শেষকৃত্যৰ পূৰ্বে সম্পন্ন জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা; অন্তিম যাত্ৰাত অসমৰ প্ৰাণৰ শিল্পীগৰাকী
ৰাইজৰ বিপুল দাবীত আৰু পৰিয়ালৰ সন্মতিমৰ্মে সম্পন্ন হ’ল জুবিন গাৰ্গৰ দ্বিতীয়টো মৰণোত্তৰ পৰীক্ষা । জিমএচিএইছৰ পৰা মৃতদেহ নিয়া হৈছে শেষকৃত্যৰ বাবে ৷

Published : September 23, 2025 at 7:47 AM IST
|Updated : September 23, 2025 at 9:53 AM IST
গুৱাহাটী : ছিংগাপুৰত ৰহস্যজনক পৰিস্থিতিত মৃত্যু হোৱাক লৈ ৰাইজে বিচাৰিছিল পুনৰ কৰা হওক জুবিন গাৰ্গৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা ৷ এই দাবীৰ প্ৰতি সন্মান জনাই আজি দ্বিতীয়বাৰৰ বাবে শিল্পী জুবিন গাৰ্গৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন হয় গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত । ছিংগাপুৰত মৃত্যু হোৱা ঘটনা অধিক ৰহস্যঘন হৈ পৰাৰ পিচতেই বিভিন্ন ব্য়ক্তি তথা অনুষ্ঠানে শিল্পী জুবিন গাৰ্গৰ অসমতো মৰণোত্তৰ পৰীক্ষা কৰাৰ দাবী উত্থাপন কৰিছিল । মৰণোত্তৰ পৰীক্ষা সম্পন্ন হোৱাৰ পাছত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰক আকৌ সৰুসজাই ষ্টেডিয়ামলৈ নি তাৰ পৰা লৈ যোৱা হৈছে সোণাপুৰলৈ ৷ আৰম্ভ হৈছে অসমৰ প্ৰাণৰ শিল্পীগৰাকীৰ শেষ যাত্ৰা ৷ ৰাজপথৰ দুয়োকাষে অগণন গুণমুগ্ধই ওলাই আহি শেষ শ্ৰদ্ধা জ্ঞাপন কৰিছে তেওঁলোকৰ প্ৰিয় শিল্পীজনাক ৷
সৰুসজাইৰ পৰা সোণাপুৰৰ কমাৰকুছি গাঁৱৰ নিৰ্ধাৰিত স্থানত সম্পন্ন কৰা হ’ব অসমৰ হিয়াৰ আমঠুগৰাকীৰ অন্ত্যেষ্টিক্ৰিয়া ৷ ইতিমধ্যেই সোণাপুৰত প্ৰশাসনৰ তৰফৰ পৰা সকলো প্ৰস্তুতি সম্পূৰ্ণ কৰি তোলা হৈছে ৷ সাজু কৰা হৈছে ৰঙা চন্দন কাঠ ৷ সাজু হৈছে পুৰোহিতো ৷ থিৰাং হৈছে কোনে কৰিব মুখাগ্নি ৷ এতিয়া মাত্ৰ কেইঘণ্টামানৰ এক যাত্ৰা, য’ত লোকাৰণ্য হৈ পৰা সদৃশ পৰিস্থিতি ৷ তাৰ পাছতেই চিৰনিদ্ৰাত ঢলি পৰিব অসমৰ সু-সন্তান ৷
সোমবাৰে সন্ধিয়াই মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই এক গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল যে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত মৰণোত্তৰ পৰীক্ষাৰ পিছত শিল্পীগৰাকীৰ শেষকৃত্য সোণাপুৰত সম্পন্ন কৰা হ’ব । দ্বিতীয়বাৰৰ বাবে মৰণোত্তৰ পৰীক্ষাৰ পিছত সালসলনিও কৰা হৈছে জুবিনৰ সৎকাৰৰ সময়সূচী ।
ইয়াৰ পাছত মঙলবাৰে নতুনকৈ আৰু এবাৰ মৰণোত্তৰ পৰীক্ষা কৰা হয় হাৰ্টথ্ৰৱ জুবিন গাৰ্গৰ । পুৱতি নিশা ৩.১০ বজাত সৰুসজাই ষ্টেডিয়ামৰ পৰা গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে নিয়া হয় জুবিন গাৰ্গৰ নশ্বৰদেহ । মৰণোত্তৰ পৰীক্ষাত গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ চিকিৎসকৰ লগতে উপস্থিত থাকে AIIMSৰ চিকিৎসকো ।
সূৰ্যোদয়ৰ লগে লগে অৰ্থাৎ পুৱা প্ৰায় ৫.১৫ বজাত আৰম্ভ হয় মৰণোত্তৰ পৰীক্ষা । পুৱা ৭.৩০ বজাত মৰণোত্তৰ পৰীক্ষাৰ বাবে অনাৰ কথা আছিল যদিও এই সিদ্ধান্ত সলনি কৰি নিৰ্ধাৰিত সময়ৰ পূৰ্বেই অৰ্থাৎ মাজনিশাই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ অনা হয় জুবিন গাৰ্গৰ নশ্বৰ দেহ।
আনহাতে সোমবাৰে মাজনিশা সৰুসজাইত উপস্থিত হৈ অন্তিমবাৰৰ বাবে জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই । মুখ্যমন্ত্ৰীৰ সৈতে উপস্থিত থাকে কেন্দ্ৰীয় পবিত্ৰ মাৰ্ঘেৰিটা, মন্ত্ৰী বিমল বড়াৰ লগতে আৰক্ষী সঞ্চালকপ্ৰধান হৰমীত সিং আৰু গুৱাহাটী মহানগৰ আয়ুক্ত পাৰ্থসাৰথি মহন্ত । মুখ্যমন্ত্ৰীৰ শ্ৰদ্ধাঞ্জলিৰ পিছতেই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ মৰণোত্তৰ পৰীক্ষাৰ বাবে পুষ্পৰথত নিয়া হয় জুবিন গাৰ্গৰ নশ্বৰ দেহ।
উল্লেখ্য যে, শিল্পী গৰাকীৰ মৃত্যুৰ পাছতে উত্থাপন হৈছিল বহু প্ৰশ্নৰ । দেওবাৰে ছিংগাৰপুৰত সম্পন্ন হোৱা প্ৰথমে মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন প্ৰকাশ পোৱাৰ পাছতে সৃষ্টি হৈছিল বহু প্ৰশ্নৰ । সামাজিক মাধ্যমত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক জুবিনৰ পুনৰ মৰণোত্তৰ পৰীক্ষাৰ অনুৰোধৰ জনাইছিল বহুজনে । ইয়াৰ পাছতে পত্নী গৰিমা শইকীয়া গাৰ্গৰ লগতে পৰিয়ালৰ সন্মতি সাপেক্ষে ৰাজ্য চৰকাৰে গ্ৰহণ কৰে এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত ।

