ETV Bharat / state

সুৰক্ষা সম্পৰ্কীয় বিষয়ক লৈ ছীল হ'ল গুৱাহাটীৰ আভিজাত্য হোটেল - HOTEL LANDMARK

নাই ব্যস্ততা, নাই মানুহৰ হাই-উৰুমি । কালিলৈকে ব্যস্ততাৰে অন্ত নাইকিয়া সেই হোটেলখনত আজি নিস্তব্ধতা ।

Hotel Landmark in Guwahati Sealed
ছীল হ'ল হোটেল লেণ্ডমাৰ্ক (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : April 26, 2025 at 11:15 PM IST

2 Min Read

গুৱাহাটী : নিমাওমাও হ'ল মহানগৰীৰ এখন আভিজাত‌্য হোটেল । এসময়ত চেলিব্ৰিটী, ভি আই পি, ভি ভি আই পিৰে গিজগিজাই থকা এখন হোটেলত এতিয়া নিস্তব্ধ হৈ পৰিছে । কিয়নো গুৱাহাটীৰ মাজমজিয়াত থকা হোটেল লেণ্ডমাৰ্ক ছীল কৰা হ'ল ।

গুৱাহাটী মহানগৰীৰ উলুবাৰীস্থিত এই হোটেলখন দীৰ্ঘদিনে অগ্নি আৰু আপদকালীন সেৱা আইন উলংঘাৰে চলাই থকাৰ অভিযোগত ছীল কৰা হয় । হোটেলখনত জীৱনৰ সুৰক্ষা, প্ৰতিৰোধৰো কোনো ব্যৱস্থা নথকাৰ বাবে অগ্নিনিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই শুকুৰবাৰে নিশা ছীল কৰা হয় হোটেলখন ।

Hotel Landmark in Guwahati Sealed Over Serious Fire Safety Lapses
ছীল হ'ল হোটেল লেণ্ডমাৰ্ক (ETV Bharat)

অগ্নি আৰু আপদকালীন সেৱা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি মহানগৰীৰ বি বৰুৱা পথত থকা লেণ্ডমাৰ্ক হোটেলখনত চলিত বৰ্ষত ১৯ আৰু ২১ মাৰ্চত দুদিন অভিযান চলিছিল ।

এই অভিযানত হোটেলখনত জীৱন নিৰাপত্তা সংক্রান্ত বহু ত্ৰুটি আৰু অৱহেলা ধৰা পৰিছিল । তাৰ ভিত্তিতেই ৫ এপ্ৰিলত হোটেল কৰ্তৃপক্ষক ৭ দিনৰ ভিতৰত সকলো ত্ৰুটি সংশোধনৰ নিৰ্দেশ দিয়া হৈছিল ।

হোটেল কর্তৃপক্ষই অধিক সময় বিচাৰিছিল যদিও, হোটেলখনৰ চলি থকা অৱস্থাত এই ত্ৰুটিসমূহে অতিথি আৰু কৰ্মচাৰীসকলৰ জীৱনত বিপদ আনিব পাৰে । সেয়েহে, শুকুৰবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত হোটেলখন খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

নিৰ্দেশনা পালনত ব্যৰ্থ হ'লে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু হোটেলখনক ছীল কৰি দিয়া হ'ব বুলি জাননীখনত উল্লেখ কৰা হৈছে । ইয়াৰ পিছতেই নিশা ছীল কৰা হয় হোটেলখন । হোটেলখন ছীল কৰাৰ পিছতেই নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ।

লগতে পঢ়ক : দেহত ক'লা-বগা কাপোৰৰ সলনি আজি ৰংমন-ৰাংঢালী হৈ ওলাল গোলাঘাটৰ অধিবক্তা সন্থা

লগতে পঢ়ক : কেনেদৰে চলিছে ৰাজ্যৰ চৰকাৰী শিক্ষা ব্যৱস্থা : ৭১ শতাংশ হ‍াইস্কুলত নাই কম্পিউটাৰ শিক্ষা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.