ETV Bharat / state

লাড়ু-পিঠাৰ সৈতে বিনিময় কৰিবলৈ টোপোলা বান্ধি মামা-মামীয়ে আনিছে কচু-জালুক

মামা-মামীসকলে আজি ভৈয়ামৰ লোকৰ সৈতে পিঠা-পনাৰ বিনিময় কৰিব ৷ বৃহস্পতিবাৰৰ পৰা অনুষ্ঠিত হৈছে ঐতিহাসিক গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা ১৮ জানুৱাৰীত অন্ত পৰিব ৷

HISTORIC JONBEEL MELA 2025
ঐতিহাসিক জোনবিল মেলা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : January 17, 2025 at 7:56 AM IST

|

Updated : January 17, 2025 at 9:49 AM IST

3 Min Read
Choose ETV Bharat

মৰিগাঁও : জোনবিল মেলা; ই হৈছে অসমৰ এক ঐতিহাসিক উৎসৱ । যাৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি থাকে অসমবাসীয়ে । জোনবিল মেলাৰ আছে এক পৌৰাণিক ইতিহাস । মৰিগাঁও জিলাৰ মধ্যৱৰ্তী জাগীৰোডৰ পৰা তিনি কিলোমিটাৰ দূৰত্বত থকা এখন বিল জোনবিলৰ পাৰত অনুষ্ঠিত হয় এই জোনবিল মেলা ।

জোনবিল মেলাৰ আৰম্ভণি কেতিয়াৰ পৰা আৰম্ভ কৰিছিল, তাৰ ইতিবৃত্তি সঠিকভাৱে নাই যদিও তাহানিৰ গোভাৰাজ্য প্ৰতিষ্ঠা হোৱা দিনৰে পৰা এই মেলা প্ৰচলিত হোৱা বুলি গৱেষকসকলে মত পোষণ কৰিছে ।

ঐতিহাসিক জোনবিল মেলা (ETV Bharat Assam)

জনশ্ৰুতি অনুসৰি, গোভা ৰাজ্যৰ প্ৰতিষ্ঠাপক গোভা ৰজাই এদিন ৰাণীৰ সৈতে নৌকা বিহাৰ কৰি ঘূৰি ফুৰোতে এখন বিলৰ কাষ পাইছিল আৰু নিশাৰ বিলৰ ফটফটীয়া পানীত জোনৰ পোহৰ পৰি উজ্জ্বলি উঠিছিল । তাকে দেখি ৰজা ৰাণীৰ মন আনন্দত উৎফুল্লিত হৈ পৰিছিল আৰু তেতিয়া ৰজাই ৰাণীক কৈছিল ‘‘এইখন জোনটোৰ দৰে বিল’’ । তেতিয়াৰ পৰাই এই বিলখনৰ নাম জোনবিল হোৱা বুলি জনবিশ্বাস ।

Jonbeel Mela in Assam
ঐতিহাসিক জোনবিল মেলা (ETV Bharat Assam)

এই বিলৰ পাৰত মেলাখন অনুষ্ঠিত হোৱাৰ বাবেই এই মেলাৰ নাম জোনবিল মেলা । মাঘ বিহুৰ প্ৰথম সপ্তাহত অনুষ্ঠিত হয় ঐতিহাসিক জোনবিল মেলা । এই মেলাৰ প্ৰধান তাৎপৰ্য হৈছে পাহাৰত বসবাস কৰা জনজাতীয় তিৱা লোকসকলে তাত উৎপাদিত আলু , কচু আদি সামগ্ৰী ভৈয়ামত বসবাস কৰা তিৱা তথা অন্যান্য জনগোষ্ঠীয় লোকসকলে তৈয়াৰ কৰা পিঠা, সান্দহ, মাছ আদিৰ সৈতে বিনিময় কৰে । অৰ্থাৎ এই দিনটোত কিছু ঘণ্টাৰ বাবে অচল হৈ পৰে মুদ্ৰা । য’ত চলে কেৱল বিনিময় । ভৈয়ামৰ পৰা লৈ যোৱা পিঠা, সান্দহ, মাছ আদিৰে পাহাৰৰ লোকসকলে জোনবিলৰ পৰা গৈ পাহাৰত বিহু উদযাপন কৰে ।

Jonbeel Mela in Assam
জোনবিল মেলা (ETV Bharat Assam)

সময়ৰ পাত লুটিয়াই পুনৰ উজলি উঠিল জাগীৰোডৰ ঐতিহাসিক জোনবিলৰ পাৰ । বৃহস্পতিবাৰৰ পৰা আৰম্ভ হ’ল ঐতিহাসিক গোভা দেওৰজাৰ জোনবিল মেলা । পাহাৰ ভৈয়ামৰ সম্প্ৰীতিৰ মিলন ভূমি জোনবিল লৈ আহিল পাহাৰৰ মামা-মামীসকল ।

Jonbeel Mela in Assam
তিৱা নৃত্য (ETV Bharat Assam)

১৬ জানুৱাৰীৰ পৰা আৰম্ভ হোৱা গোভা দেওৰজাৰ পৰম্পৰাগত জোনবিল মেলা ১৮ জানুৱাৰীত অন্ত পৰিব ৷ এইবেলি কাৰ্বিআংলং আৰু মেঘালয়ৰ প্ৰায় ৮০ খন গাঁৱৰ ৰাইজে মেলালৈ বিনিময়ৰ বাবে আহি ইতিমধ্যে উপস্থিত হৈছে জোনবিলৰ বাকৰিত ।

Jonbeel Mela in Assam
জোনবিল মেলাৰ বজাৰ (ETV Bharat Assam)

ইতিমধ্যে পাহাৰৰ পৰা নামি আহিছে মামা-মামীসকল । আগমন ঘটিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোক । জোনবিল মেলাৰ প্ৰথম দিনৰ কাৰ্যসূচীত উপস্থিত হয় মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা । এই জোনবিল মেলাই তিৱা জাতিৰ সাতামপুৰুষীয়া সমন্বয় একটা আৰু আৰু এটা অতি অৰ্থ নৈতিক ব্যৱস্থা প্ৰতিনিধিত্ব কৰে । জোনবিল মেলা উন্নয়নৰ বাবে অসম চৰকাৰে বিভিন্ন ব্যৱস্থা গ্ৰহণ কৰিছে ।

মৰিগাঁৱত অনুষ্ঠিত হোৱা কেবিনেটে জোনবিল মেলা প্ৰসাৰৰ বাবে ৫ কোটি টকা অনুমোদন কৰে । ২২ গৰাকীকৈ তিৱা ৰজাক ৰাজভট্টা প্ৰদান কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । পাহাৰৰ মেতমৰা সম্ভাৰ লৈ মামা-মামীসকলে আজি ভৈয়ামৰ লোকৰ পিঠা-পনাৰ সৈতে কৰিব বিনিময় । ইতিমধ্যে পাহাৰৰ পৰা নামি অহা লোকসকল জোনবিলৰ বাকৰিত উপস্থিত হৈ উৎফুল্লিত হৈ পৰিছে ।

লগতে পঢ়ক : ৰঙে-ৰূপে তিৰবিৰালে ৰংঘৰৰ ৰূপহী পথাৰত ৰংপুৰ মেলা

লগতে পঢ়ক : মহাকুম্ভ মেলাত প্ৰতিষ্ঠা হ'ল নামঘৰ: প্ৰদৰ্শন হ'ব ভাওনা-সত্ৰীয়া সংস্কৃতি

Last Updated : January 17, 2025 at 9:49 AM IST