ETV Bharat / state

শিক্ষা বিভাগৰ জাননী: পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ দৰেই হ'ব পাঠদান - Guwahati Schools Opening Notice

Education department notice: কামৰূপ মহানগৰৰ শিক্ষানুষ্ঠানলৈ গুৰুত্বপূৰ্ণ নিৰ্দেশনা শিক্ষা বিভাগৰ । ১ অক্টোবৰৰ পৰা পূৰ্বৰ স্বাভাৱিক সময়ৰ পৰা হ’ব পাঠদান । উৎকট গৰমৰ বাবে সলনি কৰা হৈছিল পাঠদানৰ সময় । পুৱা ৭:৩০ বজাৰ দুপৰীয়া ১২:৩০ বজালৈ পাঠদানৰ সময়সীমা নিৰ্ধাৰণ কৰা হৈছিল । পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ সময়সূচী অনুসৰি হ'ব পাঠদান ।

School classes will be as per normal schedule from 1st October in Guwahati
শিক্ষা বিভাগৰ জাননী (ETV Bharat Assam)
author img

By ETV Bharat Assamese Team

Published : September 28, 2024 at 9:49 PM IST

2 Min Read
Choose ETV Bharat

গুৱাহাটী,২৮ ছেপ্টেম্বৰ: গুৱাহাটী মহানগৰীত বিদ্যালয়ৰ পাঠদানৰ সময়ক লৈ শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা । পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ দৰে স্বাভাৱিক সময়ৰ পৰা হ'ব পাঠদান । উৎকট গৰমৰ বাবে শিক্ষা বিভাগে পাঠদানৰ সময় সলনি কৰিছিল । গৰমৰ প্ৰকোপ কমাত পুনৰ পূৰ্বৰ সময়ৰ দৰেই পাঠদান চলাই নিয়াৰ নিৰ্দেশ দিছে শিক্ষা বিভাগে । এই সন্দৰ্ভত সৰ্বশিক্ষা অভিযান মিছনৰ কামৰূপ মহানগৰ জিলাৰ মিছন আহ্বায়ক তথা স্কুল পৰিদৰ্শকে জাৰি কৰিছে জাননী ।

জাননী যোগে বিদ্যালয়ৰ পাঠদানৰ সময়সূচী পূৰ্বৰ দৰে চলাই নিয়াৰ নিৰ্দেশ দিয়াৰ লগতে ২০ ছেপ্টেম্বৰত দিয়া জাননী বাতিল কৰিছে । উল্লেখ্য যে প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহৰ বাবে ২০ ছেপ্টেম্বৰত সৰ্বশিক্ষা অভিযান মিছনৰ কামৰূপ মহানগৰ জিলাৰ জিলা মিছন আহ্বায়ক তথা বিদ্যালয় পৰিদৰ্শকে এখন জাননী জাৰি কৰি বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি কৰিছিল ।

School classes will be as per normal schedule from 1st October in Guwahati
পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ দৰেই হ'ব পাঠদান (ETV Bharat Assam)

পুৱা ৭.৩০ বজাৰ পৰা পাঠদান আৰম্ভ কৰি ১২.৩০ বজালৈকে তথা ১২.৩০ বজাৰ ভিতৰত সমাপ্ত কৰাৰ নিৰ্দেশ দিয়া হৈছিল । সকলো চৰকাৰী, ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানলৈ এই নিৰ্দেশনা জাৰি কৰা হৈছিল । সেই নিৰ্দেশনা ২১ ছেপ্টেম্বৰৰ পৰা কাৰ্যকৰী কৰা হৈছিল । কিন্তু তাৰ পাছতো প্ৰচণ্ড গ্ৰীষ্মপ্ৰবাহে স্বাভাৱিক জীৱনযাত্ৰা ব্যাহত কৰি তোলাত ২৪ ছেপ্টেম্বৰৰ পৰা ২৭ ছেপ্টেম্বৰলৈ গুৱাহাটীৰ সকলো বিদ্যালয় বন্ধ ঘোষণা কৰিছিল সৰ্বশিক্ষা অভিযানে ।

ইয়াৰ পিছত গৰমৰ প্ৰকোপ কিছু কমাত পুনৰ ২৫ ছেপ্টেম্বৰৰ পৰা বিদ্যালয় খোলাৰ বাবে জাননী জাৰি কৰে বিভাগীয় কৰ্তৃপক্ষই । ২৪ ছেপ্টেম্বৰত এদিনৰ বাবে কামৰূপ মহানগৰ জিলাৰ বিদ্যালয়সমূহ বন্ধ ৰখা হৈছিল । কিন্তু পাঠদানৰ সময়সূচী ২০ ছেপ্টেম্বৰত জাৰি কৰা জাননী অনুসৰি চলি আছিল । অৱশেষত সেই জাননী বাতিল কৰা হয় । পহিলা অক্টোবৰৰ পৰা পূৰ্বৰ সময়সূচী অনুসৰি বিদ্যালয়ৰ পাঠদান চলিব ।

লগতে পঢ়ক: মঙলবাৰৰ পৰা ৪ দিনৰ বাবে গুৱাহাটীৰ সকলো বিদ্যালয় বন্ধ ঘোষণা - Assam Heat Wave

Heatwave in Assam: গুৱাহাটী মহানগৰীত পুনৰ পুৱা ৭-৩০ বজাৰ পৰা হ’ব বিদ্যালয়ৰ পাঠদান

বুধবাৰৰ পৰা গুৱাহাটীৰ সকলো বিদ্যালয় খোলাৰ নিৰ্দেশ - Guwahati Schools Opening Notice