পোৱাই পায়েই আছে প্ৰধানমন্ত্ৰী আবাস যোজনাৰ গৃহ, বুথ সভাপতিক জবাবদিহি বঞ্চিতৰ
প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাত খোৱাং চেৰেপাখাটিত উত্তপ্ত পৰিস্থিতি । পকী ঘৰ থকাসকলৰ ঘৰতেই জিঅ' টেগ ।

Published : October 4, 2025 at 1:50 PM IST
মৰাণ: প্ৰকৃত হিতাধিকাৰীৰ পৰিৱৰ্তে পকী গৃহ থকা পৰিয়ালে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিৰ সুবিধা লাভ কৰাক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উত্তপ্ত পৰিস্থিতিৰ । চৰকাৰে সকলো আঁচনিৰ হিতাধিকাৰী নিৰ্বাচন দুৰ্নীতিমুক্ত হোৱা বুলি দাবী কৰি অহাৰ সময়তেই প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰাত ৰাইজৰ মাজত ক্ষোভৰ সৃষ্টি হৈছে । এই অনিয়ম খোদ মন্ত্ৰী বিমল বড়াৰ গৃহ সমষ্টিতেই সংঘটিত হৈছে ।
চৰকাৰী আৱাস প্ৰদানত ব্যাপক খেলিমেলিৰ অভিযোগ তুলি মন্ত্ৰী বিমল বড়াৰ সমষ্টি খোৱাং চেৰেপাখাটিত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । উত্তেজিত ৰাইজে ৱাৰ্ড সদস্য় আৰু বুথ সভাপতিক জবাবদিহি কৰি তালিকা নাকচৰ দাবী জনাইছে । উত্থাপিত অভিযোগ অনুসৰি চৰকাৰী আৱাসৰ বাবে কিছুদিন পূৰ্বে জীৱিকা সখী আৰু চেৰেপাখাটি গাঁৱৰ বুথ সভাপতিজনে ঘৰৰ জিঅ' টেগ কৰিছিল । ফটোসমূহ প্ৰায় ভাগ পৰিয়ালৰে লৈছিল যদিও বৰ্তমান চৰকাৰী আবাসৰ বাবে গাঁওখনৰ যিবোৰ পৰিয়াল তালিকাত অন্তৰ্ভুক্ত হ'ল তাতেই খৰ্গহস্ত হৈ পৰে লোকসকল । তালিকাখনত যিবিলাক পৰিয়ালৰ নাম থাকিব লাগে তেওঁলোকৰ নাম তালিকাখনত নথকাৰ অভিযোগ ৰাইজৰ ।
দৰিদ্ৰ কেঁচাঘৰ থকা পৰিয়ালক বঞ্চিত কৰি পকীঘৰ থকা আৰু পূৰ্বে চৰকাৰী গৃহ লাভ কৰা লোকৰ নামহে তালিকাখনত আছে বুলি স্থানীয় লোকসকলে অভিযোগ কৰিছে । যাৰ বাবে ৱাৰ্ড সদস্য়, বুথ সভাপতি আৰু জীৱিকা সখীৰ বিৰুদ্ধে ৰাইজ ক্ষুব্ধ হৈ পৰে । এইখন তালিকা নাকচ কৰি নতুন তালিকা প্ৰস্তুত নকৰা পৰ্যন্ত ৰাইজ ক্ষান্ত নোহোৱাৰ হুংকাৰ দিয়ে ।
পূৰ্বে চৰকাৰী গৃহ লাভ কৰা সকলে পুনৰ লাভ কৰাৰ অভিযোগ:
অঞ্চলটোৰ স্থানীয় যুৱক এজনে এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, "যাৰ পকী গৃহ আছে তেওঁকে ঘৰ দিয়া হৈছে । ৱাৰ্ড সদস্যই ১০ হাজাৰ টকা লৈ পকী ঘৰ থকাসকলক ঘৰ দিয়া বুলি আমি গম পাইছো । চৰকাৰে যি সকলক জিঅ' টেগ কৰিবলৈ দিছিল তেওঁলোকে কেঁচা ঘৰ থকাসকলৰ ঘৰত জিঅ' টেগ নকৰি কেৱল পকী ঘৰ থকা সকলৰ জিঅ' টেগ কৰিছে ।"
এগৰাকী মহিলাই কয়, "এবছৰ বা দুবছৰ পূৰ্বে চৰকাৰী ঘৰ পোৱাসকলে পুনৰ চৰকাৰী গৃহ লাভ কৰিছে । পূৰ্বে চৰকাৰী ঘৰ লাভ কৰা আৰু পকী ঘৰ থকাসকলৰ ঘৰ জিঅ' টেগ কৰি নতুনকৈ ঘৰ দিছে । মন্ত্ৰী বিমল বড়াই কয় পকী ঘৰ থকা সকলে চৰকাৰী ঘৰ লাভ নকৰে, তেতিয়া হ'লে এইসকলক কেনেকৈ দিয়া হ'ল ঘৰ । আমি ইতিমধ্যে চৰকাৰী ঘৰ লাভ কৰা তালিকা দেখিছো । তাত অঞ্চলটোৰ কেঁচা ঘৰ থকা ব্যক্তিৰ নাম নাই ।"

পকী ঘৰ থকাসকলে চৰকাৰী গৃহ লাভ কৰাৰ দাবী ৱাৰ্ড সদস্য়ৰ :
চৰকাৰী গৃহৰ পৰা বঞ্চিত হৈ ৰাইজ ক্ষুব্ধ হোৱাৰ পাছতে খোৱাং চেৰেপাখাটিৰ ৱাৰ্ড মেম্বাৰ গৰাকীয়ে কয়, "যিসকলে চৰকাৰী গৃহ লাভ কৰা নাই তেওঁলোক চৰকাৰী গৃহ লাভ কৰাৰ বাবে যোগ্য । এতিয়া যিসকলৰ তালিকাত নাম আহিছে তেওঁলোকৰ পকী ঘৰ আছে । জীৱিকা সখীয়ে ঘৰ জিঅ' টেগ কৰিছিল । জিঅ' টেগ কৰা সময়ত মই নাছিলো আৰু মোক অৱগত কৰা নাছিল ।"

জীৱিকা সখীলৈ দোষ ঠেলিলে বুথ সভাপতিয়ে:
ক্ষুব্ধ ৰাইজে অঞ্চলটোৰ বুথ সভাপতিগৰাকীক জবাদিহি কৰা পাছতে তেওঁ কয়, "ইয়াত ৰাইজৰ দোখ নাই । মুখ্যমন্ত্ৰীৰ নিৰ্দেশত জীৱিকা সখীয়ে ঘৰ জিঅ' টেগ কৰি ফটো আপলোড কৰিছিল । কাৰ কাৰ ফটো আপলোড কৰিছিল সেই কথা আমি গম পোৱা নাছিলো । এতিয়া পাব লগা মানুহে ঘৰ পোৱা নাই নাপাবলগীয়া মানুহে ঘৰ পাইছে । সেয়ে ৰাইজ উত্তেজিত হৈছে ।"

