নগাঁৱৰ জেঙনিত বাঘৰ আতংক, ন্যায় সংহিতাৰ 163 ধাৰা জাৰি - TIGER SCARE IN NAGAON
Section 163 imposed in Nagaon : বানৰ মাজতে এটা প্ৰকাণ্ড ঢেকীয়াপতীয়া বাঘে আতংকৰ সৃষ্টি কৰা নগাঁৱৰ জেঙনি অঞ্চলত ভাৰতীয় ন্যায় সংহিতাৰ 163 ধাৰা জাৰি জিলা দণ্ডাধীশৰ । 163 ধাৰাৰ অধীনত জাৰি কৰা হৈছে কেতবোৰ নিষেধাজ্ঞা । বাঘে বিচৰণ কৰা এলেকাত কি কি নিষেধাজ্ঞা জাৰি কৰিছে জিলা দণ্ডাধীশে, জানিবলৈ চাওক এই প্ৰতিবেদন ৷

Published : July 4, 2024 at 7:58 AM IST
নগাঁও, 4 জুলাই: বাৰিষাৰ বানৰ কবলত পৰা লাওখোৱা অভয়াৰণ্যৰ পৰা ওলাই অহা এটা ঢেকীয়াপতীয়া বাঘে বুধবাৰে পুৱাৰে পৰা আতংকময় পৰিৱেশৰ সৃষ্টি কৰিছে নগাঁৱত ৷ বানৰ তাণ্ডৱ অব্যাহত থকাৰ মাজতে বাঘৰ মুক্ত বিচৰণক লৈ আতংকিত হৈ পৰিছে নগাঁৱৰ উত্তৰাঞ্চলৰ বাসিন্দাসকল ৷
নগাঁও বন্যপ্ৰাণী সংমণ্ডলৰ নগাঁও ৰেঞ্জৰ অন্তৰ্গত জেঙনি অঞ্চলৰ(ধিং ৰাজহ চক্ৰ) জনবসতি প্ৰধান এলেকাত এটি বাঘ বিচৰণ কৰি থকাৰ পৰিপ্ৰেক্ষিতত জনসাধাৰণৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি নগাঁও জিলা দণ্ডাধীশ নৰেন্দ্ৰ কুমাৰ শ্বাহে(আইএএছ) ভাৰতীয় ন্যায় সংহিতাৰ ১৬৩(১) ধাৰাৰ অধীনত জাৰি কৰিছে কেতবোৰ নিষেধাজ্ঞা ৷
এই নিষেধাজ্ঞা অনুসৰি উক্ত এলেকাত পাঁচজন বা তাতকৈ অধিক ব্যক্তিৰ সমাৱেশ নিষিদ্ধ কৰা হৈছে ৷ কোনো লোকে আগ্নেয়াস্ত্ৰ, অন্যান্য মাৰাত্মক অস্ত্ৰ, ধনুকাঁড় কঢ়িয়াই নিয়াটোও কৰা হৈছে নিষিদ্ধ ৷ বাঘটো বিচৰণ কৰি থকা স্থানত কোনোধৰণৰ চিঞৰ-বাখৰ বা উচ্চ প্ৰাবল্যৰ শব্দ কৰা বা আন কোনোধৰণে শান্তি-শৃংখলা ভংগ কৰাৰ ক্ষেত্ৰতো নিষেধাজ্ঞা জাৰি কৰা হৈছে ৷
তদুপৰি যিকোনো ব্যক্তিৰ দ্বাৰা পৰিৱেশ আৰু বন বিভাগৰ বিষয়াসকলক অসুবিধা সৃষ্টি কৰা কাৰ্য, প্ৰতিৰোধ প্ৰদান কৰা কাৰ্য নিষিদ্ধ কৰা হৈছে যাতে উক্ত বিষয়াসকলে বাঘটোক আঁতৰাই পঠিওৱাৰ ক্ষেত্ৰত তেওঁলোকৰ দায়িত্ব সূচাৰুৰূপে পালন কৰিব পাৰে ৷
উল্লেখযোগ্য যে, বুধবাৰে পুৱাৰ পৰা মুক্ত বিচৰণ কৰি থকা বাঘটোক ট্ৰেংকুলাইজ কৰি অভয়াৰণ্যত মুকলি কৰি দিবলৈ বন বিভাগে বুধবাৰে পুৱাৰে পৰা চেষ্টা অব্যাহত ৰাখিছে যদিও বৰ্তমান সময়লৈকে ট্ৰেংকুলাইজ কৰিব পৰা নাই বাঘটোক ৷ সাধাৰণ ৰাইজে ইয়াৰ বিৰুদ্ধে গৈ কোনো কাৰ্য কৰিলে সেয়া শাস্তিৰ যোগ্য বুলি বিবেচিত হ’ব ৷
লগতে পঢ়ক: এফালে বান-আনফালে বাঘ : নগাঁৱত বাঘৰ আক্ৰমণত আহত দুজন - Tiger scare in Nagaon

