সুৰক্ষা সম্পৰ্কীয় বিষয়ক লৈ ছীল হ'ল গুৱাহাটীৰ আভিজাত্য হোটেল
নাই ব্যস্ততা, নাই মানুহৰ হাই-উৰুমি । কালিলৈকে ব্যস্ততাৰে অন্ত নাইকিয়া সেই হোটেলখনত আজি নিস্তব্ধতা ।

Published : April 26, 2025 at 11:15 PM IST
গুৱাহাটী : নিমাওমাও হ'ল মহানগৰীৰ এখন আভিজাত্য হোটেল । এসময়ত চেলিব্ৰিটী, ভি আই পি, ভি ভি আই পিৰে গিজগিজাই থকা এখন হোটেলত এতিয়া নিস্তব্ধ হৈ পৰিছে । কিয়নো গুৱাহাটীৰ মাজমজিয়াত থকা হোটেল লেণ্ডমাৰ্ক ছীল কৰা হ'ল ।
গুৱাহাটী মহানগৰীৰ উলুবাৰীস্থিত এই হোটেলখন দীৰ্ঘদিনে অগ্নি আৰু আপদকালীন সেৱা আইন উলংঘাৰে চলাই থকাৰ অভিযোগত ছীল কৰা হয় । হোটেলখনত জীৱনৰ সুৰক্ষা, প্ৰতিৰোধৰো কোনো ব্যৱস্থা নথকাৰ বাবে অগ্নিনিৰ্বাপক বাহিনী আৰু জৰুৰীকালীন সেৱাৰ আৰক্ষীৰ এটা দলে অভিযান চলাই শুকুৰবাৰে নিশা ছীল কৰা হয় হোটেলখন ।

অগ্নি আৰু আপদকালীন সেৱা বিভাগে জাৰি কৰা নিৰ্দেশনা অনুসৰি মহানগৰীৰ বি বৰুৱা পথত থকা লেণ্ডমাৰ্ক হোটেলখনত চলিত বৰ্ষত ১৯ আৰু ২১ মাৰ্চত দুদিন অভিযান চলিছিল ।
এই অভিযানত হোটেলখনত জীৱন নিৰাপত্তা সংক্রান্ত বহু ত্ৰুটি আৰু অৱহেলা ধৰা পৰিছিল । তাৰ ভিত্তিতেই ৫ এপ্ৰিলত হোটেল কৰ্তৃপক্ষক ৭ দিনৰ ভিতৰত সকলো ত্ৰুটি সংশোধনৰ নিৰ্দেশ দিয়া হৈছিল ।

হোটেল কর্তৃপক্ষই অধিক সময় বিচাৰিছিল যদিও, হোটেলখনৰ চলি থকা অৱস্থাত এই ত্ৰুটিসমূহে অতিথি আৰু কৰ্মচাৰীসকলৰ জীৱনত বিপদ আনিব পাৰে । সেয়েহে, শুকুৰবাৰে সন্ধিয়া ৫ বজাৰ ভিতৰত হোটেলখন খালী কৰাৰ নিৰ্দেশ দিয়া হৈছে ।

নিৰ্দেশনা পালনত ব্যৰ্থ হ'লে আইনী ব্যৱস্থা গ্ৰহণ কৰা হ'ব আৰু হোটেলখনক ছীল কৰি দিয়া হ'ব বুলি জাননীখনত উল্লেখ কৰা হৈছে । ইয়াৰ পিছতেই নিশা ছীল কৰা হয় হোটেলখন । হোটেলখন ছীল কৰাৰ পিছতেই নিমাওমাও পৰিৱেশে বিৰাজ কৰিছে ।

