ETV Bharat / state

পদূলিয়ে পদূলিয়ে গধূলি ধোঁৱা: ব'হাগ বিহুৰ এক অনন্য পৰম্পৰা - BOHAG BIHU 2025

ব’হাগ বিহুৰ সৈতে সম্পৰ্ক আছে পদূলিত জাগ দিয়া পৰম্পৰা ৷ এই ব'হাগ বিহুৰ সময়ত পদূলিমুখত জাগ দিয়া পৰম্পৰাৰ অন্তৰালত আছে বিশেষ উদ্দেশ্য ।

Bohag Bihu traditions
পদূলিয়ে পদূলিয়ে গধূলি ধোঁৱা; ব'হাগ বিহুৰ এক অনন্য পৰম্পৰা (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : April 15, 2025 at 2:02 PM IST

3 Min Read

ধেমাজি: ৰঙালীৰ ৰঙেৰে মতলীয়া হৈছে ৰাজ্যবাসী । উজনি-নামনি সকলোতে এতিয়া ঢোলৰ গুমগুমনি । টকা, পেঁপা, বাঁহীৰ মাতত বিহুৱতী গাভৰুৱে কঁকাল ভাঙি নাচিছে ৷ চ’ত আৰু ব’হাগৰ সংক্ৰান্তি বা দোমাহীৰ দিনা পালন কৰা হয় গৰুবিহু । ব’হাগ বিহুৰ প্ৰথমদিনাৰে পৰা সাতদিন বা চেৰা বিহুলৈকে বিহুৰ মাতত ৰজনজনাই থাকে গাঁও-চহৰ ৷

অৱশ্যে আজিকালি গাঁৱত মানুহৰ জনবসতি বৃদ্ধিৰ হোৱা লগতে ব্যস্ততাপূৰ্ণ জীৱনশৈলীৰ বাবে তাহানিৰ বিহুৰ মাদকতা ক্ৰমশঃ হেৰাই যোৱাৰ উপক্ৰম হৈছে ৷ গৰুবিহুৰ দিনাৰে পৰা বিহুৰ সৈতে সংপৃক্ত কেতবোৰ পৰম্পৰা আৰু লোকবিশ্বাস জড়িত হৈছে । যিবোৰ বিশ্লেষণ কৰি চালে দেখা যায় যে সকলোবোৰ পৰম্পৰা আৰু লোকবিশ্বাস বিজ্ঞানৰ আধাৰত প্ৰতিষ্ঠিত ৷

পদূলিয়ে পদূলিয়ে গধূলি ধোঁৱা; ব'হাগ বিহুৰ এক অনন্য পৰম্পৰা (ETV Bharat Assam)

গৰুবিহু দিনাৰে পৰা আৰম্ভ হয় বহুবোৰ পৰম্পৰা । ইয়াৰ ভিতৰত পদূলিত আৰু গোহালিত বা পাছফালৰ চোতালত জাগ দিয়া নিয়মো হৈছে অন্যতম ৷ বহু ঠাইত গৰুবিহু, মানুহ বিহু আৰু গোঁসাই বিহুলৈকে পদূলিত জাগ আৰু চাকি দিয়ে ।

লোকবিশ্বাস অনুসৰি, গোহালিলৈ সন্ধিয়া গৰু অহাৰ পূৰ্বেই জাগ দিব লাগে । কাৰণ গৰুৰ গাত লাগি অহা মহ-ডাঁহ আদিক জাগৰ জুই আৰু ধোঁৱাই মুহূৰ্ততে খেদি পঠায় ৷ সকলোৰে পদূলিয়ে পদূলিয়ে ধোঁৱাময় হৈ পৰা পৰিৱেশৰ বাবে স্বাভাৱিকতে গোহালিত থকা মহকেইটাও আতৰে ৷

ইপিনে গৰমৰ লগে লগে মহে কণী পাৰিবলৈ আৰম্ভ কৰা লগতে সিঁহতৰ বংশবৃদ্ধি হয় । সেয়ে এই জাগৰ ধোঁৱাই মহ খেদোৱা বা বংশবৃদ্ধি হ্ৰাস কৰাত অন্যতম ভূমিকা লয় । যাৰ বাবে গৰু-ম'হৰ লগতে গৃহস্থও মহৰ উপদ্ৰৱৰ পৰা ৰক্ষা পৰে ।

Bohag Bihu traditions
পদূলিমুখত এনেদৰে জাগ দিয়া হয় (ETV Bharat Assam)

কেনেদৰে প্ৰস্তুত কৰা হয় জাগ

ধানখেৰ, তুঁহৰ লগত বিহলঙনি, মাখিয়তী আৰু দীঘলতি পাত দি তৈয়াৰ কৰা হয় জাগ ৷ ইয়াৰ পিছত অগ্নিসংযোগ কৰি জুইৰ লগত ধোঁৱা ওলাবলৈ ডলা বা বিচনীৰে লাহে লাহে বা দি সমগ্ৰ পৰিৱেশ ধোঁৱাময় কৰা হয় ৷

এইক্ষেত্ৰত ধেমাজিৰ সচেতন ব্যক্তি বিকাশ বৰুৱাই কয়, “বিহলঙনি, ঢেকীয়া, কচু আদিৰ কেঁচাপাত দিয়া হয় জাগ তৈয়াৰ কৰি ধোঁৱাময় হ’বৰ বাবে । ইয়াৰ উদ্দেশ্য আমি এনেদৰে পাই আহিছোঁ যে যেতিয়া জাগৰ পৰা ধোঁৱময় হয়, ইয়াৰ ফলত আমাৰ ঘৰৰ চাৰিওফালে বিভিন্ন কীট যেনে মহ, ডাঁহ আদি নাশ হোৱাৰ এটা লোকবিশ্বাস আছে ৷ জাগ দিয়াৰ দ্বাৰা গছৰ ন-কুঁহিপাতত মহৰ কণী নাশ কৰে এই ধোঁৱাই ৷"

এনেদৰে গৰুবিহু আৰু মানুহ বিহুৰ দিনাও সন্ধিয়াৰ আগে আগে সকলোৱে পদূলিত ধোঁৱা দিয়া পৰম্পৰা চলি আহিছে ৷

লগতে পঢ়ক :আজি পহিলা ব’হাগ; মানুহ বিহু আৰু ইয়াৰ পৰম্পৰাৰ বিষয়ে জানো আহক... - BOHAG BIHU 2025
লগতে পঢ়ক :সত্ৰীয়া পৰম্পৰাৰে বৰপেটা সত্ৰত বৈহাগৰ দম্হী পালন - BOHAG BIHU 2025

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.