ETV Bharat / state

এয়া ভৰি নহয়, মানুহজনৰ ইতিহাস: জুবিনৰ পদচিহ্ন সংগ্ৰহ কৰা ভাস্কৰ্য শিল্পীৰ মনৰ অনুভৱ

উত্তৰ প্ৰজন্মই স্পৰ্শ সুখ লাভ কৰাৰ উদ্দেশ্য়েই সংগ্ৰহ প্ৰিয় শিল্পীৰ পদচিহ্ন।

footprints of Zubeen Garg
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পদচিহ্ন (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 23, 2025 at 1:16 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী: অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ অনুৰাগী বা উত্তৰ প্ৰজন্মক স্পৰ্শ সুখ লাভ কৰোৱাৰ উদ্দেশ্যে সংৰক্ষণৰ ব্যৱস্থা কৰা হৈছে শিল্পীগৰাকীৰ পদযুগল । ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে বিজ্ঞানসন্মতভাৱে এই পদচিহ্ন সংগ্ৰহ কৰিছে ।

যোৱা ২১ ছেপ্টেম্বৰৰত জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ কাহিলীপাৰাৰ বাসগৃহত উপস্থিত হোৱাৰ পিছত অত্যন্ত ভিৰৰ মাজত যথেষ্ঠ কষ্ট কৰি তেওঁ পদচিহ্ন সংগ্ৰহ কৰিছিল । এই সন্দৰ্ভত ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামীয়ে কয়, "এই ভৰি দুখনতে তেওঁৰ প্ৰতিটো যাত্ৰা, প্ৰতিটো গতি, প্ৰতিটো খোজ লুকাই আছে । শৈশৱৰ পৰা গোটেই জীৱনকালটো তেওঁ এই দুখন ভৰিৰ ওপৰতে নিৰ্ভৰ হৈ থাকিল । এয়া ভৰি নহয়, আচলতে মানুহজনৰ ইতিহাস । গোটেইবোৰ সময়ৰ সাক্ষী এই ভৰি দুখন ।"

অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পদচিহ্ন (ETV Bharat Assam)

ভাস্কৰ্য শিল্পীগৰাকীয়ে আৰু কয়, "তেওঁ আজি কায়িকভাৱে আমাৰ মাজত নাই । আমাৰ ভৱিষ্যৎ প্ৰজন্ম বা অনুৰাগীসকল যিয়ে তেওঁৰ শেষদৰ্শনৰ পৰাও বঞ্চিত হৈছে । মই আশা ৰাখিছো যে এই পদচিহ্নৰ পৰা তেওঁৰ অনুৰাগী বা উত্তৰ প্ৰজন্মই স্পৰ্শ সুখ এটা নিশ্চয় লাভ কৰিব । এই উদ্দেশ্যৰে মই ৰাখিলো ।"

footprints of Zubeen Garg
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পদচিহ্ন (ETV Bharat Assam)
footprints of Zubeen Garg Collector
অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ পদচিহ্ন সংগ্ৰহকাৰী ভাস্কৰ্য শিল্পী দিগন্ত মাধৱ গোস্বামী (ETV Bharat Assam)

লগতে জুবিন গাৰ্গৰ লগত থকা মধুৰ স্মৃতি সুঁৱৰি তেওঁ কয়, "স্মৃতি বহুত আছে । আমাৰ দৰে সৰু সৰু আৰ্টিষ্ট হওক বা শিল্পপ্ৰেমিক হওক তেওঁলোকক সদায় উৎসাহিত কৰি আহিছিল তেওঁ । ময়ো সেই সকলৰে মাজৰ এজন । মই কোনেও চিনি নোপোৱা এজন সাধাৰণ আৰ্টিষ্ট । গতিকে মোৰ প্রতিও তেওঁ ইমান বিশ্বাস কৰি মিছন চাইনাৰ দৰে এটা সপোনৰ প্ৰকল্পত মোক সাঙোৰ খুৱাই লৈছিল । তাৰ পাছত তেওঁৰ অন্য এখন ছবি কাঞ্চনজংঘাৰ বাবেও মোক বহুত গুৰুত্বপূৰ্ণ দায়িত্ব দিছিলে । তেওঁৰ বহুকেইটা প্ৰকল্পত মোক জড়িত হোৱাৰ সুযোগ দিলে । আজি তেওঁ যোৱাৰ পাছতো মোক এটা পৰিচয় দি গল ।" উল্লেখ্য যে ইয়াৰ পূৰ্বেও তেওঁ জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি আৰু ৪৮ বছৰীয়া জন্মদিনত হাতৰ চাপো সংগ্ৰহ কৰি থৈছে ।

লগতে পঢ়ক:জনসমুদ্ৰৰ মাজেৰে জুবিনৰ শেষ যাত্ৰা; কাহিলীপাৰা ঘৰৰ পৰা সৰুসজাইলৈ যাত্ৰা

জুবিনৰ অন্ত্যেষ্টিক্ৰিয়া অনুষ্ঠান কিদৰে হ’ব ? সোণাপুৰত চলিছে অন্তিম শয়নথলীৰ যুদ্ধকালীন প্ৰস্তুতি