ETV Bharat / state

উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি - Oppressive heat waves

Unbearable heat waves: প্ৰচণ্ড গ্ৰীষ্ম প্ৰবাহৰ ফলত বিপৰ্যস্ত হৈ পৰিছে ৰাজ্যৰ পৰিস্থিতি ৷ ঘৰে-বাহিৰে গৰমে জুৰুলা কৰিছে জনজীৱন ৷ ইয়াৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰিবলৈ বাধ্য হৈছে ৷ চাওক সবিশেষ-

Unbearable heat waves
Representative Image of Heat Wave (ETV Bharat)
author img

By ETV Bharat Assamese Team

Published : September 20, 2024 at 5:40 PM IST

|

Updated : September 20, 2024 at 8:58 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী, ২০ ছেপ্টেম্বৰ: উৎকট গৰমে দহিছে ৰাজ্যবাসীক । বিগত কেইদিন প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহে ব্যাহত কৰি তুলিছে ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্ৰা । এই পৰিৱেশ আৰু কেইদিনমানলৈ থাকিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে । প্ৰখৰ ৰ’দ আৰু উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কেইবাখনো জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰা হৈছে ।

ইফালে কংক্ৰিটৰ গুৱাহাটী মহানগৰীতো উৎকট গৰমে ব্যাহত কৰি তুলিছে স্বাভাৱিক জীৱনযাত্ৰা । এনে অভাৱনীয় গৰমৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষা বিভাগে গুৱাহাটী মহানগৰীৰ বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী সলনি কৰিছে । এই সন্দৰ্ভত শুকুৰবাৰে সৰ্বশিক্ষা অভিযান মিছনৰ কামৰূপ মহানগৰ জিলাৰ জিলা মিছন আহ্বায়ক তথা বিদ্যালয় পৰিদৰ্শকে এখন জাননী জাৰি কৰিছে ।

Unbearable heat waves
উৎকট গৰমৰ বাবে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি (ETV Bharat)

জাননী অনুসৰি গ্ৰীষ্মপ্ৰবাহৰ বাবে পুৱা ৭.৩০ বজাৰ পৰা পাঠদান আৰম্ভ কৰি ১২.৩০ বজাৰলৈকে তথা ১২.৩০ বজাৰ ভিতৰত সমাপ্ত কৰাৰ নিৰ্দেশ দিয়া হৈছে । সকলো চৰকাৰী, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে । ২১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী হ'বলগীয়া নিৰ্দেশনা সকলোকে মানি চলাৰ বাবে জাননী যোগে কোৱা হৈছে ।

কি আছে নিৰ্দেশনাত:

  • বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজাত আৰম্ভ হ'ব আৰু দুপৰীয়া ১২.৩০ বজাত বা তাৰ আগতে শেষ হ'ব লাগিব ।
  • প্ৰতিষ্ঠানসমূহৰ সকলো মুৰব্বীয়ে নিশ্চিত কৰিব লাগিব যাতে পুৱাৰ প্ৰাতঃসভা মুকলি আকাশৰ তলৰ পৰিৱৰ্তে শ্ৰেণী কোঠাৰ ভিতৰতে অনুষ্ঠিত কৰা হয় ।
  • বিদ্যালয়ে নিশ্চিত কৰিব লাগিব যে শিক্ষাৰ্থীসকলে পৰ্যাপ্ত পানী গ্ৰহণ কৰে আৰু বিদ্যালয়ৰ ভিতৰত পৰ্যাপ্ত পৰিমাণে খোৱাপানীৰ যোগান থাকে ।
  • শিক্ষাৰ্থীসকলে ৱেষ্টকোট বা টাই পৰিধান নকৰিলে কোনো অসুবিধা নাই ।
  • বিদ্যালয়সমূহৰ ফেনসমূহ কাৰ্যক্ষম হৈ থাকিব লাগিব । সকলো শ্ৰেণীকোঠাত সঠিকভাৱে বতাহ চলাচলৰ ব্যৱস্থা থাকিব লাগিব ।
  • বিদ্যুৎ কৰ্তনৰ ক্ষেত্ৰত বিকল্প পাৱাৰ বেকআপৰ ব্যৱস্থা নিশ্চিতভাৱে কৰিব লাগিব ।

লগতে পঢ়ক: ৰাজ্যত হ্ৰাস পাইছে বৰষুণৰ মাত্ৰা, অস্বাভাৱিক হাৰত বৃদ্ধি তাপমাত্ৰা - Increase max temperature in Assam

জলবায়ু পৰিৱৰ্তনৰ সৈতে কেনেদৰে মোকাবিলা কৰিব জি-২০ ৰাষ্ট্ৰসমূহে - Fund for Climate

Last Updated : September 20, 2024 at 8:58 PM IST