শোণিতপুৰত লোকসভা নিৰ্বাচন উপলক্ষে ১৪৪ ধাৰা জাৰি - Lok Sabha Election 2024
Section 144 imposed: ১৯ এপ্ৰিলত দেশৰ আন ৰাজ্যৰ লগতে অসমৰো ৫ টা সমষ্টিত অনুষ্ঠিত হ'ব লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ । শোণিতপুৰত নিৰ্বাচনৰ প্ৰাক্ ক্ষণত ১৪৪ ধাৰা জাৰি ।

Published : April 18, 2024 at 7:20 AM IST
তেজপুৰ, ১৮ এপ্ৰিল: ভাৰতৰ নিৰ্বাচন আয়োগে আগবঢ়োৱা নিৰ্দেশনাৰ প্ৰতি লক্ষ্য ৰাখি আৰু লোকসভাৰ সাধাৰণ নিৰ্বাচন শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ স্বাৰ্থত শোণিতপুৰ জিলাৰ জিলা দণ্ডাধীশ দেৱ কুমাৰ মিশ্ৰই ভাৰতীয় কাৰ্যবিধি আইনৰ ১৪৪ ধাৰাৰ অধীনত তৎকালীনভাৱে বলৱৎ হোৱাকৈ এলানি নিষেধাজ্ঞা জাৰি কৰিছে ।
সেই অনুসৰি ১৭ এপ্ৰিল তাৰিখে বিয়লি ০৫.০০ বজাৰ পৰা ভোট গ্ৰহণ সমাপ্ত হোৱালৈকে এই ৪৮ ঘণ্টাৰ ভিতৰত যিকোনো ৰাজহুৱা স্থানত পাঁচজন বা তাতোধিক লোকৰ সমাৱেশ আৰু ৰাজহুৱা সভা অনুষ্ঠিত কৰাত নিষেধাজ্ঞা আৰোপ কৰা হৈছে ।

ইয়াৰোপৰি শোণিতপুৰ সংসদীয় সমষ্টিটোত প্ৰচাৰৰ বাবে অহা আন সংসদীয় সমষ্টিৰ ৰাজনৈতিক কাৰ্যকৰী কৰ্মী, দলীয় কৰ্মী, প্ৰচাৰ কৰ্মীৰ উপস্থিতি বাৰণ কৰাৰ লগতে উদ্দাত্ত বা সাম্প্ৰদায়িক বা বৰ্ণবাদী ভাষণ, শ্লোগান, বেনাৰ, পোষ্টাৰ, দেৱাল লিখন আদিৰ জৰিয়তে নিৰ্বাচকক প্ৰলোভিত কৰা বা ভয় দেখুৱাব পৰা কাৰ্য নিষিদ্ধ কৰিছে ।
ভোটৰ বাবে প্ৰচাৰ কৰা বা নিৰ্বাচনৰ দিনটোত ৰাজনৈতিক দলৰ নাম, প্ৰতীক, শ্লোগান আদি থকা টুপী, চাদৰ আদিৰ দৰে পৰিধান যোগ্য বস্ত্ৰকে ধৰি নিৰ্বাচনৰ লগত জড়িত যিকোনো জাননী বা চিন প্ৰদৰ্শন কৰিব নোৱাৰিব । লগতে ভোটগ্ৰহণ কেন্দ্ৰৰ ২০০ মিটাৰ ব্যাসাৰ্ধৰ এলেকাত কোনো ভোটাৰে ব্যক্তিগত বাহন প্ৰবেশ কৰিব নোৱাৰিব ।
কোনো ব্যক্তিয়ে ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত বা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ১০০ মিটাৰ দূৰত্বৰ কোনো ৰাজহুৱা বা ব্যক্তিগত স্থানত নিৰ্বাচনৰ দিনটোত ভোটৰ বাবে প্ৰচাৰ কৰা, প্ৰচাৰ সম্পৰ্কীয় পোষ্টাৰ বা বেনাৰ প্ৰদৰ্শন কৰা, কোনো নিৰ্বাচকক কোনো বিশেষ প্ৰাৰ্থীক ভোট নিদিবলৈ প্ৰভাৱিত কৰা কাৰ্য, যিকোনো নিৰ্বাচকক নিৰ্বাচনত ভোট নিদিবলৈ প্ৰভাৱিত কৰা কাৰ্য কৰিব নোৱাৰিব ।
ভোটগ্ৰহণৰ দিনা ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ১০০ মিটাৰ দূৰত্বত উচ্চ স্বৰত লাউডস্পীকাৰ ব্যৱহাৰ কৰা, নিৰ্বাচনৰ দিনা চিঞৰ-বাখৰ বা অন্য কোনো ধৰণৰ বিশৃংখলভাৱে কাম কৰা আৰু ভোটগ্ৰহণ সমাপ্ত হোৱালৈকে ৪৮ ঘন্টাৰ ভিতৰত লাউডস্পীকাৰৰ ব্যৱহাৰ কৰাত নিষেধাজ্ঞা আৰোপ কৰিছে । কিন্তু ইয়াৰ দ্বাৰা ঘৰে ঘৰে কৰা প্ৰচাৰৰ ক্ষেত্ৰত এই ৪৮ ঘণ্টাৰ সময়ছোৱাত ঘৰে ঘৰে যোৱাত বাধা আৰোপ কৰা নাই ।
এই আদেশ বুধবাৰে ১৭ এপ্ৰিল, ২০২৪ তাৰিখৰ বিয়লি ৫:০০ বজাৰ পৰা ২০ এপ্ৰিল, ২০২৪ ৰ মাজনিশালৈকে কাৰ্যকৰী হ’ব আৰু কোনো লোকে এই আদেশ উলংঘা কৰিলে ভাৰতীয় দণ্ডবিধি আইনৰ ১৮৮ ধাৰাৰ অধীনত শাস্তি প্ৰদান কৰা হ'ব ।

