গন্ধকচু, নীলকণ্ঠ বিচাৰি পাহাৰ বগাই চলাথ এদল লোকৰ; কিন্তু কিয় ?
লক্ষ্মণৰ প্ৰাণ বচাবলৈ সঞ্জীৱনী গুটিৰ বাবে সমগ্ৰ পাহাৰখনকে দাঙি আনিছিল হনুমানে । এইবাৰ অসম-অৰুণাচল সীমান্তৰ পাহাৰ বগাই চলাথ কৰিছে একাংশ লোকে ৷

Published : March 8, 2025 at 2:31 PM IST
ধেমাজি : ৰামায়ণত বৰ্ণিত কাহিনী মতে ৰাম-ৰাৱণৰ যুদ্ধত অচেতন হৈ পৰা লক্ষ্মণৰ প্ৰাণ বচাবৰ বাবে হনুমানে সঞ্জীৱনী গুটি বিচাৰি সমগ্ৰ সঞ্জীৱনী পাহাৰখনকে দাঙি আনিছিল । অনুৰূপভাৱে সঞ্জীৱনী গুটি বিচাৰি এতিয়া অসম-অৰুণাচল পাহাৰ বগাই চলাথ কৰিছে একাংশ লোকে ৷
আধুনিক বিজ্ঞান-প্ৰযুক্তিৰ সমাহাৰেৰে উচ্চ মানসম্পন্ন জেনেৰিক ঔষধ চিকিৎসা বিজ্ঞানত ভৰপূৰ হৈ থকাৰ পিছতো কিয় পুৰুষ-মহিলা এইসকল লোকে পাহাৰ বগাই বিচাৰি ফুৰিছে ৰামায়ণৰ হনুমানৰ দৰে সঞ্জীৱনী গুটি ?
কিয় সঞ্জীৱনী হিচাপে প্ৰয়োজন হৈ পৰিছে লোক ঔষধ
নৰ্থ-ইষ্টাৰ্ণ ইনষ্টিটিউট অব আয়ুৰ্বেদ এণ্ড ফ’ক মেডিচিন ৰিছাৰ্চ (এন ই আই এ এফ এম আৰ), পাচিঘাট, অৰুণাচল প্ৰদেশৰ উদ্যোগত আৰু অসম লোক ঔষধি চিকিৎসকৰ সেৱা আশ্ৰমৰ সহযোগত ধেমাজিত অনুষ্ঠিত হয় এক বিশেষ কৰ্মশালা । অসমৰ পৰম্পৰাগত চিকিৎসকৰ নৃতাত্ত্বিক চিকিৎসা পদ্ধতি আৰু সামৰ্থ্য বিকাশ আৰু সজাগতামূলক আৰু পৰম্পৰাগত লোক ঔষধ সংৰক্ষণৰ ওপৰত এই দুদিনীয়া কৰ্মশালা ধেমাজিৰ তেলিজানৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয় ।
উক্ত অনুষ্ঠান শুভাৰম্ভ কৰে নৰ্থ-ইষ্টাৰ্ণ ইনষ্টিটিউট অব আয়ুৰ্বেদ এণ্ড ফ’ক মেডিচিন ৰিছাৰ্চৰ (NEIAFMR) উদ্ভিদ বিজ্ঞানী ডঃ অমল বাউৰী, আয়ুৰ্বেদ চিকিৎসক ডঃ ইমলিকুম্বআ আৰু নৰ্থ-ইষ্টাৰ্ণ ইনষ্টিটিউট অব আয়ুৰ্বেদ এণ্ড ফ'ক মেডিচিন ৰিছাৰ্চ, পাচিঘাটৰ নিৰ্দেশক ডঃ ৰবীন্দ্ৰ টেৰণে । আনহাতে, কেন্দ্ৰীয় কৃষি বিশ্ববিদ্যালয়, পাচিঘাটৰ সহকাৰী অধ্যাপক ডঃ ডিস্কো সিঙে সমল ব্যক্তি হিচাপে অংশগ্ৰহণ কৰে ।

অসমৰ বিভিন্ন জিলাৰ পৰা অহা প্ৰায় ৫০ গৰাকী পৰম্পৰাগত চিকিৎসকে এই কৰ্মশালাত অংশগ্ৰহণ কৰে । পৰম্পৰাগত লোক ঔষধি চিকিৎসা সেৱা আৰু পৰম্পৰাগত ঔষধসমূহ সংৰক্ষণ আৰু সংবৰ্ধনৰ ক্ষেতত অধিক গুৰুত্ব প্ৰদান কৰি পৰম্পৰাগত চিকিৎসকসকলক আহ্বান জনায় আৰু সেই উদ্দেশ্যেই NEIAFMR-এ এই বিষয়ত অধিক গুৰুত্ব আৰোপ কৰিব বুলি আস্থা প্ৰকাশ কৰে ।
অসম-অৰুণাচল সীমান্ত পাহাৰ বগাই বগাই বন ঔষধি গছৰ সন্ধান আৰু পৰ্যবেক্ষণ
কৰ্মশালাৰ দ্বিতীয়দিনা সকলোৱে ক্ষেত্ৰ পৰিদৰ্শনৰ হেতু অসম-অৰুণাচল সীমান্তৰ পাহাৰৰ সুবাহী বালিচৰি নদীৰ পাৰত ৰায়বাবা মন্দিৰ চৌহদৰ পাহাৰৰ ওপৰত প্ৰায় 25 বিধ পৰম্পৰাগত ঔষধি গছৰ ওপৰত পৰ্যবেক্ষণ কৰি চিনাক্তকৰণ আৰু নথিভুক্ত কৰা হয় । অসম লোক ঔষধি চিকিৎসা সেৱা আশ্ৰমৰ উদ্যোগত অসমৰ প্ৰতিখন জিলত পৰম্পৰাগত চিকিৎসকসকলক একেলগ কৰি বনৌষধি সংৰক্ষণ-সংবৰ্ধনৰ কৰা আৰু ব্যৱসায়িক ভিত্তিত বনৌষধিৰ কৃষিৰ যোগেদি অৰ্থনৈতিক বিকাশৰ ক্ষেত্ৰত আগুৱাই যোৱাৰ লগতে হাৰ্বেল গাৰ্ডেন স্থাপন কৰাৰ ক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰা হয় ।

এইক্ষেত্ৰত লোক ঔষধি চিকিৎসক ডাক্তৰ দেৱকান্ত কোচে কয়, “ধেমাজিৰ তেলিজানৰ ৰায়বাবা সেৱা আশ্ৰমত দুদিনীয়াকৈ কৰ্মশালা চলি আছে । দ্বিতীয়দিনা বালিচৰি নদীৰ পাৰত ৰায়বাবা মন্দিৰৰ চৌহদত যিমানবোৰ বনৌষধি গছ আছে সেইবোৰ পৰ্যবেক্ষণ কৰিবৰ বাবে আমি আহিলোঁ ৷ লগতে আহিছে কেইবাগৰাকীও চিকিৎসক আৰু বিজ্ঞানী ৷ সকলোৱে যিসমূহ গছ চিনি পায় সেইবোৰ চিনাক্ত কৰিছে ৷ মাজুলী, যোৰহাট, ডিব্ৰুগড়, চৰাইদেউ, লখিমপুৰ, ধেমাজি জিলাৰ কবিৰাজসকলে আহি ইয়াত অংশ লয় ৷"
লগতে North Eastern Institute of Ayrubeda & Folk Medicine Research-ৰ পাচিঘাটৰ উদ্ভিদ বিজ্ঞানী ডঃ অমল বাউৰীয়ে কয়, “পৰম্পৰাগতভাৱে তেওঁলোকে যি চিকিৎসা কৰে সেইটো আমি ডকুমেণ্ট কৰা কাৰণে আহিছিলোঁ ৷ সেই কাৰ্যসূচীৰে এটা অংশ হিচাপে আমি ফিল্ড ভিজিট লৈছিলোঁ ৷ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চল ঔষধি গছেৰে ভৰপূৰ । এই ঠাইত আহি আমি ভাল পাইছোঁ । বহুখিনি ঔষধি গছ আছে । এই ঠাইডোখৰ সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে গুৰুত্ব দিব লাগিব ৷ গন্ধকচু, নীলকণ্ঠ আদি বিভিন্ন প্ৰজাতিৰ ঔষধি গছ ইয়াত আছে ।"

সাম্প্ৰতিক সময়ত জেনেৰিক ঔষধৰ ব্যয়বহুলতা আৰু কুফলৰ সময়ত পৰম্পৰাগত ঔষধৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ মানুহৰ পৰম বন্ধু ঔষধি গুণসম্পন্ন বিৰল প্ৰজাতিৰ বিভিন্ন গছ-বন সংৰক্ষণ আৰু ইয়াক বিজ্ঞানসন্মতভাৱে নিৰ্ভেজাল ৰূপত ব্যৱহাৰ কৰিলে ভৱিষ্যতে মানৱ জাতিৰ কল্যাণ সাধন হোৱাটো ধুৰূপ ৷

