰু কৰ্তব্যৰত চৰকাৰী বিষয়া, জৰুৰীকালীন সেৱা (এম্বুলেন্স, অগ্নিনিৰ্বাপক বাহিনী আদি), চৌহদৰ ভিতৰত পূৰ্ব অনুমতি সাপেক্ষে অনুষ্ঠিত কৰা বিহু কাৰ্যসূচীকে ধৰি ধৰ্মীয়/সাংস্কৃতিক অনুষ্ঠানৰ ক্ষেত্ৰত প্ৰযোজ্য নহ’ব । এই আদেশ উলংঘা কৰা যিকোনো ব্যক্তিয়ে বিএনএছএছ, ২০২৩ৰ ধাৰা ২২৩ আৰু আইনৰ অন্যান্য প্ৰাসংগিক বিধানৰ অধীনত বিচাৰৰ বাবে দায়বদ্ধ হ’ব । ৫ এপ্ৰিল, ২০২৫ তাৰিখে জাৰি কৰা এই অধিসূচনাত আৰু উল্লেখ কৰা হৈছে যে এই আদেশ ষাঠি (৬০) দিনৰ বাবে বলবৎ থাকিব ।

উল্লেখ্য যে, অসম ৰাজ্যিক নিৰ্বাচনী বিভাগে উল্লেখ কৰা মতে, পঞ্চায়ত নিৰ্বাচন ২ মে'ত তিনিচুকীয়া, ডিব্ৰুগড়, চৰাইদেউ, শিৱসাগৰ, মাজুলী, যোৰহাট, গোলাঘাট, ধেমাজি, লখিমপুৰ, শোণিতপুৰ, বিশ্বনাথ, কাছাৰ , হাইলাকান্দি, শ্ৰীভূমিত প্ৰথম পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব । আকৌ ৭ মে'ত ধুবুৰী, দক্ষিণ শালমাৰা, মানকাছাৰ, গোৱালপাৰা, বঙাইগাঁও, বৰপেটা, বজালি, নলবাৰী, কামৰূপ, কামৰূপ মহানগৰ, হোজাই, নগাঁও, মৰিগাঁও, দৰং জিলাত দ্বিতীয় পৰ্যায়ত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব ।

লগতে পঢ়ক : প্ৰথমে জলপান তাৰ পিছত ভোটদান: পঞ্চায়ত নিৰ্বাচনৰ দিন ঘোষণা

লগতে পঢ়ক : পঞ্চায়ত নিৰ্বাচন সন্দৰ্ভত ৰাজ্যিক নিৰ্বাচন আয়োগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.