বৰষুণৰ পিছত এইবাৰ অগ্নি বৰষিছে ! ৰাজ্যৰ কেবাখনো বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি
প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ ফলত বিপৰ্যস্ত হৈ পৰিছে ৰাজ্যৰ শেহতীয়া পৰিস্থিতি ৷ যাৰ পৰিপ্ৰেক্ষিতত চৰকাৰৰ শিক্ষা বিভাগে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰিবলৈ বাধ্য হৈছে ৷

Published : June 10, 2025 at 5:10 PM IST
গুৱাহাটী/তিনিচুকীয়া: বৰষুণসৃষ্ট কৃত্রিম বানপানীৰ পিছত এতিয়া উৎকট গৰমে দহিছে গুৱাহাটী মহানগৰীকে ধৰি ৰাজ্যবাসীক । বিগত কেইদিনমান প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহে ব্যাহত কৰি তুলিছে ৰাজ্যৰ স্বাভাৱিক জীৱনযাত্রা ।
বিশেষকৈ গুৱাহাটী মহানগৰীত বিগত কেইদিনত তাপমান বৃদ্ধি পোৱাৰ ফলত স্বাভাৱিক জীৱনযাত্রা ব্যাহত হৈ পৰিছে । গৰমৰ এই পৰিৱেশ আৰু কেইদিনমানলৈ থাকিব বুলি ইতিমধ্যে বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰিছে । প্ৰখৰ ৰ'দ আৰু উৎকট গৰমৰ প্ৰতি লক্ষ্য ৰাখি শিক্ষামন্ত্রী ডাঃ ৰণোজ পেগুৱে ইতিমধ্যে বতৰ বিজ্ঞান বিভাগে জাৰি কৰা গ্ৰীষ্ম প্ৰবাহৰ সতৰ্কবাণীৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ সকলো জিলা উপায়ুক্তক সজাগ হৈ থাকিবলৈ আৰু স্থানীয় বতৰ অনুসৰি বিদ্যালয়ৰ সময়সূচী সালসলনি কৰাৰ নিৰ্দেশ দিছে ।

সেই নিৰ্দেশৰ পাছতে অসহনীয় গৰমৰ প্ৰতি লক্ষ্য ৰাখি আজি (মঙলবাৰ) শিক্ষা বিভাগে কামৰূপ মহানগৰ জিলাত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰিছে । এই সন্দৰ্ভত আজি সৰ্বশিক্ষা অভিযান মিছনৰ কামৰূপ মহানগৰ জিলাৰ জিলা মিছন আহ্বায়ক তথা বিদ্যালয় পৰিদৰ্শকে এখন জাননী জাৰি কৰিছে ।
চৰকাৰী আৰু বেচৰকাৰী সকলো বিদ্যালয়ৰ বাবে এই জাননী জাৰি কৰা হৈছে । জাননী অনুসৰি গ্ৰীষ্মপ্ৰবাহৰ বাবে এল পি স্কুলৰ ক্ষেত্রত পাঠদান পুৱা ৭.৩০ বজাৰ পৰা ১১.৩০ বজালৈ চলিব । সেইদৰে এম ই স্কুলৰ ক্ষেত্রত পাঠদান ৭.৩০ বজাৰ পৰা আৰম্ভ কৰি ১২ বজালৈ চলিব ।

আনহাতে উচ্চ আৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পাঠদান পুৱা ৭.৩০ বজাৰ পৰা ১২.৩০ বজালৈ চলিব । সকলো চৰকাৰী, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছে । এই নিৰ্দেশনা বুধবাৰৰ পৰা প্ৰযোজ্য হ'ব আৰু ১৬ জনলৈ অব্যাহত থাকিব । সকলোকে এই নিৰ্দেশনা মানি চলাৰ বাবে জাননীযোগে কোৱা হৈছে ।
নিৰ্দেশনাৰ আন কেতবোৰ দিশ :
১. শিক্ষানুষ্ঠানসমূহৰ পুৱাৰ প্ৰাতঃসভা মুকলি আকাশৰ তলৰ পৰিৱৰ্তে শ্ৰেণী কোঠা নাইবা ছাঁ থকা ঠাইত অনুষ্ঠিত কৰিব লাগিব ।
২. বিদ্যালয়ে নিশ্চিত কৰিব লাগিব যে শিক্ষাৰ্থীসকলে যাতে পৰ্যাপ্ত পানী গ্ৰহণ কৰে আৰু বিদ্যালয়ৰ ভিতৰত পৰ্যাপ্ত পৰিমাণে খোৱাপানীৰ যোগান থাকে । পানীখোৱাৰ বাবে তিনি-চাৰিবাৰ বেল মৰাৰ ব্যৱস্থা কৰাৰ বাবে কোৱা হৈছে ।
৩. বিদ্যালয়সমূহৰ ফেনসমূহ কাৰ্যক্ষম হৈ থাকিব লাগিব । সকলো শ্ৰেণীকোঠাত সঠিকভাৱে বতাহ চলাচলৰ ব্যৱস্থা থাকিব লাগিব ।
আনহাতে, বৰ্দ্ধিত গ্ৰীষ্মপ্ৰবাহৰ প্ৰতি লক্ষ্য ৰাখি তিনিচুকীয়া জিলাতো বিদ্যালয়সমূহৰ পাঠদানৰ সময়সূচী কিছু সাল-সলনি কৰা হৈছে । সেই অনুসৰি কাইলৈ ১১ জুনৰ পৰা ১৪ জুনলৈ সকলো বিদ্যালয়ৰ পাঠদানৰ সময় পুৱা ৭.৩০ বজালৈ আগুৱাই অনা হৈছে ।
প্ৰাথমিক বিদ্যালয়ৰ ছুটীৰ সময় দিনৰ ১২ বজাত, মজলীয়া বিদ্যালয়ৰ ছুটীৰ সময় দিনৰ ১২.৩০ বজাত আৰু উচ্চ তথা উচ্চতৰ মাধ্যমিক শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীৰ বাবে ছুটীৰ সময় দিনৰ ১.১৫ বজাত ধাৰ্য কৰা হৈছে ।
বিদ্যালয়ৰ প্ৰাতঃসমাৱেশ মুকলিৰ পৰিৱৰ্তে ছাঁ থকা ঠাইত অনুষ্ঠিত কৰিবলৈকো সকলো বিদ্যালয় প্ৰধানলৈ তিনিচুকীয়া জিলাৰ বিদ্যালয়সমূহৰ পৰিদৰ্শকে নিৰ্দেশনা জাৰি কৰিছে । তদুপৰি বাহিৰা খেল-ধেমালি আদি কাৰ্যসূচী সদ্যহতে অনুষ্ঠিত নকৰিবলৈ কোৱা হৈছে । জিলা আয়ুক্তৰ পৰামৰ্শক্ৰমে বিদ্যালয় পৰিদৰ্শকে সকলো বিদ্যালয়ৰ মুৰব্বীসকললৈ এই নিৰ্দেশাৱলী জাৰি কৰিছে ।

