ETV Bharat / state

গৌৰৱ গগৈৰ সমৰ্থনত পোষ্ট দি চকী হেৰুৱালে ক্ৰীড়া সংগঠকে - FACEBOOK POST

আমি আশাবাদী ২০২৬ত আপোনাক অসমৰ ৰাইজে মুখ্য়মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিব । এই বাক্যই বিপদ মাতিলে ৷

Secretary of Silchar District Sports Organization has been suspended
শিলচৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদক (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : June 9, 2025 at 3:51 PM IST

3 Min Read

শিলচৰ: অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈক সমৰ্থন কৰি বিপদত পৰিল এগৰাকী ক্ৰীড়া সংগঠক । এইগৰাকী ক্ৰীড়া সংগঠকে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই গৌৰৱ গগৈৰ সমৰ্থনত সামাজিক মাধ্য়ম ফেচবুকত কৰিছিল এটা বিশেষ পোষ্ট । এই পোষ্টটোৰ পিছতেই তেওঁৰ বিৰুদ্ধে সৰৱ হৈ একাংশ বিষয়ববীয়াই তেওঁক বহিষ্কাৰৰ দাবী জনায় ।

প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈক সমৰ্থন কৰি বিপদত পৰা ক্ৰীড়া সংগঠকগৰাকী হৈছে অতনু ভট্টাচাৰ্য । শিলচৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক অতনু ভট্টাচাৰ্যই কেইদিনমান পূৰ্বে ফেচবুকত কৰিছিল এই মন্তব্য় । শিলচৰ জিলা ক্ৰীড়া সন্থাৰ সংবিধানবিৰোধী কাৰ্য কৰাৰ অভিযোগত সন্থাৰ সাধাৰণ সম্পাদক পদৰ পৰা নিলম্বিত কৰা হৈছে অতনু ভট্টাচাৰ্যক । এই কথা সদৰী কৰিছে শিলচৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি শিৱব্ৰত দত্তই ।

শিলচৰ জিলা ক্ৰীড়া সন্থাৰ সম্পাদকক নিলম্বন (ETV Bharat Assam)

কি আছিল এই পোষ্টটোত ?

গৌৰৱ গগৈক প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি নিৰ্বাচিত হোৱাৰ পিছতেই শিলচৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক অতনু ভট্টাচাৰ্যই ফেচবুকত লিখিছিল, "অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ নৱ-নিৰ্বাচিত সভাপতি, মাননীয় গৌৰৱ গগৈক অভিনন্দন । আমি আশাবাদী ২০২৬ত আপোনাক অসমৰ ৰাইজে মুখ্য়মন্ত্ৰীৰ দায়িত্ব অৰ্পণ কৰিব ।"

তেওঁৰ এনে পোষ্টৰ পাছত জাঙুৰ খাই উঠে সন্থাৰ একাংশ সদস্য । ইপিনে, শিলচৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদকক নিলম্বন কৰাত সন্থাৰ এনে সিদ্ধান্তৰ বিৰুদ্ধে অতনু ভট্টাচাৰ্যই আইনৰ দ্বাৰস্থ হৈছে ।

নিলম্বনৰ কাৰণ কি ?

শিলচৰ জিলা ক্ৰীড়া সন্থাৰ সভাপতি শিৱব্ৰত দত্তই এই প্ৰসংগত কয়, "কেইদিনমান পূৰ্বে শিলচৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক অতনু ভট্টাচাৰ্যই ফেচবুকত অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱাৰ পিছতেই গৌৰৱ গগৈক অভিনন্দন জনাই আগন্তুক সময়ত তেওঁক অসমৰ মুখ্য়মন্ত্ৰী হিচাপে বিচাৰে বুলি পোষ্ট কৰিছিল । শিলচৰ জিলা ক্ৰীড়া সন্থাৰ সাধাৰণ সম্পাদক হিচাপে তেওঁ এই পোষ্টটো কৰিছিল । শিলচৰ জিলা ক্ৰীড়া সন্থা এটা অৰাজনৈতিক সংগঠন হোৱা বাবে বহুতেই এই পোষ্টটোৰ আপত্তি দৰ্শায় । অৱশ্য়ে তেওঁ পিছদিনাই এই পোষ্টটো ডিলিট কৰি ভুলবশতঃ কৰিছিল বুলি মন্তব্য় কৰে । তেওঁ ক্ষমাও বিচাৰিছিল । ইয়াৰ পিছতো ২০ গৰাকী জিলা ক্ৰীড়া সন্থাৰ বিষয়ববীয়াই মোৰ ওচৰত লিখিত অভিযোগ দাখিল কৰে । তেওঁলোকে কেৱল অভিযোগ কৰাই নহয়, সাধাৰণ সম্পাদকৰ অধীনত কাম কৰিবলৈও অস্বীকাৰ কৰে । ইয়াৰ পিছতেই পৰিচালনা সমিতিৰ সভাত হোৱা আলোচনা মৰ্মে তেওঁক নিলম্বন কৰা হয় ।"

লগতে পঢ়ক:যুঁজৰ বাবে প্ৰদেশ কংগ্ৰছক নতুন ৰূপ দিয়াত তৎপৰ গৌৰৱ গগৈ : ৭৮ গৰাকীক পৰ্যবেক্ষকৰূপে নিযুক্তি - APCC OBSERVERS APPOINTED

পুত্ৰই লাভ কৰিছে ৰাজ্যসভাৰ পৰা প্ৰাৰ্থিত্ব; উৎফুল্লিত প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী - ASSAM BJP CANDIDATE FOR RS POLLS

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.